বি বৰুৱা কলেজত সদাগৰ ভোলানাথ বৰুৱা মৃত্যু শতবৰ্ষৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সফল সামৰণি

বি বৰুৱা কলেজত সদাগৰ ভোলানাথ বৰুৱা মৃত্যু শতবৰ্ষৰ স্মৃতিচাৰণ অনুষ্ঠানৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  গুৱাহাটীৰ বি বৰুৱা কলেজৰ উদ্যোগত দিন জোৰা কাৰ্যসূচীৰে অসমৰ প্ৰখ্যাত সদাগৰ, দানবীৰ ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষ সফলতাৰে উদযাপন কৰা হয়। উল্লেখ্য যে ১৮৫৩ চনত নগাঁৱৰ পুৰণিগুদামত জন্মগ্ৰহণ কৰা অসমৰ এই বিশিষ্ট ব্যৱসায়ীজনে ১৯২৩ চনত হাওড়াত মৃত্যু বৰণ কৰিছিল। তেওঁৰ নামতেই সম্পৰ্কীয় নাতিয়েক প্ৰয়াত কেশৱকান্ত বৰুৱাই দিয়া দানেৰে ১৯৪৩ চনত গুৱাহাটীৰ বি বৰুৱা কলেজ স্থাপন কৰা হৈছিল। শতবৰ্ষ উপলক্ষে পুৱা বি বৰুৱা কলেজৰ চৌহদত প্ৰদূষণ নিয়ন্ত্ৰণ পৰিষদৰ সহযোগত বৃক্ষৰোপণ কাৰ্যসূচী ৰূপায়ণ কৰা হয়। লগতে বি বৰুৱা কলেজৰ প্ৰাক্তন বিদ্যাৰ্থী সংস্থাৰ উদ্যোগত আৰু গুৱাহাটী মেডিকেল কলেজৰ সহযোগত এটি ৰক্তদান কাৰ্যসূচী দিনজোৰাকৈ অনুষ্ঠিত হয়। পুৱা বেলা অনুষ্ঠিত সদাগৰ ভোলানাথ বৰুৱাৰ প্ৰতিমূৰ্তিত মাল্যাৰ্পণ কাৰ্যসূচীত বি বৰুৱা কলেজৰ অধ্যক্ষ ড. সত্যেন্দ্ৰ নাথ বৰ্মন আৰু ভোলানাথ বৰুৱাৰ আজোনাতি কৃষ্ণকান্ত বৰুৱা আৰু শশীকান্ত বৰুৱা প্ৰমুখ্যে বহুসংখ্যক লোকে অংশ গ্ৰহণ কৰে৷ কলেজৰ অধ্যক্ষৰ সভাপতিত্বত ড° ভূপেন হাজৰিকা প্ৰেক্ষাগৃহত অনুষ্ঠিত স্মৃতিচাৰণ সভাত নিৰ্দিষ্ট বক্তাৰ ভাষণ আগবঢ়ায় কলেজৰ প্ৰাক্তন ছাত্ৰ, বিশিষ্ট সাংবাদিক আৰু বৰ্তমান অসমৰ ৰাজ্যিক তথ্য আয়ুক্ত ড. সমুদ্ৰগুপ্ত কাশ্যপে। তেওঁৰ সুদীৰ্ঘ গৱেষণামূলক তথা সাৰুৱা ভাষণে শ্ৰোতামণ্ডলীক আপ্লুত কৰে। সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপিকা ড° কল্পিতা বুজৰবৰুৱাই আঁত ধৰা অনুষ্ঠানটিত বি বৰুৱা পৰিয়ালৰ জ্যেষ্ঠ সদস্য, কলেজৰ প্ৰাক্তন অধ্যক্ষ, শিক্ষক, তথা পদ্মশ্ৰী অজয় দত্ত প্ৰমুখ্যে গুৱাহাটীৰ একাংশ বিশিষ্ট ব্যক্তি, কলেজৰ শিক্ষক, কৰ্মচাৰী, ছাত্ৰ ছাত্ৰী উপস্থিত থাকে। এই অনুষ্ঠানৰ লগত সংগতি ৰাখি বি বৰুৱা কলেজৰ অধ্যক্ষৰ উদ্যোগত প্ৰকাশ কৰা “ভোলানাথ বৰুৱাৰ জীৱন গাঁথা ( বি বৰুৱা চৰ্চাৰ এটি প্ৰস্তাৱনা)” শীৰ্ষক এখনি পুস্তিকা উন্মোচন কৰে কৃষ্ণকান্ত বৰুৱাই৷ অসমীয়া বিভাগৰ অধ্যাপিকা ড° গীতাশ্ৰী তামুলীয়ে যুগুত কৰা পুস্তিকাখনে অসমত ভোলানাথ বৰুৱা চৰ্চাত এক নতুন মাত্ৰা আনি দিব বুলি আশা কৰা হৈছে। স্মৃতিচাৰণ সভাতেই ভোলানাথ বৰুৱাৰ মৃত্যু শতবৰ্ষৰ লগত ৰজিতা খুৱাই বি বৰুৱা কলেজে আয়োজন কৰা গুৱাহাটী মহানগৰ ভিত্তিক আন্তঃকলেজ ৰচনা প্ৰতিযোগিতাৰ ফলাফলসমূহ ঘোষণা কৰাৰ লগতে পুৰস্কাৰসমূহ বিতৰণ কৰা হয়। ইংৰাজী আৰু অসমীয়া মাধ্যমত অনুষ্ঠিত এই ৰচনা প্ৰতিযোগিতাত পঞ্চাশোধিক প্ৰতিযোগীয়ে অংশ লয়, আৰু তাৰ মাজৰ পৰা বিচাৰকসকলে তিনিজনক বিজয়ী হিচাপে নিৰ্বাচন কৰে।স্মৃতি চাৰণ সভাত বিজয়ী সকলক একোটিকৈ স্মাৰক, প্ৰমাণ পত্ৰ আৰু নগদ ধনেৰে পুৰস্কৃত কৰা হয়। অনুষ্ঠানৰ শেষত কাৰ্যসূচী সমূহৰ সফল ৰূপায়ণৰ বাবে সকলোলৈ শলাগ আগবঢ়ায় ৰসায়ন বিজ্ঞান বিভাগৰ অধ্যাপক তথা স্মৃতিচাৰন অনুষ্ঠানৰ আহ্বায়ক ড. বিজয়শঙ্কৰ গোস্বামীয়ে। সন্ধিয়ালৈ কলেজ চৌহদত ভোলানাথ বৰুৱাৰ স্মৃতিত বন্তি প্ৰজ্জ্বলন কৰা হয়।