বি বৰুৱা কলেজত অসম ভিত্তিত আন্তঃবিশ্ববিদ্যালয়-আন্ত:মহাবিদ্যালয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি

বি বৰুৱা কলেজত অসম ভিত্তিত আন্তঃবিশ্ববিদ্যালয়-আন্ত:মহাবিদ্যালয় ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতাৰ সফল সামৰণি

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ববৰেন্য শিল্পী ভাৰতৰত্ন ড° ভূপেন হাজৰিকাৰ ত্ৰয়োদশ মৃত্যু বাৰ্ষিকীৰ(৫ নৱেম্বৰ ২০২৩)ৰ লগত সংগতি ৰাখি বি বৰুৱা কলেজৰ শিক্ষক গোটৰ উদ্যোগত “সুধাকণ্ঠক সোঁৱৰণ” শীৰ্ষক এখনি ভূপেন্দ্ৰ সংগীত প্ৰতিযোগিতা অনুষ্ঠিত হয়৷ সদৌ অসম ভিত্তিত বিশ্ববিদ্যালয় আৰু মহাবিদ্যালয়ত অধ্যয়নৰত শিক্ষাৰ্থী সকলৰ মাজত আয়োজন কৰা প্ৰতিযোগিতা খন উদ্বোধন কৰে কলেজৰ অধ্যক্ষ ড° সতেন্দ্ৰ নাথ বৰ্মনে৷ প্ৰতিযোগিতা খনৰ আৰম্ভণিতে প্ৰতিযোগিতা খনৰ উদ্দেশ্য তথা তাৎপৰ্য সম্পৰ্কে বক্তব্য আগবঢ়াই বি বৰুৱা কলেজ শিক্ষক গোটৰ সভাপতি ড° বিৰিঞ্চি কুমাৰ কলিতাই৷ প্ৰতিখন অনুষ্ঠানৰ পৰা সৰ্বাধিক দুজন প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰা প্ৰতিযোগিতা খনত সৰ্বমুঠ ৩১ গৰাকী প্ৰতিযোগীয়ে অংশগ্ৰহণ কৰে৷ প্ৰতিযোগিতাখনত বিচাৰকৰ আসন শুৱনী কৰা এগৰাকী বিচাৰক হল ড° ভূপেন হাজৰিকাৰ লগত তবলা সংগত কৰা বিশিষ্ট সংগীত শিল্পী সূৰ্য্য গোস্বামী আৰু আনগৰাকী বিশিষ্ট কন্ঠশিল্পী নমিতা ভট্টাচাৰ্য্য ৷ কটন, নগাঁও, ডাউন টাউন বিশ্ববিদ্যালয়কে প্ৰমুখ্যে অসমৰ বিভিন্ন মহাবিদ্যালয়ৰ শিক্ষাৰ্থী সকলৰ উচ্চমানৰ ভূপেন্দ্ৰ সংগীত পৰিৱেশনৰ অন্তত এন ই এফ আইন মহাবিদ্যালয়ৰ দেৱস্মিতা দত্তই প্ৰথম পুৰস্কাৰ লাভ কৰে৷ দ্বিতীয় পুৰস্কাৰ লাভ কৰে পশ্চিম গুৱাহাটী বানিজ্য মহাবিদ্যালয়ৰ নিৰ্মালি দাসে আৰু তৃতীয় পুৰস্কাৰ লাভ কৰে কটন বিশ্ববিদ্যালয়ৰ দিক্ষিতা কোৱৰে৷ ইয়াৰ উপৰিও বিচাৰকৰ বিশেষ বঁটা লাভ কৰিবলৈ সক্ষম হয় বি বৰুৱা কলেজৰ কুৱলী দাস, ললিত চন্দ্ৰ ভৰালী কলেজৰ অৰিন্দম শৰ্মা আৰু পাণ্ডু কলেজৰ সুৰভী পলে ৷ বি বৰুৱা কলেজৰ প্ৰাক্তন অধ্যক্ষ তথা বৰ্তমান কৃষ্ণগুৰু আধ্যাত্মিক বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড° দীনেশ বৈশ্যৰ উপস্থিতিত অনুস্থিত হোৱা বঁটা বিতৰণী সভাত প্ৰথম পুৰস্কাৰ প্ৰয়াত নিৰ্মলা কটকী সোঁৱৰণী বঁটা নগদ দহ হাজাৰ টকা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ড° ৰিপা কটকীয়ে৷ দ্বিতীয় পুৰস্কাৰ প্ৰয়াত ৰেনু গোস্বামী সোঁৱৰণী বঁটা নগদ সাত হাজাৰ টকা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ড° নিজৰা গোস্বামীয়ে আৰু তৃতীয় পুৰস্কাৰ প্ৰয়াত বীণাপাণি দেৱী সোঁৱৰণী বঁটা নগদ পাচ হাজাৰ টকা, স্মাৰক আৰু মানপত্ৰ প্ৰদান কৰে ড° মানবেন্দ্ৰ শৰ্মাই৷ পুৰস্কাৰ বিতৰণ অনুষ্ঠানটো পৰিচালনা কৰে বি বৰুৱা কলেজ শিক্ষক গোটৰ সাধাৰণ সম্পাদক ড° মৃদুল কুমাৰ বৰঠাকুৰে আৰু শলাগৰ শৰাই আগবঢ়াই প্ৰতিযোগিতা খনৰ আহ্বায়ক ড° বিজয় শংকৰ গোস্বামীয়ে৷