বি টি আৰৰ নিৰ্বাচনত অংশ লব অসম জাতীয় পৰিষদে

বি টি আৰৰ নিৰ্বাচনত অংশ লব অসম জাতীয় পৰিষদে, ৭জনীয়া দলীয় সমিতিক দিলে দায়িত্ব

ৰঙিলী বাৰ্ত্তাসেৱা- বি টি আৰৰ আসন্ন নিৰ্বাচনত প্ৰতিদ্বন্দিতা কৰিব অসম জাতীয় পৰিষদে। দলৰ কেন্দ্ৰীয় সাধাৰণ সম্পাদক জগদীশ ভূঞাই এই বিষয়ে ৰণনীতি প্ৰস্তুত কৰিবলৈ দলৰ কেন্দ্ৰীয় সমিতিৰ ৭গৰাকী নেতাক লৈ এখন কমিটি গঠন কৰি দিয়ে। দলৰ সম্পাদক (সংগঠন) চিত্তৰঞ্জন বসুমতাৰীক আহ্বায়ক হিচাপে লৈ গঠন কৰা উক্ত সমিতিত দলৰ দুই উপসভাপতি ৰমেন্দ্ৰ মল্ল বুজৰ বৰুৱা আৰু মানিক বড়োক উপদেষ্টা হিচাপে ৰখা হৈছে। দলৰ দুই সম্পাদক গিৰীন তালুকদাৰ আৰু জিয়াউৰ ৰহমানৰ লগতে কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ সদস্য মুজিবুদ্দিন আহমেদ, দেৱাশীষ দাস আৰু হেমন্ত হালৈ সমিতিখনৰ সদস্য হিচাপে থাকিব। দলৰ সাধাৰণ সম্পাদক ভূঞাই প্ৰকাশ কৰা এক অধিসূচনাত এইবুলি কোৱা হয় যে উক্ত সমিতিখনে সমাগত বিটিআৰ নিৰ্বাচনৰ পৰিপ্ৰেক্ষিতত যাবতীয় কৌশল নিৰ্ধাৰণ আৰু সামগ্ৰিক ব্যৱস্থাপনাৰে যাৱতীয় কৌশল নিৰ্ধাৰণ কৰিব।