বি চি পি এলে বছৰি ৫০০ কোটি টকা লোকচানৰ সন্মুখীন হৈছেঃ মুখ্যমন্ত্ৰী
ৰঙিলী বাৰ্ত্তাসেৱা- ডিব্ৰুগড়ৰ লেপেটকটাস্থিত ব্রহ্মপুত্র ক্ৰেকাৰ এণ্ড প’লিমাৰ লিমিটেড চমুকৈ বি চি পি এলে বছৰি ৫০০ কোটি টকা লোকচানৰ সন্মুখীন হৈছে। বিগত দুটা বছৰত প্ৰকল্পটো এহেজাৰ কোটি টকা লোকচানৰ সন্মুখীন হৈ আছে। শনিবাৰে বি চি পি এল প্লান্ট প্রকল্পটো পৰিদৰ্শন কৰি মুখ্যমন্ত্ৰী ড° হিমন্ত বিশ্ব শর্মাই সংবাদ মাধ্যমৰ আগত এই কথা প্রকাশ কৰে। মুখ্যমন্ত্রীগৰাকীয়ে কয় যে দেশৰ ৰাজহুৱা খণ্ডৰ অন্যতম প’লিমাৰ উদ্যোগটো সম্প্রতি লোকচানৰ বাবে বেংকৰ ঋণেৰে চলি আছে।মন কৰিবলগীয়া যেপ্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত উদ্বোধন কৰা এই প্রকল্প ঐতিহাসিক অসম চুক্তিৰ অংশ হিচাপে স্থাপন কৰা হৈছিল আৰু এতিয়া ন বছৰ পৰিচালনা সম্পূৰ্ণ কৰিছে। বিচিপিএলত গেইল লিমিটেডৰ ৭০ শতাংশৰ বিপৰীতে অইল ইণ্ডিয়া, নুমলীগড় শোধনাগাৰ আৰু ৰাজ্য চৰকাৰে ৩০ শতাংশ বিনিয়োগ কৰিছে। প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে ২০১৬ চনৰ ৫ ফেব্ৰুৱাৰীত উদ্বোধন কৰা এই প্রকল্প ঐতিহাসিক অসম চুক্তিৰ অংশ হিচাপে স্থাপন কৰা হৈছিল আৰু এতিয়া ন বছৰ পৰিচালনা সম্পূৰ্ণ কৰিছে। কিন্তু ইমানৰ পাছতো চৰম বিত্তীয় সংকটত পৰা ৰাজহুৱা খণ্ডৰ উদ্যোগ প্রতিষ্ঠানটোৰ প্ৰতি নামি আহিছে অনিশ্চয়তা। প্রকল্পটোক লোকচানৰ পৰা উদ্ধাৰ কৰিবলৈ কেনে ব্যৱস্থা গ্রহণ কৰিব লাগিব, তাৰ বাবে ৰাজ্য চৰকাৰে চিন্তা কৰি আছে বুলি উল্লেখ কৰি মুখ্যমন্ত্রীগৰাকীয়ে কয় যে বৰ্তমান ভাৰত চৰকাৰৰ অধীনৰ এই প্ৰকল্পটোৱে ৯ বছৰ সম্পূৰ্ণ কৰিছে। আগন্তুক সময়ত চৰকাৰৰ সহায় লৈ হ’লেও ইয়াৰ স্থায়ী সমাধানৰ চিন্তা কৰিব লাগিব। উল্লেখ্য যে মুখ্যমন্ত্রীগৰাকীয়ে বিচিপিএলৰ কেন্দ্ৰীয় নিয়ন্ত্রণ কক্ষ, পণ্যাগাৰ, উৎপাদনস্থলী আদি পৰিদৰ্শন কৰাৰ লগতে কেইবাগৰাকীও শীর্ষ বিষয়াৰ উপস্থিতিত এখন পর্যালোচনা বৈঠকত মিলিত হৈ প্রতিষ্ঠানটোৰ শেহতীয়া কাম-কাজ, উন্নয়ন তথা ভৱিষ্যতৰ পৰিকল্পনা, উৎপাদিত সামগ্ৰীৰ বিবিধতা বৃদ্ধি, প্রতিষ্ঠানটোৱে সম্মুখীন হোৱা সমস্যা আদিক লৈ বিস্তৃতভাৱে আলোচনা কৰে। আগন্তুক সময়ত বিচিপিএলে যাতে অধিক সবলভাবে উদ্ভাসিত হ’ব পাৰে তাৰ বাবে ৰাজ্য চৰকাৰে সম্ভৱপৰ সকলো সহযোগিতা আগবঢ়াব বুলিও মুখ্যমন্ত্রীগৰাকীয়ে উল্লেখ কৰে। মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ পৰিদৰ্শনকালত উদ্যোগ মন্ত্রী বিমল বৰা, মন্ত্রী প্রশান্ত ফুকন, অসম পর্যটন উন্নয়ন নিগমৰ অধ্যক্ষ ঋতুপর্ণ বৰুৱাও উপস্থিত থাকে।