বিৱৰ্তন – ৰাজলক্ষ্মী বৰঠাকুৰ

বিৱৰ্তন

ৰাজলক্ষ্মী বৰঠাকুৰ

এখিলা দুখিলাকৈ গছৰ পাত সৰি
পুনৰ গছৰ ডালত
নতুন কুঁহিপাত মেলে ,
তেনেদৰে দিন বাৰ ,মাহ পাৰ হৈ
বছৰে পুৰণি সাজ সলাই
নতুন সাজ পিন্ধে ।
সময়ৰ সোঁতত বহু কথা
ৰৈ যায় মাথোঁ সোঁৱৰণী হৈ
পোৱা নোপোৱাৰ দোমোজাৰে
পাৰ হয় জীৱন
তথাপিও মানৱ‌ জীৱন‌ আশাবাদী
পোৱা খিনিকে আৱৰি ধৰি‌
আগুৱাই যায়
নতুনৰ সন্ধানত
আহক আমি পুৰণি বছৰটি বিদায় দি
নতুন বছৰটোক মুকলি মন আৰু
উজ্জ্বল হাঁহি‌ৰে আদৰি লওঁ।
আগন্তুক নৱবৰ্ষ ই আনন্দ ,
সফলতা, আৰু সমৃদ্ধিৰে ভৰাই
তোলক সকলোৱে জীৱন ।