বিৰোধী ঐক্য মঞ্চ অসমৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান

বিৰোধী ঐক্য মঞ্চ অসমৰ ৰাজ্যপালক স্মাৰক পত্ৰ প্ৰদান

ৰঙিলী বাৰ্ত্তাসেৱা- বিৰোধী ঐক্য মঞ্চ অসমে অসমৰ ৰাজ্যপালৰ বাসভৱনত গৈ তেওঁক সাক্ষাৎ কৰি (কা) আইনৰ বিৰুদ্ধে এখন স্মাৰক পত্ৰ প্ৰদান কৰে।উক্ত স্মাৰক পত্ৰ প্ৰদানত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰা, ৰাইজৰ দলৰ সভাপতি অখিল গগৈ, অসম তৃণমূল কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা, ‘কা ‘ বিৰোধী সমম্বয় সমিতিৰ পৰেশ বৰুৱা,এজেপি দলৰ সভাপতি লুৰিণজ্যোতি গগৈ, আপৰ সভাপতি ডা° ভবেন চৌধুৰী,চি পি আইৰ ইছফাকুৰ ৰহমান,পি এল পিৰ সভাপতি চৰণ ডেকা,আব্দুল আজিজ, পংকজ দাস, জিন্তু হাজৰিকা, বিপুল গগৈ,কংগ্ৰছৰ মিডিয়া মুখপাত্ৰ বেদব্ৰত বৰা, কামাখ্যা পাণ্ডে,মিহিৰ নন্দী, ৰামনাৰায়ন সিং সহ প্ৰায় ৩০ জনীয়া দল এটিয়ে অংশ গ্ৰহণ কৰে। উক্ত দলটি ৰাজ্যপালক সাক্ষাৎ কৰি ওলাই অহাৰ পাছত সাংবাদিকৰ আগত প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাই কয় যে যি কোনো মূল্যৰ বিনিময়ত তেওঁলোকে ৰাজ্যত ‘ কা ‘ আইন প্ৰযোজ্য হ’ব নিদিয়ে।