বিৰোধী ঐক্য মঞ্চৰ ২০২৬ চনৰ নিৰ্বাচন সম্পৰ্কে বৈঠক

বিৰোধী ঐক্য মঞ্চৰ ২০২৬ চনৰ নিৰ্বাচন সম্পৰ্কে বৈঠক

ৰঙিলী বাৰ্ত্তাসেৱা-  বিৰোধী ঐক্য মঞ্চই ২০২৬ চনৰ নিৰ্বাচনৰ প্ৰস্তুতি এতিয়াৰে পৰা আৰম্ভ কৰাৰ প্ৰস্তুতি লৈছে৷ মঙলবাৰে সন্ধিয়া গুৱাহাটীৰ দিচাং ৰিজৰ্টত বিৰোধী শিবিৰৰ চাৰিগৰাকী শীৰ্ষস্থানীয় নেতা ভূপেন বৰা, অজিত কুমাৰ ভূঞা, লুৰীণজ্যোতি গগৈ আৰু অখিল গগৈ এক আলোচনাত মিলিত হয়৷ ইফালে অসম জাতীয় পৰিষদে ততাতৈয়াকৈ দলটোৰ কেন্দ্ৰীয় কাৰ্যনিৰ্বাহকৰ বৈঠকৰ আয়োজন কৰিছে৷কাইলৈ ২৩ মে’ৰ দিনা ডিব্ৰুগড়ত দলটোৰ কেন্দ্ৰীয় কাৰ্য্যনিৰ্বাহকৰ বৈঠক অনুষ্ঠিত হ’ব৷২৪ মে’ৰ দিনা ডিব্ৰুগড়তে দলটেৰ প্ৰতিনিধি সভাৰ বৈঠক অনুষ্ঠিত হ’ব৷ উক্ত বৈঠকলৈ দলৰ জিলা সভাপতি আৰু সম্পাদকসকলকো উপস্থিত থাকিবলৈ কোৱা হৈছে৷