বিৰুবাৰীত মেয়ৰ আৰু কাউন্সিলৰক সম্বৰ্ধনা 

বিৰুবাৰীত মেয়ৰ আৰু কাউন্সিলৰক সম্বৰ্ধনা 

ৰঙিলী বাৰ্ত্তাসেৱা- গোপীনাথ নগৰ প্ৰাথমিক বিদ্যালয় প্ৰাংগণত অনুষ্ঠিত এখন ৰাজহুৱা সভাত গুৱাহাটী পৌৰ নিগমৰ নৱ নিৰ্বাচিত মেয়ৰ মৃগেন শৰণীয়া আৰু ২৭ নং ৱাৰ্ডৰ কাউন্সিলৰ ৰিণ্টু মনি ব্ৰহ্মক ৰাজহুৱাভাৱে সম্বৰ্ধনা জনোৱা হয়। শতাধিক ৰাইজৰ উপস্থিতিত অঞ্চলটোৰ কুৰিটাৰো অধিক সংগঠনে মেয়ৰ আৰু কাউন্সিলৰ জনক সম্বৰ্ধনা জনায়। বিৰুবাৰী উন্নয়ন সন্থাৰ উদ্যোগত আয়োজিত সভাখনত বক্তা সকলে অঞ্চলটোৰ দীৰ্ঘদিনীয়া সমস্যা সমূহ সমাধানৰ ক্ষেত্ৰত ব্যৱস্থা গ্ৰহণ কৰিবলৈ দুয়ো জনলৈ আহ্বান জনায়।