বিৰুবালা ৰাভা
নাজবিন চুলতানা, বকতা
প্ৰাচীন অসমত বহুলভাৱে প্ৰভাৱত পেলাই অহা অন্ধবিশ্বাসে বহুতো দৰিদ্ৰতাৰ প্ৰাণ কাঢ়িলে । বহুলোকৰ জীৱন ভয়াৱহতাৰে দণ্ডিত কৰিলে । যাৰ মূলতে আছিল অন্ধবিশ্বাস । এই অন্ধবিশ্বাস সমাজৰ পৰা বহুতৰ কষ্ট আৰু ত্যাগৰ ফলত আঁতৰ কৰিবলৈ যথেষ্টখিনি সফল হৈছে । তেনে এক অন্ধবিশ্বাসৰ বিৰোধিতাৰ জীৱন ৰক্ষা কৰা এগৰাকী অন্যতম বীৰাঙ্গনা তথা যোদ্ধা বিৰুবালা ৰাভা । এগৰাকী সমাজকৰ্মী বিৰুবালা ৰাভাই যোৱা দুই দশকত মহিলাসকলৰ ওপৰত বিৰোপ প্ৰভাৱ পেলোৱা ডাইনী প্ৰথাৰ বিৰোধিতাৰে জনসাধাৰণৰ মাজত সচেতনতাৰ হকে থিয় দিছিল । অসমত ডাইনী সন্দেহৰ নামত সন্মুখীন হোৱা বহুলোকক তেওঁ সহায়ৰ হাত আগবঢ়াইছে।সৰুৰে পৰাই সমাজৰ কাম-কাজত জড়িত থাকি ভাল পোৱা বিৰুবালা ৰাভাৰ জন্ম হৈছিল ১৯৫৪ চনত গোৱালপাৰা জিলাৰ অসম-মেঘালয় সীমান্তৰ ঠাকুৰ ভিলা নামৰ এখন পিছপৰা গাঁৱৰ এটি সাধাৰণ পৰিয়ালত।বহু দুখ-কষ্টৰে ডাঙৰ- দীঘল হোৱা বিৰুবালা ৰাভাই পঞ্চম শ্ৰেণীলৈকে শিক্ষা গ্ৰহণ কৰি শিক্ষাজীৱন সমাপ্ত কৰিব লগা হৈছিল।এনে ডাইনী প্ৰথাৰ অন্ধবিশ্বাসৰ বিৰুবালাও এটা সময়ত বলি হৈছিল । ১৯৮৫ চনত বিৰুবালাৰ সন্তান ধৰ্মেশ্বৰ পঞ্চমমানত পাওঁতে স্নায়ুৰোগত আক্ৰান্ত হৈছিল আৰু সেইসময়ত চিকিৎসাৰ বাবে আৰ্থিক অৱস্থাও টনকিয়াল নাছিল । তেনেক্ষেত্ৰত তেওঁলোক বেজ , দেওধনী আদিৰ বিশ্বাসৰ বন্দী হৈছিল । পাছলৈ এই ৰোগ বাঢ়ি অহাত নৱম শ্ৰেণী পাওঁতে পুত্ৰ ধৰ্মেশ্বৰ মানসিক বিকাৰগ্ৰস্ততাৰ সন্মুখীন হয় য’ত ৰাইজে হাত-ভৰি বান্ধি ধৰ্মেশ্বৰক আৱদ্ধ কৰি ৰাখে । তেওঁৰ এই দুখ আঁতৰ নোহোৱাতেই তেওঁৰ স্বামীও এক দুৰাৰোগ্যত আক্ৰান্ত হৈছিল । তেনে পৰিস্থিতিত গাঁৱৰ এগৰাকী লোকৰ প্ৰৰোচনাৰে তেওঁৰ ঘৰত ডাইনী থকা ভুতুনী থকা আদি বিশেষণেৰে ডাইনী হিচাপে আঙুলিয়াই । তেনে পৰিকল্পনাত বহুতো তৰ্কা-তৰ্কিৰে বিফল হয় ।১৯৯৯ চনত গোৱালপাৰাৰ লক্ষীপুৰ দদান মন্দিৰৰ প্ৰাঙ্গনত ৰাজহুৱি সভাত ঠাকুৰমিলা অঞ্চলৰ ৫ গৰাকী মহিলা যুৱতীক ডাইনী সন্দেহৰ অনা কাৰ্যত বিৰুবালা ৰাভাই সেই দুৰ্ভগীয়া মহিলাৰ পক্ষে থিয় হৈ অন্ধবিশ্বাসৰ চকু মুকলি কৰাৰ বাবে বহুতো স্পষ্টতাৰে ৰাইজলৈ সচেতনতাৰ ধ্বনি প্ৰকাশ কৰাত বিৰুবালাৰ ঘৰখনক সমাজে এঘৰীয়া কৰিছিল । সমাজে এঘৰীয়া কৰিলেও কিন্তু এইগৰাকী যোদ্ধা থমকি নৰৈছিল । ইখনৰ পাছত সিখন গাঁও খোজেৰে গৈ তেওঁ অন্ধবিশ্বাসৰ অযুক্তিকৰ ধাৰণা বুজাই গ’ল । এনেদৰেই তেওঁ প্ৰায় ৩৫ গৰাকী মহিলাৰ জীৱন ৰক্ষা কৰি তেওঁ অন্ধবিশ্বাস দূৰ কৰাৰ সফলতাৰ দিশত আগবাঢ়িলে । তেওঁ ডাইনী প্ৰথাৰ বিৰুদ্ধে ২০০০ চনৰ পৰা অত্যাধিক বিৰোধিতা হৈ পৰিছিল । যোৱা দুটা দশক ধৰি বিৰোধিতা কৰি অহা সংগ্ৰামৰ বাবে তেওঁ ১৯৮৫ চনত ঠাকুৰভিলা সমিতিৰ ছেক্ৰেটৰী হিচাপে দায়িত্ব লয় । তেওঁ ২০১১ চনত গোৱালপাৰা জিলাত ডাইনী হত্যাৰ বিৰুদ্ধে মিছন আৰম্ভ কৰে । যি মিছনত ২০১২ চনৰ ৩০ অক্টোবৰত ৰাজ্যিক অভিযানক হিচাপেও স্বীকৃতি দিয়া হয়।তেওঁৰ এই সমাজসংস্কাৰ কৰ্মৰ বাবে বহুতো সন্মান আৰু বঁটা লাভ কৰে তাৰ ভিতৰত অন্যতম প্ৰধান নৰ্থ ইষ্ট নেটৱৰ্ক নামৰ গুৱাহাটীৰ এক আগশাৰীৰ সংগঠনে ২০০৫ চনত শান্তিৰ ন’বেল বঁটা প্ৰদান কৰে, ২০১১ চনত সৰ্বেশ্বৰ দত্ত সোৱঁৰণী বঁটা, আনন্দৰাম ঢেকীয়াল ফুকন বঁটা, ২০১১ চনতে তেওঁক ভাৰত চৰকাৰে চতুৰ্থ সৰ্বোচ্চ অসামৰিক সন্মান পদ্মশ্ৰী বঁটা প্ৰদান কৰে । বিৰুবালা ৰাভা এগৰাকী সমাজকৰ্মী হিচাপে তেওঁ অসমৰ লগতে সমগ্ৰ ভাৰতবৰ্ষৰ এক অন্যতম গৌৰৱোজ্জল অমূল্য সম্পদ । তেওঁলোকৰ এই অসীম ত্যাগ আৰু সাধনাৰ ফলতেই আজিৰ সমাজ সংস্কাৰমুখী হোৱাৰ দিশে গতি কৰিছে ।