বিৰছা মুণ্ডাৰ ১২৫ তম শ্বহীদ দিৱস পালন

বিৰছা মুণ্ডাৰ ১২৫ তম শ্বহীদ দিৱস পালন

ৰঙিলী বাৰ্ত্তাসেৱা- অল ইণ্ডিয়া জন অধিকাৰ সুৰক্ষা কমিটীৰ অসম শাখাৰ উদ্যোগত বৃটিছ সাম্ৰাজ্যবাদ বিৰোধী অদিবাসী কৃষক বিদ্ৰোহ ‘উলগুলান’ৰ অবিসম্বাদী নেতা বিৰছা মুণ্ডাৰ ১২৫ তম শ্বহীদ দিৱস ৯জুন তাৰিখে ভাৰতৰ অন্যান্য ঠাইৰ লগতে বিভিন্ন কাৰ্যসূচীৰে অসমৰ কেইবাঠাইতো উদযাপন কৰা হয় । উল্লেখযোগ্য যে ১৯০০ চনৰ ৯ জুন দিনটোতেই ছোট নাগপুৰৰ শোষিত নিৰ্যাতিত মানুহৰ গভীৰ আস্থা, বিশ্বাস আৰু ভৰষাৰ স্থল শ্বহীদ বিৰছা মুণ্ডাক বৰ্তমানৰ ঝাৰখণ্ড ৰাজ্যৰ ৰাজধানী চহৰ ৰাঁচীৰ কাৰাগাৰত বন্দি অৱস্থাত জমিদাৰ, মহাজন আৰু ইংৰাজ শাসক শ্ৰেণীয়ে অতি সুপৰিকল্পিতভাবে ষড়যন্ত্ৰ কৰি হত্যা কৰিছিল। শ্বহীদ বিৰছা মুণ্ডাই জমিদাৰ,মহাজন ঠিকাদাৰ সৰ্বোপৰি ইংৰাজ চৰকাৰৰ শোষন , অত্যাচাৰ আৰু বঞ্চনাৰ শোষিত আদিবাসী মানুহৰ মুক্তিৰ বাবে এক সুসংগঠিত সংগ্ৰাম পৰিচালনা কৰি আত্মবলিদান দিছিল। বৃটিছৰ ভেটি কপাই তোলা এই বিদ্ৰোহ সমূহৰ ধাৰাবাহিকতাতেই পৰৱৰ্তী কালত আৰম্ভ হৈছিল স্বাধীনতা আন্দোলনৰ৷ এই মহান সংগ্ৰামী নেতা গৰাকীৰ শ্বহীদ দিৱস অল ইণ্ডিয়া ডিএছ অ’ৰ গুৱাহাটী জিলা কমিটিয়েও উলুবাৰী ভ’লভ পইন্টত ভালে সংখ্যক ছাত্ৰ-ছাত্ৰীৰ উপস্থিতিত শ্বহীদ বেদী স্থাপন কৰি শ্ৰদ্ধাঞ্জলি ঞ্জাপন কৰে । তাৰ পিছত অল ইণ্ডিয়া জন অধিকাৰ সুৰক্ষা কমিটীৰ উদ্যোগত গুৱাহাটীৰ উলুবাৰীত থকা গনমুক্তি ভৱনত এখন আলোচনা সভা অনুষ্ঠিত হয়৷এই আলোচনা সভাত বক্তব্য দাঙি ধৰে অজিত আচাৰ্যই আৰু সভাখন পৰিচালনা কৰে মাশ্বাল মুমুয়ে৷