বিহ দিয়া বুলি শেখৰে যদি জানিছিল এই কথাটো কিয় ইমান দিনলৈ লুকুৱাই থৈছিলঃ গৰিমা

বিহ দিয়া বুলি শেখৰে যদি জানিছিল এই কথাটো কিয় ইমান দিনলৈ লুকুৱাই থৈছিলঃ গৰিমা

ৰঙিলী বাৰ্ত্তাসেৱা- অসমীয়াৰ হিয়াৰ আমঠু জুবিন গাৰ্গৰ মৃত্যুত সমগ্ৰ ৰাজ্যবাসী শোকত ম্রিয়মাণ হৈ থকাৰ সময়তে বিশেষ তদন্তকাৰী গোটৰ সন্মুখত শিল্পীগৰাকীৰ ঘনিষ্ঠ তথা বাদ্যযন্ত্রী শেখৰজ্যোতি গোস্বামীয়ে দিয়া চাঞ্চল্যকৰ স্বীকাৰোক্তিয়ে সমগ্ৰ অসম উত্তাল কৰি তুলিছে। আৰম্ভণিৰ পৰাই ৰাজ্যজুৰি অগণিত গুণমুগ্ধই শিল্পীগৰাকীৰ মৃত্যু পৰিকল্পিত হত্যাকাণ্ড বুলি দাবী কৰি অহাৰ পাছত শেহতীয়াকৈ শেখৰজ্যোতি গোস্বামীৰ স্বীকাৰোক্তি সম্বলিত এছআইটিৰ বিস্ফোৰক পত্ৰখন ফাদিল হোৱাৰ লগে লগে পুনৰ প্ৰচণ্ড ক্ষোভত ফাটি পৰিছে প্রতিজন জুবিন অনুৰাগী। উল্লেখ্য যে এছআইটিৰ জেৰাত শেখৰজ্যোতি গোস্বামীয়ে শ্যামকানু মহন্ত আৰু সিদ্ধার্থ শর্মাই ইচ্ছাকৃতভাবে শিল্পীগৰাকীক বিহপান কৰোৱাই নহয়, এই ষড়যন্ত্রক সম্পূৰ্ণৰূপে অন্য ৰূপ দিবলৈ বিদেশী ৰাষ্ট্ৰৰ নিৰাপদস্থলী বাছি লোৱাৰ অভিযোগ তুলিছিল। সম্প্রতি সামাজিক মাধ্যমত ব্যাপকভাৱে চর্চিত হৈ থকা এই স্বীকাৰোক্তিনামাখনত শেখৰজ্যোতি গোস্বামীয়ে দিয়া স্বীকাৰোক্তিসমূহৰ কিমান সত্যতা আছে, তাক লৈ বিভিন্ন প্রশ্ন উত্থাপন হোৱাৰ সময়তে এই ঘটনা অৱগত হোৱাৰ পাছত গৰিমা শইকীয়া গার্গে সংবাদ মাধ্যমৰ সৈতে হোৱা কথা-বতৰাত কয় যে শেখৰে যদি জানিছিল, এই কথাটো কিয় ইমান দিনলৈ লুকুৱাই থৈছিল। এই মানুহজনক এনেকুৱা এটা অৱস্থালৈ নিবলগীয়া কিয় হ’ল বুলি প্রশ্ন কৰি তেওঁ কয় যে মোৰ মানুহজনক মই হেৰুৱাইছোঁ। তেখেতক কেতিয়াও মই ঘূৰাই নাপাওঁ। কিন্তু তেওঁ উচিত ন্যায় পাবই লাগিব। জীৱিত অৱস্থাত সকলোকে সমানে মৰম কৰা শিল্পীগৰাকীৰ স্মৃতি সুঁৱৰি চকুলো টুকি গৰিমাই কয় যে তেওঁ অকল মৰম কৰিবই জানিলে। তাৰ বাহিৰে একো নাই। মোকো শিকালে সকলোকে বিশ্বাস কৰিবলৈ। তেওঁ মোক কৈছিল- সকলোকে আমি নিজৰ বুলি আঁকোৱালি ল’বলৈ। এটা পৰিয়ালৰ দৰে সকলোকে নিজৰ ভাই-ককাই বুলি জ্ঞান কৰা জুবিনে মোক সদায় কৈছিল- আমি এটা বৃহৎ পৰিয়াল। সকলোৰে পৰিয়াল আছে। আমি তেওঁলোকৰ কথাও চিন্তা কৰিব লাগিব। ইমানখিনি সকলোৰে বাবে চিন্তা কৰাৰ পাছতো কিয় শিল্পীগৰাকীৰ সৈতে আপোন হৈ মানুহবোৰে এনে কাম কি কাৰণত কৰিলে বুলিও গৰিমা শইকীয়া গার্গে আক্ষেপেৰে প্ৰকাশ কৰিলে। তেওঁ পুনৰ কয় যে সেই মানুহজন অকল মোৰ নাছিল। সকলোৰে আপোন মানুহ আছিল। নিজৰ সৰ্বস্ব দি সকলোকে ভাল পাইছিল। সেই মানুহজনৰ লগত মই অন্যায় কেতিয়াও হ’ব দিব নোৱাৰোঁ। অন্ততঃ জুবিন গাৰ্গৰ ক্ষেত্ৰত যাতে কথাবোৰে অন্য ৰূপ নলয়, তাৰ বাবে তদন্ত ভালকৈ কৰিবলৈ অনুৰোধ-দাবী-প্রার্থনা সকলো মই জনাইছোঁ।