বিহু সংস্কৃতিত গগনা বাদ্য – প্ৰিয়ম ৰাগিণী

Pc অসমীয়া ৱিকিপিডিয়া-Wikipedia

বিহু সংস্কৃতিত গগনা বাদ্য

প্ৰিয়ম ৰাগিণী
ডিব্ৰুগড়

“গগনা আৰনি গগনা পুৰণি
গগনা কিহেৰে বাওঁ
দুফালে দুচটি মাজতে এচটি
মুগাসূতা লগায়ে বাওঁ”

নব্বৈ দশকৰ কথা।ঘৰৰ সন্মূখত এখন বৃহৎ খেলপথাৰ আছিল।দুখন বিদ্যালয় সংলগ্ন হৈ থকা এই খেলপথাৰখনত প্ৰতিবছৰে বিহু উদযাপন কৰা হৈছিল।যথেষ্ট সৰু আছিলোঁ যদিও সেই সময়ত এই উৎসৱ আহিলে মনটো প্ৰফুল্লিত হৈ উঠিছিল।পৰিৱেশলৈ স্বত:স্ফূতভাৱে পৰিবৰ্তন আহিছিল।মানুহৰ শৰীৰ মনলৈও পৰিবৰ্তন আহিছিল।গছ লতিকাবোৰ সতেজ হৈ উঠিছিল।মা-দেউতাৰ ব্যস্ততাবোৰ দেখি ভাল লাগিছিল।নিজেও চামিল হৈছিলোঁ এই ব’হাগৰ ৰঙালী বিহু উৎসৱ আয়োজন কৰাত।সেই বিহুৰ মঞ্চত পুৰুষ আৰু মহিলা উভয়কে গগনা বজোৱা দেখিছিলোঁ।জেংবিহু নাচিছিলোঁ নিজেও।গগনাপাত মুখত লৈ বজাই চাবলৈ যত্ন কৰিছিলোঁ।ই এক ভাললগা কথা আছিল।আঙুলিৰ বুলনিত শব্দ নিগৰিত হৈছিল।টি টি টিটেওঁ….মাইক্ৰফ’নৰ আগত বজালেহে আচল সুৰটিৰ গভীৰতাটো উপলব্ধি কৰিব পাৰিছিলোঁ।

গগনা আচলতে বাঁহেৰে নিৰ্মিত এবিধ বিশেষ লোকবাদ্য।ইতিহাস খুচৰিলে জনা যায় যে গগনাৰ উৎপত্তি আচলতে চীনদেশতহে।মংগোলীয় সকলে প্ৰথমে এই বাদ্য ব্যৱহাৰ কৰিছিল বুলি জনা যায়।এই বাদ্য অতি পুৰণি আৰু অতি সুমধুৰ মাতৰ আৰু গগনাৰ সুমধুৰ ধ্বনিয়ে মানুহৰ হৃদয়ত এক অবুজ শিহৰণ জগাই তোলে।বিহু ঢোলৰ চাপৰ জাউৰিয়ে জাউৰিয়ে বিহু নাম,পেঁপাৰ মাতে ৰজনজনাই যোৱা পৰিৱেশতে গগনাৰ মাতেও হৃদয়তন্ত্ৰীত শিহৰণ জগাই তোলে।এক অপূৰ্ব সমাহাৰৰ মিলন ঘটে।ব’হাগ এনেও আমাৰ প্ৰাণৰ ব’হাগ।জাতীয় জীৱনক বিশ্বৰ দৰবাৰত তুলি ধৰা এই ব’হাগৰ ৰঙালী বিহু উৎসৱক বাদ দি আচলতে আমি অসমীয়াই নিজক অসমীয়া বুলি মুঠেও চিনাকি দিব নোৱাৰোঁ।শীত আৰু ফাগুনে সৰাই লঠঙা কৰি যোৱা পৰিৱেশলৈ বসন্তই প্ৰাচুৰ্যতাৰ বৈভৱ কঢ়িয়াই আনে।ই শস্যৰ প্ৰাচুৰ্যতা,প্ৰেমৰ প্ৰাচুৰ্যতা,সম্ৰীতিৰ প্ৰাচুৰ্যতা।সকলোবোৰৰে প্ৰাচুৰ্যতা কঢ়িয়াই আনে বিহু নামৰ উৎসৱে।মানুহৰ মনবোৰে পাহৰি যায় ভেদভাৱৰ সংকীৰ্ণতা।বিহু যে আমাৰ প্ৰাণৰ ধন।বিহু যে আমাৰ বুকুৰ ধন।নিজ কৃষ্টি সস্কৃতিৰ ধ্বজাবাহী এই বিহুৱে আমাক একত্ৰিত কৰি ৰাখি আহিছে যুগ যুগান্তৰৰ পৰা যুগ যুগান্তৰলৈ।গতিকে বিহু আমাক লাগিবই।ঢোল পেঁপা লাগিবই।গগনাও লাগিবই।

গগনা অসমীয়া মানুহৰ এবিধ ফু দি বজোৱা বাদ্য।অসমৰ বিহুগীত আৰু বিহুনৃত্যত গগনা বজোৱা হয়।ই বাঁহেৰে নিৰ্মিত বাদ্য।অসমৰ লোকসংস্কৃতিত গগনা বাদ্যই এক সুকীয়া স্থান অধিকাৰ কৰি আহিছে।গগনা বাদ্যবিধ মানুহে ওঁঠেৰে চেপি ধৰি আঙুলিৰে নিৰ্দিষ্ট তালত বজোৱা হয়।গগনাৰ মাত শুনিবলৈ বৰ সুমধুৰ হয় । গগনাৰ সুৰৰ মসৃণতাই মানুহৰ হৃদয়তন্ত্ৰীত ঝংকাৰ তোলে।এই গগনা দুই ওঁঠৰ মাজত ৰাখি এফালে সোঁহাতৰ বৃদ্ধ বা তৰ্জনী আঙুলিৰে টুকুৰিয়াই বাওঁ হাতেৰে মুখৰ ভিতৰত বাদ্যটি থকাকৈ ধৰি ঢোলৰ লগত সংগত কৰি বজাব লাগে।

গগনা তিনি বা চাৰিবছৰীয়া পকা জাতি বাঁহৰপৰা চাঁচি উলিওৱা হয়।গগনাৰ আকাৰ সৰু বা ডাঙৰ হ’লে শব্দৰ তাৰাতম্য দেখা যায়।বাঁহৰ সৰুকৈ মিহিকৈ চাঁচি লোৱা চেপেটা গগনাৰ মাজ অংশত কঁপিব পৰাকৈ মিহি নল এডাল বনোৱা হয়।ইয়াক ‘জিভা’ বুলি কোৱা হয় আৰু হাতেৰে কোবোৱা অংশক ‘মেখেলা’ বুলি কোৱা হয়।লোকবিশ্বাস অনুসৰি মুখচোকা তিৰোতাৰ তাঁতশালৰ পৰা ‘ব’ তোলা চুঙা চুৰ কৰি আনি গগনা সাজিলে তাৰ মাত ভাল হয় বুলি ভবা যায়।তিৰোতাগৰাকী যিমানেই মুখচোকা হ’ব সিমানেই গগনাৰ মাত মিঠা হয় বুলি জনবিশ্বাস আছে ।

মুখেৰে বজোৱা এই গগনা বাদ্যবিধ তৈয়াৰ কৰিবলৈ আগলি জাতিবাঁহৰ মাত্ৰ এবেগেতমানহে দৰকাৰ।বাদ্যবিধ সাজি উলিওৱাটো কিন্তু সহজ কাম নহয়।সুনিপুণ হাতেৰেহে গগনা সাজি তৈয়াৰ কৰি উলিয়াব পাৰি।গগনা সাধাৰণতে দুবিধ বুলি জনা যায়।ৰামধন গগনা বা জয়ধন গগনা আৰু লাহৰী গগনা বা ৰূপহী গগনা। ৰামধন গগনা পুৰুষে অৰ্থাৎ বিহুৱা ডেকাই বজায় আৰু লাহৰী গগনা মহিলা বা গাভৰু নাচনীয়ে বজায়।লাহৰী গগনা ৰামধন গগনাতকৈ কিছু পৰিমানে সৰু আকাৰৰ হয়।ৰামধন গগনাত মুগা সূতা লগোৱা নাথাকে আনহাতে লাহৰী গগনাত মুগাসূতা লগোৱা থাকে।গগনা বাদ্য নহ’লে অসমীয়া বিহু নৃত্য গীত সম্পূৰ্ণ নহয়।গগনা বাদ্যৰ আদিম স্বৰূপটো  ১৮০০ খ্ৰীষ্টপূবৰো আগৰ বুলি জনা যায়।গগনা দেখিবলৈ সৰু যদিও ইয়াক সাজি উলিওৱা পদ্ধতি বৰ জটিল।সাধাৰণতে ১৮ৰ পৰা ২০ ছে: মি দীঘল আৰু ২ ৰ পৰা ৩ ছে:মি: বহল বিজুলী বা জাতি বাঁহৰপৰা গগনা তৈয়াৰ কৰা হয়।

গগনাক লৈ আমাৰ বিহুগীত আৰু  বিহুনৃত্যত  বিভিন্ন নাম গোৱা হয়……

” নৈ পাৰ কৰে কৰি এ মইনা
নিব তোক বিয়া কৰি
নিব তোক বিয়া কৰি
গগনাত ঐ বিন্ধিব  ঘূণে
সেইখনি গগনা এ মইনা
হ’ব আলৈ এথানি
বিহুতে ঐ বজাব
বিহুতে ঐ বজাব কোনে”

বিহু উৎসৱ হৈছে আচলতে কৃষিৰ লগত সম্পৰ্কিত উৎসৱ।চহা কৃষক অসমীয়া লোকসকলে কৃষি আৰম্ভণি আৰু সামৰণিত তিনিটা সময়ত তিনিটা বিশেষ বিহু উৎসৱ পালন কৰে।

” অ আগলী বাঁহৰে চেনাই লেজাই ঐ লাহৰি গগনা
চেনাই লেজাই ঐ
গগনা গগনাৰ অমীয়া মাত
অ সেইখনি গগনা চেনাই ঐ লেজাই ঐ
বজাব লাগিলে
তোৰো বিহু লাগিব মোৰো বিহু লাগিব গাত”……

গগনা বাদ্যক লৈ আৰু বহু বিহুনাম আছে।আমাৰ বিহু উৎসৱ বিলাকত গছগছনিৰ সম্পৰ্ক আছে।প্ৰতিটো বাদ্যতে প্ৰাকৃতিকভাৱে পোৱা গছগছনিৰ পৰা পোৱা সামগ্ৰীৰ পৰা বাদ্যসমূহ বনোৱা হয়।ঢোলত চাম কাঠ ব্যৱহাৰ কৰা হয়।টকা বাদ্যও বাঁহৰপৰা নিৰ্মাণ কৰা হয়।গগনা জাতি বাঁহ বা বিজুলী বাঁহৰপৰা সজা হয়।পেঁপাও ঠিক তেনেকৈ সজা এক বাদ্য।

“আগলী বাঁহৰে লাহৰী
লাহৰী গগনা ঐ
লাহৰী গগনা ঐ
গগনা কিহেৰে বায়
দুফালে দুচটি বায়
মাজতে এচটি ঐ”

“উৰিআমৰ খুবলি মোৰ সোণ চেনাইটি ঐ
তিনি আঙুল মুকলি চেনাটি ঐ
বকুল বৰাধানৰ কৰাই
তৌতে শুনিলোঁ মোৰ সোণ চেনাইটি ঐ
সুৰতে বুজিলোঁ মোৰ সোণ চেনাইটি ঐ
মোৰ ধনে গগনা  মোৰ ধনে গগনা বায়”

” অ নামদাঙৰ পাৰতে অ দেহাজান বৰতা ঐ বিৰিণা অ চ’তৰ ছদিন গ’লে এ দেহাজান উৰে উঁইচিৰিঙা বজাই দিয়া গগনা
গগনাৰে অমিয়া মাত”

“আগলী ঐ বাঁহৰে
অ সোণ তৰাদৈ লাহৰী এ গগনা
অ সোণ তৰাদৈ
গগনাত ঐ বিন্ধিলে ঘূণে
এ অহাবেলি বিহুতে
অ সোণ তৰাদৈ তোকে নো বিয়া দিলে
অ সোণ তৰাদৈ গগনানো বজাব কোনে?”

অসমত প্ৰথমবাৰ বচাবৰ শইকীয়াই বনাইছিল বুলি জনা যায়।

“আগলী বাঁহৰে লাহৰী গগনা
বহি তাঁতৰ পাতত বাওঁ
আহে কি নাহে এ
মোৰে ধন চেনাই ঐ
চিৰিপাতি মঙলখন চাওঁ”

অসমৰ গগনা বাদ্য বিদেশতো সমাদৃত।বিদেশী পৰ্যটকে অসমৰ অসমীয়া গগনাক ক্ৰয় কৰি লৈ যোৱা দেখা যায়।অসমৰ অৰ্থনীতিত অসমৰ থলুৱা উৎপাদিত এই গগনা বাদ্যই বেছ সমাদৰ লাভ কৰাৰ লগতে দেশৰ অৰ্থনীতিত অৰিহণা যোগোৱাৰ প্ৰবল সম্ভাৱনা আছে।অসমৰ বিহুৱে বিশ্বদৰবাৰত সমাদৰ লাভ কৰিবলৈ সক্ষম হৈছে।আমাৰ এই থলুৱাভাৱে প্ৰস্তুত কৰি উলিওৱা সম্পদসমূহক আমি সংৰক্ষণৰ লগতে প্ৰচাৰ আৰু প্ৰসাৰ কৰাত অধিক গুৰুত্ব দিব লাগিব।