বিহু মঞ্চত কণ্ঠশিল্পীক ৰাজহুৱাকৈ অপমান কৰাটো কিমান যুক্তিসংগত ? – দেবর্ষি গৌতম

বিহু মঞ্চত কণ্ঠশিল্পীক ৰাজহুৱাকৈ অপমান কৰাটো কিমান যুক্তিসংগত ?

দেবর্ষি গৌতম, বনগাঁও

বিহু হৈছে অসমীয়া জাতিৰ জাতীয় উৎসৱ। ভোগালী আৰু কঙালীৰ বিপৰীতে ৰঙালী বিহুত অসমীয়া লোকসকলৰ এক সুকীয়া উৎসাহ দেখিবলৈ পোৱা যায়। অসমৰ প্ৰায় প্ৰতিটো প্ৰান্ততে ৰঙালী বিহু উদযাপনৰ বাবে বিভিন্ন ধৰণে প্ৰস্তুতি চলোৱা দেখা যায়। মুখ্যত বিহু উদযাপন সমিতি সমূহে ৰাইজক আকৰ্ষণ কৰিবলৈ মঞ্চ বিহুৰ আয়োজন কৰে। এনে মঞ্চ বিহুত অসমৰ বিভিন্ন জনপ্ৰিয় কণ্ঠশিল্পী সকলক গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ জনোৱা হয়। ভিন্ন কাৰ্যসূচীৰ মাজেৰে আয়োজক সমিতিবোৰে বিহুৰ অনুষ্ঠান সমূহ চলাই নিবলৈ চেষ্টা কৰে। কিন্তু তাৰ মাজতে আজিৰ সময়ত অসমৰ নিৰ্দিষ্ট কিছুমান বিহু মঞ্চত কণ্ঠশিল্পী সকলক শাৰীৰিক আৰু মানসিকভাৱে অপদস্থ কৰাৰ ঘটনা প্ৰায়ে শুনিবলৈ আৰু দেখিবলৈ পোৱা যায়। বহাগ মাহৰ আৰম্ভণিতে গুৱাহাটীৰ এখন ঐতিহ্যমণ্ডিত বিহু মঞ্চত দিগন্ত ভাৰতীৰ দৰে জ্যেষ্ঠ কণ্ঠ শিল্পী এগৰাকীক আয়োজক সমিতিৰ একাংশ বিষয়ববীয়াই মঞ্চলৈ আমন্ত্ৰণ কৰি নিয়াৰ পিছত আকৌ একাংশ বিষয়ববীয়াই তেওঁক বিভিন্ন অজুহাত দেখুৱাই ৰাজহুৱাকৈ মঞ্চৰ তললৈ নামি আহিবলৈ বাধ্য কৰোৱা ঘটনাই সচেতন মহলত এক চিন্তাৰ খোৰাক সৃষ্টি কৰিছে। প্ৰতিগৰাকী ব্যক্তিৰে আত্মসন্মান থাকে। জনপ্ৰিয় ব্যক্তি সকলৰ সাধাৰণ ৰাইজৰ মাজত এক প্ৰভাৱ থাকে। যিদৰে এগৰাকী জনপ্ৰিয় ব্যক্তিয়ে কিবা এটা নকৰিবলগীয়া কাম কৰিলে তেওঁক আমি সমালোচনা কৰোঁ ঠিক একেদৰে কিন্তু তেওঁৰ ক্ষেত্ৰত যদি অন্যায় হোৱা দেখোঁ তেনেহলে তেনে ক্ষেত্ৰতো আমি মাত মতাটো আমাৰ নৈতিক দায়িত্ব হোৱা উচিত। দিগন্ত ভাৰতীৰ দৰে এগৰাকী প্ৰতিভাবান জ্যেষ্ঠ কণ্ঠশিল্পীক আয়োজক সমিতিৰ নিৰ্দিষ্ট একাংশ উদণ্ড বিষয়ববীয়াই অপমান কৰি মঞ্চৰ পৰা নমাই দিয়াটো গৰিহণা যোগ্য। আচলতে অতিথি হিচাপে যোৱা এগৰাকী ব্যক্তিক গীত পৰিবেশন কৰিবলৈ মঞ্চলৈ মাতি নি অপমান কৰাৰ অধিকাৰ কাৰো নাই। আয়োজক সমিতিয়ে বিহু অনুষ্ঠান অনুষ্ঠিত কৰাৰ বাবে তেওঁলোকে যথেষ্ট কষ্ট কৰিব লগীয়া হয় সেয়া সৰ্বজনবিদিত। কিন্তু তাৰ গইনা লৈ কোনো আয়োজক সমিতিয়ে কোনো কণ্ঠশিল্পীক অপমান কৰাটো গ্ৰহণযোগ্য হব নোৱাৰে। যদি কোনো বিহু সমিতিয়ে তেওঁলোকে আয়োজন কৰা বিহু অনুষ্ঠানত গীত পৰিবেশন কৰিবলগীয়া কণ্ঠশিল্পী সকলৰ বাবে নিৰ্ধাৰিত কিবা নীতি নিয়ম থাকে তেনেহলে সেয়া পূৰ্বে নিৰ্দিষ্ট কণ্ঠশিল্পী গৰাকীক অৱগত কৰিব লাগে। অন্যথা অনুষ্ঠান পৰিবেশন কৰিবলৈ মঞ্চত উপবিষ্ট হোৱা কণ্ঠশিল্পী গৰাকীক যদি মঞ্চত তেনেকুৱা নিয়মৰ দোহাই দি অপমান কৰিবলৈ আয়োজক সমিতিৰ নিৰ্দিষ্ট একাংশ বিষয়ববীয়া উদ্যত হয় তেনেহলে সেয়া কেতিয়াও গ্রহণযোগ্য হব নোৱাৰে। দিগন্ত ভাৰতীৰ সৈতে সংঘটিত হোৱা ঘটনাটোৱে অসমৰ বিহু মঞ্চৰ প্ৰথম ঘটনা নহয়। এনে ঘটনা অসমৰ বিহু মঞ্চত পূৰ্বে বহুত সংঘটিত হৈছে। গতিকে এনে ঘটনা সমূহ ৰোধ কৰিবলৈ হলে কণ্ঠশিল্পী সমাজ একগোট হোৱাৰ প্ৰয়োজনীয়তা আছে। গীত পৰিবেশন কৰিবলৈ আমন্ত্ৰণ কৰি নি এগৰাকী কণ্ঠশিল্পীক ৰাজহুৱা অপমান কৰা বিহু সমিতি সমূহক যদি কণ্ঠশিল্পী সমাজে একগোট হৈ বহিস্কাৰ কৰে তেনেহলে প্ৰতিখন বিহু সমিতিয়ে এগৰাকী কণ্ঠশিল্পীক ৰাজহুৱাকৈ অপমান কৰাৰ আগতে এবাৰ হলেও ভাবিবলৈ বাধ্য হব। একতাই হৈছে যিকোনো অপশক্তিৰ বিৰুদ্ধে যুঁজ দিব পৰা মূল শক্তি। গতিকে অসমৰ সকলো কণ্ঠশিল্পী একত্ৰিত হৈ এনেবোৰ অপশক্তিৰ বিৰুদ্ধে যদি মাৰ বান্ধি থিয় হবলৈ আগবাঢ়ি নাহে তেনেহলে আগন্তক দিনবোৰটো দিগন্ত ভাৰতীৰ দৰে বহু কণ্ঠশিল্পী ভুক্তভোগী হোৱাটো নিশ্চিত।