বিহু আৰু পৰম্পৰাগত খাদ্য সম্ভাৰ
ৰশ্মি ৰেখা দুৱৰা
বৰপথাৰ কোঁৱৰ গাঁও,ডিব্ৰুগড়
“বিহুটি আদৰৰ, বিহুটি সাদৰৰ, বিহুটি অসমৰ প্ৰাণ,
এনুৱা বিহুটি এৰিব লাগিলে নাথাকে অসমৰ মান।”
অসমীয়াৰ হিয়াৰ আমঠু বাপতি-সাহোন বিহু।বিহু অসমৰ জাতীয় কৃষিভিত্তিক উৎসৱ।বিহু উৎসৱৰ লগত অসমৰ উজনিৰ পৰা নামনি সকলো অঞ্চলৰ লোকৰে এক নিবিড় সম্বন্ধ গঢ়ি উঠে।পূৰ্বতে কৃষিভিত্তিক উৎসৱ হিচাপেই বিহু গঢ় লৈ উঠিছিল যদিও পৰৱৰ্তী সময়ত আনন্দ উৎসৱলৈ পৰিণত হৈছিল।বিহু অসমীয়াৰ তেজত আছে,বিহু অসমীয়াৰ প্ৰাণস্বৰূপ,বিহু অসমীয়াৰ সিৰে সিৰে প্ৰবাহিত হৈ আছে।বিহু বুলি ক’লেই মন-প্ৰাণ উখল-মাখল লাগে।কেনেকৈ ধুমধামেৰে আয়োজন কৰিব পাৰি।
বিহুক প্ৰধানকৈ তিনিটা ভাগত ভাগ কৰা হৈছে।ব’হাগ বিহু,কাতি বিহু আৰু মাঘ বিহু।ব’হাগ বিহুক ৰঙালী বিহু,কাতি বিহুক কঙালী বিহু আৰু মাঘৰ বিহুক ভোগালী বিহু বুলিও কোৱা হয়।বীজ সিঁচাৰ পৰা খেতি চপাই ভোগ কৰালৈকে বিহুৰ লগত সম্বন্ধ আছে।সেয়েহে কোৱা হয় কৃষিৰ লগত বিহুৰ ওতঃপ্ৰোত সম্বন্ধ আছে।
ব’হাগ বিহুৰ পৰাই খেতিৰ আৰম্ভণি হয়।মাটি চহোৱা,বীজ সিঁচা আদি।ব’হাগ বিহু যিহেতু ৰঙৰ উৎসৱ সকলোৰে মন-প্ৰাণ ৰং-ৰহইচৰে উপচি পৰে।কনিষ্ঠৰ পৰা জ্যেষ্ঠলৈ সকলোৱে বিহুত মতলীয়া হৈ হুঁচৰি গাই আনন্দ উপভোগ কৰে।গাভৰুসকলে গছ তলৰ বিহু কৰে।জা-জলপান,পিঠা-পনা আদি প্ৰস্তুত কৰে পৰিয়ালৰ সৈতে খোৱাৰ উপৰিও আলহী আপ্যায়নৰ বাবে।ব’হাগ বিহুৰ প্ৰথম সাতটা দিনক সাতবিহু বিহু বুলিও কোৱা হয়।ক্ৰমে গৰু বিহু,মানুহ বিহু,গোঁসাই বিহু,তাঁতৰ বিহু,নাঙলৰ বিহু,জীৱ-জন্তুৰ বিহু আৰু চেৰা বিহু।ঠাই ভেদে উক্ত সাতবিহুক ভিন্ন নামেৰে নামাংকন কৰিছে।প্ৰতিটো দিনৰে উল্লেখযোগ্য বৈশিষ্ট্য আছে।গৰু বিহুত পুৱাই গৰুক মা-হালধিৰে গা-ধুৱাই চাটত সীয়া লাও-বেঙেনা গালৈ দলিয়াই।যিহেতু গৰুৱে হৈছে খেতিয়কৰ সম্বল।গধূলিলৈ গোহালিত জাক দিয়া হয়।গৰুক তৰা পঘাৰে বান্ধি নিমখীয়া পিঠা খুওৱা হয়।প্ৰাৰ্থনা কৰে গৃহস্থই গৰুকেইটা যাতে অপায়-অমঙ্গল নহয়।মানুহ বিহুত নামঘৰত সেৱা জনোৱাৰ লগতে পৰিয়ালৰ জ্যেষ্ঠজনৰ পৰাও আশীৰ্বাদ গ্ৰহণ কৰা হয়।উক্ত সাতবিহুৰ প্ৰত্যেকৰে সুকীয়া বৈশিষ্ট্য আছে।
কাতি বিহুত পথাৰৰ ধাননিডৰাৰ বাঢ়নীৰ সময়,গেঁৰ ওলাই।এই বিহুত জাক-জমকতা নাই।যিহেতু ভঁৰাল উদং হৈ পৰে।খাবলৈ অভাৱ হয়।কাতি বিহুত তুলসীৰ তলত চাকি জ্বলোৱাৰ লগতে পথাৰতো চাকি দিয়া হয়।ধাননিডৰা যাতে পোক-পতঙ্গই নাশ কৰিব নোৱাৰে।ঠাই ভেদে তুলসীৰ তলত শৰাই আগবঢ়ায়ো প্ৰাৰ্থনা কৰে।
মাঘৰ বিহুত সকলো ৰাইজে মিলি ভোগ কৰে, খেতি চপোৱাৰ শেষত।আঘোণত যিহেতু সোণোৱালী ধানেৰে ভঁৰাল উপচি পৰে।খেতি চপোৱাৰ আনন্দতে এসাঁজ একেলগে গ্ৰহণ কৰে।এই বিহুত পিঠা-পনা,জা-জলপান আদি প্ৰস্তুত কৰাৰ লগতে মিঠা আলু আৰু কাঠ আলু খোৱাৰ নিয়মো আছে।
পৰম্পৰাগত খাদ্য সম্ভাৰলৈ চকু ফুৰাবলৈ গ’লে পোনপ্ৰথমে পঁইতা ভাতৰ সোৱাদলৈ মনত পৰে।উৰুকাৰ ৰাতিয়ে পানী দি থৈ দিয়া পঁইতা ভাত গৰু বিহুৰ পুৱাই সৰিয়হৰ তেল,কেঁচা পিয়াজ,আলু পিটিকা আৰু পানীটেঙাৰ সৈতে খোৱা পঁইতা ভাতৰ সোৱাদেই সুকীয়া।খালে খাই থাকিবৰ মন যোৱা।বিহু বুলিয়ে নহয় গৰমৰ দিনত মাজে-সময়ে পঁইতা ভাত খোৱাটো স্বাস্থ্যৰ বাবেও ভাল।সৰিয়হৰ বা লাই গুটিৰে প্ৰস্তুত কৰা পানীটেঙাও বৰ সোৱাদযুক্ত হয়।থেকেৰা টেঙাৰ সলনি আন টেঙা ব্যৱহাৰ কৰিয়ো পানীটেঙা প্ৰস্তুত কৰিব পাৰি যদিও থেকেৰা টেঙাৰে প্ৰস্তুত কৰা পানীটেঙাৰ সোৱাদ বেছি।ঘনাই চৰ্দি হৈ থকা ব্যক্তিয়ে পানীটেঙা খালে চৰ্দিৰ পৰা পৰিত্ৰাণ পায়।যিহেতু পানীটেঙাত জাল আছে।গৰু বিহুৰ দিনা ১০১ বিধ শাকৰ আঞ্জা খোৱাৰ নিয়মো আছে।১০১ বিধ শাক সহজে পোৱা সম্ভৱ নহয়।সেয়েহে কোনো কোনোৱে ২১ বিধ বা ৭ বিধ ব্যঞ্জনে ৰান্ধি খায়।সাত বিধ ব্যঞ্জনক সাতশাকী বুলিও কোৱা হয়।কোনো ঠাইত চেৰা বিহুৰ দিনা ১০১ বিধ শাক খোৱাৰ নিয়ম আছে।গৰু বিহুত আমৰলি টোপ খালে ১০১ বিধ শাক নাখালেও হয় বুলি কোৱা হয়।আমৰলি টোপৰ লগত বেত গাজ ৰান্ধি খালে অনন্য সোৱাদ পোৱা যায়।সেয়া হয়তো খাই পোৱা জনেহে অনুভৱ কৰিব পাৰিব।
১০১ বিধ শাকৰ তালিকাখন তলত উল্লেখ কৰা হৈছে-১/লাই ২/খুতৰা ৩/জিলমিল ৪/ পালেং ৫/ ব্ৰাহ্মী ৬/ ঢেঁকীয়া ৭/ দোৰোণ ৮/লেহেতি ৯/কুকুৰাঠেঙীয়া ১০/ গৰুখিচ ১১/ কচু ১২/ চেংমৰা ১৩/ শতমূল ১৪/ টিকনি বৰুৱা ১৫/ হাতীখুতৰা ১৬/ মেথি ১৭/ নলটেঙা ১৮/ সৰিয়হ ১৯/ শুকলতি ২০/ নেফাফু ২১/ মানিমুনি ২২/ ভেদাইলতা ২৩/টেঙেচি ২৪/নৰসিংহ ২৫/পদিনা ২৬/ মছন্দৰী ২৭/ লাইজাবৰি ২৮/লফা ২৯/ ধনিয়া ৩০/পিঁয়াজ পাত ৩১/হেলেঞ্চি ৩২/পনৌনৌৱা ৩৩/মূলা পাত ৩৪/জাতিলাও আগ ৩৫/ ৰঙালাও আগ ৩৬/মহানিম ৩৭/মৰিচা ৩৮/বিহলঙনী ৩৯/মৰাপাট ৪০/মধুসোলেং ৪১/বৰমানিমুনি ৪২/অমিতা ফুল ৪৩/শেৱালি ফুল ৪৪/অমৰা ফুল ৪৫/আমৰ ফুল ৪৬/অসুক ফুল ৪৭/আনাৰসৰ কোঁহ ৪৮/আলুৰ পাত ৪৯/আদা পাত ৫০/কেঁহেৰাজ ৫১/কলমৌ ৫২/ কুহিলা পাত ৫৩/চজিনা পাত ৫৪/গাজৰ পাত ৫৫/চিৰতা পাত ৫৬/চালকুঁৱৰী ৫৭/তিঁয়হ পাত ৫৮/তুলসী ৫৯/তিতাফুল ৬০/কেৰেলা পাত ৬১/ কোমোৰা পাত ৬২/জেতুলীপকা পাত ৬৩/জলকীয়া পাত ৬৪/ জালুক পাত ৬৫/মেটেকা ৬৬/মানধনিয়া ৬৭/বৃন্দাবন ৬৮/পটল পাত ৬৯/পিপলি ৭৯/বনজালুক ৮০/দুপৰ টেঙা ৮১/ ধুন্দুলি পাত ৮২/ধতুৰা ৮৩/নুনি পাত ৮৪/ নহৰু পাত ৮৫/ পিৰালি পালেং ৮৬/নিলাজী বন ৮৭/বিলাহী পাত ৮৮/মৰলিয়া পাত ৮৯/ভেঁটফুল ৯০/পুৰৈ শাক ৯১/চয়াবিন পাত ৯২/ জিকা পাত ৯৩/কাঠ আলু পাত ৯৪/মিঠা আলু পাত ৯৫/থেৰেজু পাত ৯৬/জবা ফুল ৯৭/ আৰফুল ৯৮/ওলকবি পাত ৯৯/আগেজলা ১০০/গাখীৰতী।
বিহু বুলি ক’লে সাজ পানী তৈয়াৰ কৰাও হয়।মৃতকত দিয়াৰ উপৰিও ঘৰলৈ অহা আলহীক যচা হয়।তদুপৰি তিল পিঠা,ঘিলা পিঠা,তিলৰ লাড়ু,নাৰিকলৰ লাড়ু,ভাপত দিয়া পিঠা,দৈ,চিৰা,সান্দহ,নিমখীয়া পিঠা আদি প্ৰস্তুত কৰা হয়।পৰিয়ালবৰ্গই পিঠা-পনাৰে চাহ খোৱাৰ লগতে অতিথিপৰায়ণ কৰা হয়।মাঘৰ বিহুত মিঠা আলু,কাঠ আলু খোৱাৰ নিয়মো আছে।সমজুৱা ভোজত মাটি দাইল,হাঁহ-কোমোৰাৰ আঞ্জাৰ সোৱাদেই সুকীয়া।গৰুক গা-ধুৱাবৰ বাবে চাটত সীয়া লাও,বেঙেনা,থেকেৰা,হালধি আদিবোৰ মাংসত দি ৰান্ধি খোৱা হয়।গাহৰ মাংসৰ লগত টিকনি বৰুৱা ৰান্ধিলেও বৰ সোৱাদযুক্ত হয়।উক্ত খাদ্যবোৰ পৰম্পৰাগতভাৱে অতীজৰে পৰা গ্ৰহণ কৰি অহা হৈছে।
কৃষিকৰ্মৰ লগত জড়িত চহা লোকসকলৰ মুখৰ পৰা কষ্টৰ মাজেৰেই ন-ন গীতৰ কলি নিগৰিছিল।বিহু অসমীয়া জাতিৰ অমূল্য সম্পদ।এই বিহুৰ পৰাই অসমীয়া লোক-সাহিত্যৰ অন্যতম সম্পদ বিহুনামবোৰৰ উৎপত্তি হৈছে।বিহুৰ লগত অসমীয়াৰ পৰম্পৰাগত খাদ্যবোৰ জড়িত হৈ আছে।চহা লোকসকলে কষ্ট কৰি যেতিয়া পথাৰৰ পৰা ঘৰলৈ আহি ভাগৰি পৰে;ভাগৰ পলোৱাবৰ বাবে সাজ পানী এবাতি খায় জিৰণি লয়।ন-খোৱা,ন-ভূঁই ৰোৱা,বীজ সিঁচা আদি সকলো পৰ্বতে সাজ পানী ব্যৱহাৰ হয়।বিহু বুলি ক’লে মাছ-মাংসকে আদি কৰি বিভিন্ন শাক-পাচলি,আমৰলি টোপ,পিঠা-পনা আদি গ্ৰহণ কৰা হয়।