বিহু অসমীয়াৰ প্ৰাণ
আমাৰ শৈশৱৰ বিষয়ে লিখিব পৰাকৈ শৈশৱ পাৰ কৰা বৰ বেছি দিন হোৱা নাই।কিন্তু যোৱা কেইবছৰমানত ইমান পৰিৱৰ্তনৰ মুখামুখি হ’ব লগা হৈছে যে নিলিখি নোৱাৰিলো। পল ,অনুপল ,দিন,ৰাতি ইমান বেগত সলনি হ’ব ধৰিছে,যাৰ ফলস্বৰূপে পৰিৱৰ্তনৰ ধামখুমীয়াত এই পৰম্পৰা হেৰাই যোৱাৰ উপক্ৰম ঘটিছে। অসমীয়া জাতিৰ বাপতি সাহোন বিহুৰ যিখিনি পৰম্পৰা সেই পৰম্পৰাখিনি ক্ৰমান্বয়ে নাইকীয়া হ’ব ধৰিছে ।পৰম্পৰা সমূহৰ অবিহনে বিহুৰ স্বকীয়তা প্ৰকাশ অসম্ভৱ ।পৰম্পৰা সমূহৰ দ্বাৰাই ভৱিষ্যত প্ৰজন্মই বিহুৰ প্ৰকৃত আমেজ পাব বুলি মই ভাবোঁ। ধান কাটি লখিমী ঘৰলৈ অনা দিনাৰ পৰাই আঙুলি মূৰত হিচাপ হয় ভোগৰ উৎসৱ ভোগালীৰ।আঘোণ মাহৰ ন-খোৱাৰ পৰা আৰম্ভ কৰি চুঙা পিঠা লৈকে এই সকলোবোৰৰ লগত জড়িত হৈ থাকে আগন্তুক ভোগালী বিহু । এই বিহু যিহেতু প্ৰধানকৈ অগ্নিৰ লগত জড়িত সেয়েহে ভোগালী বিহুক বহুতে মেজি ফুওৱা বিহু বুলিও অভিহিত কৰে ।বিহুৰ এমাহ মানৰ আগৰ পৰা প্ৰস্তুতি আৰম্ভ কৰে মেজি জ্বলোৱাৰ। খৰি কাটি শুকুৱাটো হৈ পৰে মেজিৰ বাবে প্ৰধান কৰ্ম।সেয়েহে দেউতা,বৰদেউতাৰ লগত আমিয়ো ব্যস্ত হৈ পৰো এইবোৰ কামত।মা- বৰমা হঁত ব্যস্ত হয় পিঠা-পনা বনোৱাত।বিভিন্ন ধৰণৰ জলপান – ভজা চাউল,কোমল চাউল,আখৈ, সান্দহ গুৰি আদি তৈয়াৰ কৰাত কেইদিনমান আগৰ পৰা প্ৰস্তুতি চলায়।ঢেঁকীত খুন্দা জলপানৰ জুতি খোৱাইহে বুজি পায় । আজিৰ দৰে বস্তু খুন্দা বিভিন্ন সঁজুলিতকৈ ঢেঁকীত খুন্দা বস্তুৰ সোৱাদেই সুকীয়া। বিহুৰ উৰুকা দিনাই দুটা মেজি সজা হয়। মেজি সঁজা সময়ত দেউতাই মাতি কেনেকৈ খৰি মেজিত জাপে,খুঁটা কেইটা দিয়ে ইত্যাদিবোৰ দেখুৱাই দিছিল। এটা থূলমূলকৈ উৰুকাৰ দিনা ৰাতি পুৱাবলৈ আৰু আনটো বৰমেজি বিহুৰ দিনা ৰাতিপুৱা জ্বলাবলৈ সজা হৈছিল। উৰুকাৰ দিনা ৰাতি পুউৱা জুইত চুঙা পিঠা পোৰা হয়।মা – বৰমা হঁতে জুহালত কেৰাহীত পিঠা পুৰি কেৰাহীৰ ওপৰতে অলপ সময়ৰ বাবে থোৱাৰ ব্যৱস্থা কৰে।সেই অপূৰ্ব দৃশ্য ভাষাৰে বৰ্ণোৱা কঠিন ।ৰাতিলৈ উৰুকাৰ ভোজ বংশ – পৰিয়ালে মিলি গ্ৰহণ কৰে। বিহুৰ দিনা বোৱাৰী পুৱাতে উঠি কাউৰীয়ে কা- নকৰা আগতেই লাগনি গছত খেৰৰ এটা বান্ধনি দি পৰম্পৰাগত হাতুৰীৰে কোবোৱা হয়, যাতে আগন্তুক দিনত অধিক ফল লাগে।তাৰ পিছতে গা-পা ধুই জয়ধ্বনি দি বৰমেজি ত অগ্নি সংযোগ কৰে যাতে অসূয়া- অপ্ৰীতি সকলো বিনাশ হয় আৰু বৰমেজিতে অগ্নিসেৱা কৰি সেইদিনাৰ পৰা অগ্নিক সকলোতকৈ ডাঙৰ বুলি মনা হয়।।
বিহুৰ দিনা ভাত খোৱা নহয়।বিভিন্ন সুস্বাদু জলপানেৰে আপ্যায়িত কৰা হয়।বছৰটো যাতে কোনো অপায় অমঙ্গল নোহোৱাকৈ পাৰ হয়,তাৰ বাবে গোঁসাইৰ চৰণতো শৰাই আগবঢ়োৱা হয়।যেতিয়াৰ পৰা বুজা হৈছো ,তেতিয়াৰ পৰা দেউতাহঁতক দেখিছো বিহু আহিলেই (কেৱল বিহুতেই নহয়, সকলো শুভ কামতে )বয়োজ্যেষ্ঠজনৰ পৰা আৰ্শীবাদ লোৱা।গতিকে আমিও সেই নিয়মৰ ব্যতিক্ৰম নহয়।শেষত,পৰিয়ালৰ সকলোৰে ঘৰত বিহু , মানে পিঠা-পনা খাই অলপ ফূৰ্তি কৰো ।
এইবোৰ সাম্প্ৰতিক সময়ত অতি দুৰ্লভ হৈ পৰিছে ।শৈশৱৰ সেই দিনবোৰে এতিয়া খুব আমনি কৰে ।এই সময়তে জুবিন দাৰ সেই গানটোলৈ খুব মনত পৰে-
“মনলে উভতি আহে ল’ৰালি ,
তোৰে মোৰে এটি এটি ধেমালি ।
বৰ্তমান সময়ত দেখিবলৈ পাওঁ ইংৰাজী নৱবৰ্ষ,খ্ৰীষ্টমাষ্ট পালন কৰাৰ দৰে বিহু পালন নকৰে ।এইটো অসমীয়া জাতিৰ বাবে অত্যন্ত দুৰ্ভাগ্য জনক।আমি সকলো সংস্কৃতিকে ভাষা – বৰ্ণহীন ভাৱে আদৰি লোৱা উচিত।কিন্তু নিজৰ সংস্কৃতি বাদ দি নহয় ।
বিহু অসমীয়া জাতিৰ প্ৰাণ ।”বিহুত এনে এটা সন্মোহিনী শক্তি বিৰাজমান,সেই সন্মোহিনী শক্তিৰ বাবেই সমগ্ৰ বিশ্বত হৈ পৰিছে একক আৰু অনন্য।
সংস্কৃতি এটা জাতিৰ পৰিচয় ।পৰম্পৰাগত সংস্কৃতি ভৱিষ্যত প্ৰজন্মই নাজানিলে ই কালৰ কুটিল গতিত হেৰাই যাব।গতিকে ইয়াৰ প্ৰতি লক্ষ্য ৰাখি সংস্কৃতি তথা পৰম্পৰা আধুনিকতাৰ কৰাল গ্ৰাসত পৰি যাতে হেৰাই নাযায়,তাৰ ওপৰত গুৰুত্ব দিয়াটো সাম্প্ৰতিক সময়ত অতি প্ৰয়োজন হৈ পৰিছে ।
শেষত ,সদৌটিলৈ ভোগৰ উৎসৱ ভোগালীৰ ওলগ যাচিলো।
এনী ভূঞা
ষষ্ঠ ষান্মাসিক , ইতিহাস বিভাগ
মাধৱদেৱ বিশ্ববিদ্যালয় ।
