বিহুৰ মাজতে নিৰ্বাচন পতাক লৈ অসন্তুষ্ট বিৰোধী ঐক্য মঞ্চ

Vote

বিহুৰ মাজতে নিৰ্বাচন পতাক লৈ অসন্তুষ্ট বিৰোধী ঐক্য মঞ্চ : নিৰ্বাচন আয়োগলৈ স্মাৰকপত্ৰ প্ৰেৰণ কৰি তাৰিখ পুনৰ বিবেচনাৰ দাবী
জাতীয় উৎসৱ বিহুৰ গুৰুত্ব হ্ৰাস কৰাৰ অপপ্ৰয়াস চলোৱাৰ অভিযোগ

ৰঙিলী বাৰ্ত্তাসেৱা-  অসমীয়াৰ বাপতি সাহোন ৰঙালী বিহুৰ মাজতে পঞ্চায়ত নিৰ্বাচন অনষ্ঠিত কৰিবলৈ লোৱাত তীব্ৰ অসন্তুষ্টি প্ৰকাশ কৰিছে ৰাজ্যৰ বিৰোধী দলসমূহৰ ঐক্যমঞ্চ অসম সন্মিলিত মৰ্চা চমুকৈ অসমে। দলকেইটাৰ মতে, জাতীয় উৎসৱ বিহুৰ দিনকেইটাৰ মাজতে মনোনয়ন প্ৰত্যাহাৰৰ দিন পৰাত বিহুৰ পৰম্পৰাগত কাৰ্য্যসূচী বিঘ্নিত হ’ব।’ অসম’ৰ নেতাসকলে আজি ৰাজ্যিক নিৰ্বাচন আয়োগলৈ এখন স্মাৰকপত্ৰ প্ৰেৰণ কৰি মনোনয়ন দাখিল আৰু প্ৰত্যাহাৰৰ সময়য়সূচী পিছুৱাই দিবলৈ দাবী জনায়।’অসম’ৰ সভাপতি অজিত কুমাৰ ভূঞা আৰু সাধাৰণ সম্পাদক লুৰীণজ্যোতি গগৈ এক প্ৰেছ বিজ্ঞপ্তিত কয় যে পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিবই লাগিব, সেয়া সাংবিধানিক বাধ্যবাধকতা। সমান্তৰালকৈ বিহুও পাতিব লাগিব। সাধাৰণতে নিৰ্বাচন অনুষ্ঠিত কৰাৰ ক্ষেত্ৰত চৰকাৰ তথা নিৰ্বাচন আয়োগে বিহুৰ দিন-তাৰিখটোৰ প্ৰতি ধ্যান ৰাখি আগবাঢ়ে। প্ৰতিখন ৰাজ্যত নিৰ্বাচন অনুষ্ঠিত কৰাৰ সময়ত নিৰ্বাচন আয়োগে সেই ৰাজ্যৰ উৎসৱ-পাৰ্বন আদিৰ সময়ৰ প্ৰতি লক্ষ্য ৰাখে। হাৰিয়ানা আৰু মহাৰাষ্ট্ৰ দুয়োখন ৰাজ্যৰ বিধানসভাৰ কাৰ্য্যকাল একে সময়ত উকলিছিল যদিও হাৰিয়ানাৰ নিৰ্বাচন আগত পাতি, মহাৰাষ্ট্ৰৰ গুৰুত্বপূৰ্ণ উৎসৱ গণেশ চতুৰ্থীৰ বাবে ৰাজ্যখনৰ নিৰ্বাচন প্ৰায় এমাহ পলমকৈ অনুষ্ঠিত কৰিছিল।অসমৰ বিহুৰ ক্ষেত্ৰত ৰাজ্যিক নিৰ্বাচন আয়োগে উক্ত পৰম্পৰাগত দৃষ্টিভংগীক আওকান কৰা বুলি উল্লেখ কৰি ভূঞা আৰু গগৈয়ে কয় যে ৰাজ্যিক নিৰ্বাচন আয়োগে নিৰ্ধাৰণ কৰা সূচী অনুসৰি অহা ১২ এপ্ৰিলত মনোনয়ন পত্ৰ পৰীক্ষা আৰু সেইদিনাই তালিকা প্ৰকাশ হ’ ব। তাৰ পিছদিনা ১৩ এপ্ৰিলত বহাগ বিহুৰ উৰুকা। সাত দিনীয়া বিহুৰ মাজতে, ১৭ এপ্ৰিলত মনোনয়ন প্ৰত্যাহাৰৰ দিন ধাৰ্য কৰা হৈছে। অৰ্থাৎ নিৰ্বাচনী প্ৰক্ৰিয়াৰ লগত জড়িত লোকসকলে বিহুৰ মাজতে নিৰ্বাচনী কামকাজ বা নিৰ্বাচনৰ মাজতে বিহুৰ কাৰ্য্যসূচী পালন কৰিব লাগিব।বিবৃতিটোত লগতে কোৱা হয় যে যিকোনো নিৰ্বাচনৰ দিন তাৰিখ নিৰ্ধাৰণ কৰাৰ পূৰ্বে বিৰোধী দলসমূহৰ লগত আলোচনা কৰি মতামত গ্ৰহণ কৰাটো এটা পৰম্পৰা। কিন্তু ৰাজ্যিক নিৰ্বাচন আয়োগে উক্ত পৰম্পৰা ভংগ কৰিছে।”বিহুৰ মাজতে ৪ দিন চৰকাৰী কাৰ্যালয় বন্ধ থকাটোৱেই বিহুৰ প্ৰতি সন্মান প্ৰদৰ্শন নুবুজায়। ৰাজ্যিক নিৰ্বাচন আয়োগে বিহুৰ মাজত পঞ্চায়ত নিৰ্বাচন অনুষ্ঠিত কৰিব বিচৰা কাৰ্যই বিহুৰ সমগ্ৰ পৰিৱেশটোৱেই অৰ্থাৎ জাতি-ধৰ্ম-বৰ্ণ-ৰাজনীতি নিৰ্বিশেষে ঐক্যৰ পৰিৱেশটোক নিৰ্বাচনৰ পৰিৱেশলৈ অৰ্থাৎ বিভাজনমুখী পৰিৱেশলৈ পৰিণত কৰিব আৰু বিহু উৎসৱৰ আনন্দৰ পৰা ৰাইজক বঞ্চিত কৰিব।” – বিবৃতিটোত ভূঞা আৰু গগৈয়ে কয়।ৰাজ্যিক নিৰ্বাচন আয়োগলৈ প্ৰেৰিত স্মাৰকপত্ৰখনত অসম সন্মিলিত মৰ্চাৰ সভাপতি তথা সাংসদ অজিত কুমাৰ ভূঞা, সাধাৰণ সম্পাদক তথা অসম জাতীয় পৰিষদৰ সভাপতি লুৰীণজ্যোতি গগৈ, ৰাইজৰ দলৰ সভাপতি তথা বিধায়ক অখিল গগৈ, চি পি আই (এম) ৰ ৰাজ্যিক সম্পাদক সুপ্ৰকাশ তালুকদাৰ, চিপিআই(এমএল)ৰ ৰাজ্যিক সম্পাদক বিবেক দাস, চি পি আইৰ ৰাজ্যিক সম্পাদক কনক গগৈ আৰু ফৰৱাৰ্ড ব্লকৰ ৰাজ্যিক সভাপতি মিহিৰ নন্দীয়ে স্বাক্ষৰ কৰে।