বিহুৰ প্ৰতি লক্ষ্য ৰাখি বিধানসভা নিৰ্বাচনৰ দিন ঘোষণা কৰিব নির্বাচন আয়োগে
ৰঙিলী বাৰ্ত্তাসেৱা- অসম বিধানসভাৰ নিৰ্বাচনৰ প্ৰস্তুতিক লৈ বুধবাৰে হোটেল ৰেডিছন ব্লুত ভাৰতৰ নিৰ্বাচন আয়োগে সম্বোধন কৰে সংবাদমেল। আগন্তুক অসম বিধানসভা নির্বাচনৰ বিভিন্ন দিশ সম্পৰ্কে বুজ লোৱাৰ উদ্দেশ্যৰে দুদিনীয়া কাৰ্যসূচীৰে গুৱাহাটীলৈ অহা দেশৰ নিৰ্বাচন আয়োগৰ দলটোৱে সংবাদমেল সম্বোধন কৰে। সোমবাৰে সন্ধিয়া গুৱাহাটীত উপস্থিত হোৱা আয়োগৰ দলটোৱে মঙলবাৰ আৰু বুধবাৰে বিভিন্ন পক্ষৰে আলোচনাত মিলিত হোৱাৰ পাছত বিয়লি সংবাদমেল সম্বোধন কৰে । দেশৰ মুখ্য নিৰ্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰৰ নেতৃত্বত অসমলৈ অহা দলটোত নিৰ্বাচন আয়ুক্তদ্বয় ডাঃ এছ এছ সান্ধু আৰু ড৹ বিবেক যোশীৰ লগতে আয়োগৰ কেইবাগৰাকী বিষয়ববীয়া আছে । ৰঙালী বিহুৰ দিনকেইটাৰ প্ৰতি লক্ষ্য ৰাখিয়েই অসমত বিধানসভা নিৰ্বাচনৰ দিন ধাৰ্য কৰা হ’ব। বিহু অসমৰ এটা মহত্ত্বপূর্ণ উৎসৱ। গতিকে বিহুৰ প্ৰতি লক্ষ্য ৰাখি নির্বাচন আয়োগে নিৰ্বাচনৰ দিন সম্বন্ধে সিদ্ধান্ত ল’ব বুলি সংবাদমেলত সদৰী কৰিছে ভাৰতৰ মুখ্য নির্বাচন আয়ুক্ত জ্ঞানেশ কুমাৰে। গুৱাহাটীত আজি আয়োগৰ পূৰ্ণাংগ বেঞ্চৰ অসম ভ্ৰমণৰ সামৰণি পৰাৰ পূৰ্বে সংবাদ মাধ্যমৰ আগত তেওঁ কয় যে অসমত নির্বাচন কেতিয়া হ’ব আৰু কেইটা পর্যায়ত হ’ব সেইটো আয়োগে নতুন দিল্লীৰ পৰা ঘূৰি গৈহে সিদ্ধান্ত ল’ব। নির্বাচন আয়োগে এই সন্দর্ভত যি সিদ্ধান্ত গ্রহণ কৰিব অসমৰ ভোটাৰৰ হিতৰ কাৰণেই হ’ব আৰু সংবিধানৰ নীতি-নিয়মৰ মাজেৰেই সম্পন্ন হ’ব। আহিবলগীয়া নিৰ্বাচনত অসমৰ সকলোকে ভোটদানৰ অধিকাৰ সাব্যস্ত কৰিবলৈ আহ্বান নিৰ্বাচন আয়োগৰ। নিৰ্বাচন আয়ুক্তই কয়, অসমত SR ৰূপায়ণ কৰাৰ লক্ষ্যই আছিল কোনো অযোগ্য ভোটাৰ ভোটাৰ তালিকাত থাকিব নোৱাৰিব। এইবাৰ অসমত সংযুক্ত হৈছে ৫ লাখ ৭৫ হাজাৰ নতুন ভোটাৰ । ৫০০টাহে ভোটাৰ সম্পৰ্কীয় বিসংগতিৰ অভিযোগ আহিছে। ২ লাখ ৫০ হাজাৰ লোক এতিয়া SR ৰ জৰিয়তে ভোটাৰ তালিকাৰ পৰা বাদ পৰিছে। এইবাৰ থাকিব ৩১,৪৮৬টা ভোটগ্ৰহণ কেন্দ্ৰ। ২৭,৭১১টা ভোটগ্ৰহণ কেন্দ্ৰ থাকিব গাঁও অঞ্চলত, নগৰাঞ্চলত থাকিব ৩,৭৭৫টা। মহিলা পৰিচালিত ভোটগ্ৰহণ কেন্দ্ৰ থাকিব ৩৭১৬টা। খোৱাপানী, ৱাশ্বৰূম, হুইল চেয়াৰ আদি সকলো ব্যৱস্থা থাকিব। প্রতিটো ভোটগ্রহণ কেন্দ্রত ৱেবকাষ্টিঙৰ ব্যৱস্থা থাকিব। ভোটাৰসকলে এইবাৰ ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰলৈ ম’বাইল ফোন নিব নোৱাৰিব। ভোটগ্রহণ কেন্দ্ৰৰ ভিতৰলৈ যোৱাৰ পূৰ্বে ভোটাৰসকলে বাহিৰত স্থাপন কৰা কক্ষত ম’বাইল ফোন থৈ যাব লাগিব। ভোটাৰৰ সুবিধাৰ কাৰণে প্ৰতিটো ভোটগ্রহণ কেন্দ্রত ১,২০০তকৈ অধিক ভোটাৰ নাথাকে। ৰাজ্যৰ প্ৰতিটো ভোটগ্রহণ কেন্দ্ৰত গড় ভোটাৰৰ সংখ্যা হ’ল ৭৯৩গৰাকী। ৰাজ্যৰ ১২৬টা ভোটগ্রহণ কেন্দ্রক অত্যাধুনিক ব্যৱস্থাৰে সাঙুৰি লোৱা হৈছে। ভোটগ্রহণ কেন্দ্ৰৰ পৰা কমেও ১০০ মিটাৰ দূৰত পার্টী হেল্প ডেস্ক স্থাপন কৰা হ’ব। নিৰ্বাচনী আয়ুক্ত কুমাৰে কয় যে ভোটগ্রহণৰ বেলটৰ সামগ্ৰীত প্ৰাৰ্থীৰ ক’লা-বগা ফটো সলনি কৰা হ’ব। ইয়াৰ ঠাইত প্ৰাৰ্থীৰ ৰঙীন ফটো থাকিব। আখৰসমূহৰ আকাৰো বৃদ্ধি কৰা হ’ব। নির্বাচন সম্পর্কীয় সেৱাসমূহ একত্ৰিত কৰা এপ্লিকেচন ইচি-নেট মুকলিৰ ওপৰতো গুৰুত্ব দিয়ে নির্বাচন আয়োগে। সকলো ভোটগ্রহণ কেন্দ্রত আয়োগে নিম্নতম সকলো সুবিধা প্রদান কৰিব। বৃদ্ধ ভোটাৰ, বিশেষভাৱে সক্ষম ভোটাৰৰ বাবেহে সুবিধাৰ ব্যৱস্থা কৰা হ’ব। ৰাজ্যত ৩,৭১৬টা ভোটগ্রহণ কেন্দ্ৰ মহিলাই পৰিচালনা কৰিব। মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে সদৰী কৰে যে ৰাজ্যত ২ লাখ দিব্যাংগ ভোটৰ, ৮ লাখ ৮৫ বছৰৰ ওপৰৰ ভোটাৰ আৰু ১০০ বছৰৰ ওপৰৰ ২,৫৮৬গৰাকী ভোটাৰে ভোটদান কৰিব। ৫.৭৩ লাখ নতুন ভোটাৰে এইবাৰ ভোটদান কৰিব। এছআৰত কোনোবা ভোটাৰ ৰৈ গ’লে সংশ্লিষ্ট জিলা আয়ুক্তৰ সৈতে যোগাযোগ কৰিবলৈকো আহ্বান জনাইছে মুখ্য নির্বাচন আয়ুক্তগৰাকীয়ে। তেওঁ কয় যে এছআৰৰ পিছত ভোটাৰ তালিকাত নাম অন্তর্ভুক্তি বা কৰ্তনৰ বাবে ৫০০ লোকে আবেদন কৰিছে। তুলনামূলকভাৱে এই কমসংখ্যক আবেদনে ৰাজ্যখনত সদ্য সমাপ্ত বিশেষ সংশোধনী বা এছআৰৰ সাফল্যকে সূচনা কৰিছে।
