বিহুৰ উপহাৰ-  মুন শৰ্মা

Pc Flickr
বিহুৰ উপহাৰ
আজি বীৰেন বৰ সুখী।নহব বা কিয়! দীঘলীয়া তিনিটা বছৰৰ পাছত যে লৰা ছোৱালী দুটাক হেঁপাহৰ ৰঙালীৰ উপলক্ষে  উপহাৰ এটা দিব পাৰিলে। যোৱা তিনি বছৰ গৈ গ’ল,দিব মন থকাৰ পাছতো পৰা নাছিল দিব একো উপহাৰ। আওকাণ কৰিব বাধ্য হৈছিল বীৰেনে লৰা ছোৱালী দুটাৰ সীমাহীন উৎপাতত,আমনি, কান্দোন।  খুব বেজাৰ লাগিছিল তাৰ পিছে তাক দমাই ৰাখিছিল। কাৰণ সি বুজিছিল তাৰ ক্ষমতা যে তেতিয়া সম্ভৱ নহয় কোনো প্ৰকাৰে।
 ই- ৰিক্সা চালক হিচাপে জীৱন ধাৰণ কৰা বীৰেনে দুটা বছৰ কভিড’ ৰ বাবে বন্ধ বুলিয়েই ঘৰত বহিব বাধ্য হ’ল। উপাৰ্জন বুলিব একোৱেই নাই। কভিড’ৰ শেষত যেতিয়া খুলিলে সকলো,তেতিয়া এফালে কভিড’ ৰ বাবে  মানৱ লগা  নীতিৰ নিয়মৰ ফলত আগৰ দৰে  উপাৰ্জন কৰাত বাধা আহিল। অন্য ফালে বজাৰত লাগিল বস্তুৰ উপৰত দামৰ  জুই , যিয়ে অভাৱনীয় কষ্টৰ মুখত পেলাইদিলে  নিম্ন আয়ৰ মানুহ হিচাপে তাক।  দিনটো যি দু-পইচা পাই,তাৰে ঘৰৰ প্ৰতিদিনে লগা দু-সাজ আহাৰ যোগাৰ কৰিতেই আধা খিনি গুচি যায়। বাকী খিনি  ল’ৰা ছোৱালীৰ দুটাৰ স্কুলৰ খৰচ, দৈনন্দিন বাহিৰা ঘৰুৱা খৰচ আদিবোৰ কৰোঁতেই গুচি যায়। ৰাহী বুলিব নাথাকে একো। কিন্তু  যোৱা চাৰি  মাহ মানৰ  পৰা  তাৰ অৱস্থা আগতকৈ অলপ ভাললৈ অহাৰ লগে লগেই মনতে ভাবিছিল এইবাৰ বিহুত সিহঁতক দিয়া হওঁক কিবা এটা উপহাৰ। তাকে ভাবি ভাবি টকা কেইটামান যোগাৰ কৰিলে সি লগতে ভাবি ৰাখিলে এটা নিৰ্ধাৰিত দিন যি দিনাই দিব সিহঁতক সি উপহাৰ ।
এদিন, দুদিন কৈ সময় বাগৰি সেই দিনটো আহিল।  বজাৰ খন এপাক ঘুৰিলে তাৰ পাছতে বজাৰৰ এখন দোকানলৈ সোমাই গ’ল। এখন শাৰী, এযোৰ ফ্ৰক, আৰু এযোৰ পেণ্ট ৰ্চাট  কিনি ওলাই আহিলে। দামৰ কথা কি কওঁ তাৰ ভয় লাগি গৈছিল ভাবিছিল   এই কেইটাৰ দাম দেখোন হিচাপ কৰোঁ তাৰ ঘৰলৈ দেখোন ভালে কেইদিনৰ আহাৰ আহিব। পিছে কি কৰিব বেপাৰী মানুহে নুবুজে কোন ধনী কোন দুখীয়া বুজে মাথোঁ সিহঁতৰ লাভ। সেয়ে বেছি একো নাভাবি  কাপোৰ কেইটা লৈ ললে  দোকানৰ পৰা।তাৰ বাবেও কিবা এটা লব বিচাৰিছিল কিন্তু কিবা ভাবি সি একো নললে। অহাৰ বাটত সেই তাৰ কাপোৰ বাবে বচা টকা কেইটাৰে এটা ভাল ডাঙৰ মাছ আৰু দুটামান পাচলি বজাৰ কৰি লৈ আহি ঘৰ সোমালে।
আহিয়ে ল’ৰা ছোৱালী দুটাৰ হাতত উপহাৰ দুটা তুলি দি মিছিকি হাঁহিৰে সিহঁত লৈ চাই  ৰ’ল এখন্তেক। তাৰ পাছত তাৰ পত্নীক হাতত ধৰি লৈ গল সিহঁতৰ কোঠালৈ বুলি আৰু  পালন নকৰি তুলি দিলে তাইৰ হাতত তাইৰ বাবে অনা সেই শাৰী খন বেগৰ পৰা উলিয়াই।
তাকে দেখি তাৰ পত্নী এনে কোৱা এটা ৰূপ ললে যে,তাইক কান্দিছে বুলিও ক’ব নোৱাৰি হাঁহিছে বুলিও ক’ব নোৱাৰি। তেনে এটা ৰূপৰ মাজতে এবাৰ মাত লগালে হেৰা তুমি এইবোৰ কিয় আনিব লগে অ ” কথা শুনি  লগে লগে বীৰেনৰ উত্তৰ প্ৰশ্ন নকৰিবা হেৰা শাৰী খন লোৱা আৰু পিন্ধি অহা চাও আজি তোমাক কিমান ধুনীয়া লাগে। লগে লগে বীৰেনৰ পত্নীয়ে মাৰিলে এটি লাজুকী হাঁহি। তাৰ পাছত সুধিলে আপোনালৈ কি আনিলে! বীৰেনে হাঁহি মাৰি ক’লে একো নাই তাই আকৌ সুধিলে কিয়! বীৰেনৰ  উত্তৰ হ’ব দিয়া হেৰা তোমালোকক যে দিব পৰিলোঁ সেইয়ে মোৰ উপহাৰ বুলি ধৰি লোৱা। তোমালোকৰ সুখৰ হাঁহি টো দৰে এই বিহুৰ মোৰ বাবে মূল্যবান উপহাৰ কিবা হ’ব পাৰে জানো, হা, হা,হা।
 মুন শৰ্মা,লখিমপুৰ বছাগাঁও