বিহুনামত ফুলৰ বৰ্ণনা – শ্ৰী মুনিন্দ্ৰ বৈশ্য

PC - OX Megazine

বিহুনামত ফুলৰ বৰ্ণনা

শ্ৰী মুনিন্দ্ৰ বৈশ্য, ওদালগুৰি

বসন্ত প্ৰকৃতিৰ অনুপম উপহাৰ। বসন্তত প্ৰকৃতি পাটগাভৰু হয়। প্ৰাণচঞ্চলা ষোড়শী গাভৰুৰ দৰে বসন্তত প্ৰকৃতিও চঞ্চল হৈ পৰে। তৃণ-বৃক্ষ-গুল্ম-লতাই ন-সাজ পিন্ধি প্ৰকৃতিক অনন্য সুন্দৰ কৰি তোলে। বিবিধ ফুলে ৰঙৰ মেলা পাতে। চৰাই-চিৰিকটিৰ সুললিত কণ্ঠই হেঁপাহৰ ৰঙালী বিহুৰ জাননী দিয়ে। তাকে দেখি অসমীয়াৰ গা সাতখন আঠখন কৰে।আবাল বৃদ্ধ বণীতাৰ মুখে-ওঠে ছন্দোবদ্ধ সুৰত বাগৰি ফুৰে অসমীয়া সংস্কৃতিৰ সৰ্বোৎকৃষ্ট সৃষ্টি বিহুনাম। ঢোল-পেঁপা-তালৰ সুৰৰ মূৰ্ছনাত বহাগ মাহটো আনন্দৰ মেলা হৈ পৰে। বিহুনামত ঠাই পাই প্ৰকৃতিৰ সকলো উপাদানে। তাৰে ভিতৰত অন্যতম ফুল। ফুলৰ বৰ্ণনা আৰু বন্দনা অবিহনে বিহুনামেও যেন পূৰ্ণতা লাভ নকৰে। বিহুনামত ফুলক কেনেদৰে বৰ্ণনা কৰা হয় আলোচনা কৰোঁ আহকচোন―

কপৌ ফুল : কপৌ ফুলৰ নাম শুনিলেই মনটো কূটকূটাই উঠে। কাৰণ কপৌ ফুল হৈছে বহাগৰ প্ৰধান অলংকাৰ। কপৌ ফুল অবিহনে বহাগ বিহু আধৰুৱা। কপৌ ফুলৰ পাহে পাহে নিহিত থাকে বিহুৱা ডেকাৰ প্ৰেমৰ সুবাস। কপৌ ফুলৰ মাজেৰে বিহুৱা ডেকাই গাভৰু নাচনীলৈ গভীৰ ভালপোৱা প্ৰকাশ কৰে। কপৌ নাপালে নাচনীয়েও বিহু নাচিব মন নকৰে। সেয়ে বিহুনামত গাইছে―

পাহাৰে ভৈয়ামে ঘূৰিনো ফুৰিছোঁ
কপৌ ফুল এপাহিৰ বাবে
কপৌ ফুল নাপালে বিহুকে নানাচে
প্ৰতিজ্ঞা কৰিছে ধনে।

নাহৰ ফুল : বিহুনামত নাহৰ ফুলৰ গুৰুত্বৰ বিষয়ে ডঃ লীলা গগৈয়ে লিখিছে এইদৰে― “নাহৰৰ সুৰভিৰ তীব্রতা যেনে উগ্র, বিহুনামত ইয়াৰ ব্যৱহাৰো সিমানেই ঘন। নাহৰ ফুলে বিহুৰ আগলি বাতৰি দিয়েই ক্ষান্ত নেথাকে, যৌৱনৰ দুৱাৰ্ডলি গৰকা ডেকাগাভৰুৰ মন উৰুৱাই নিয়ে কমোৱা তুলাৰ দৰে।” সেয়ে গাইছে―

এইবেলি বিহুটি ৰমকে জমকে
নাহৰ ফুলিবৰ বতৰ
নাহৰ ফুলৰ গোন্ধ পাই লাহৰীৰৰ তত নাই
গছকি ভাঙি যাওঁ যঁতৰ।

ভেবেলি লতা : ভেবেলি লতাৰ অন্য নাম ভেদাইলতা বা পাদুৰী লতা। এইবিধ লতাৰ গোন্ধৰ বিষয়ে আলোচনাৰ নিষ্প্ৰয়োজন, তীব্ৰ গোন্ধ ইয়াৰ পৰিচয়। কিন্তু তেনে লতায়ো বিহুৱা ডেকাক আকৰ্ষণ নকৰাকৈ নাথাকে। সেয়ে গাইছে এইদৰে―

চ’তে গই গই বহাগে পালেহি
ফুলিলে ভেবেলি লতা;
কৈনো কৈ থাকিলে ওৰকে নপৰে
বহাগৰ বিহুৰে কথা।

মদাৰ ফুল : মদাৰ ফুল হেনো কোনো কামতেই নালাগে; আনকি পূজাতো। সেইবাবেই মদাৰৰ আদৰ কম। কিন্তু মদাৰৰ ৰূপ-লাৱণ্যৰ আদৰ কম নহয়, ই সকলোৰে হৃদয়ত লহৰ তোলে। বসন্তত মদাৰে প্ৰকৃতিৰ বুকুত ৰঙা দলিছা পাৰি দিয়ে। কামকত নাহিলেও কিন্তু মদাৰে বিহুৱা ডেকা-ডেকেৰিক আকৰ্ষণ নকৰাকৈ নাথাকে। সেয়ে কামত নাহে বুলি বিহুনামত গাই মদাৰক প্ৰকাৰন্তেৰে যেন প্ৰশংসাহে কৰা হয়―

কেলেই ফুলিলি ৰূপহী মদাৰ ঐ
কেলেই পেলালি কলি,
গুৰুতো নেলাগ ভকতত নেলাগ
থাক তলে ভৰি সৰি।

থেকেৰা : থেকেৰা টেঙাৰ উষধি গুণ অপাৰ। প্ৰাচীন কালৰে পৰা পৰম্পৰাগত অসমীয়া খাদ্যসম্ভাৰ আৰু থলুৱা চিকিৎসা পদ্ধতিত ব্যৱহাৰ কৰি অহা ঔষধি গুণসম্পন্ন ফলৰ ভিতৰত থেকেৰা অন্যতম। ইয়াৰ ফুল কেনে বুলি ক’লে হয়তো গৰিষ্ঠ সংখ্যকেই উত্তৰ দিব নোৱাৰিব। তথাপিও কিন্তু এই ফুলে বিহুনামত স্থান পাইছে ইয়াৰ ফলৰ গুণগত মানদণ্ডৰ বাবেই―

ঔ ফুল ফুলিলে জগতে জানিলে
থেকেৰা ফুলিলে ৰাতি
আমাৰে লাহৰী ওলাই আহিছে
যেন হালধিৰে গাঁঠি।

খৰিকাজাই : খৰিকাজাই বুলি ক’লে মনটো ৰাইজাই কৰে। কত গীতত খৰিকাজাই প্ৰাণ পাই উঠিল, কত কবিৰ কবিতাত খৰিকাজাই ফুলি উঠিল হিচাপ নাই। খৰিকাজাই বুলি ক’লেই আমাৰ মনত ৰঙৰ ফাকু খেলে। সেইবাবেই বিহুনামত গাইছে―

অতিকৈ চেনেহৰ ফুলবাৰী পাতিলোঁ
তাৰ মাজত খৰিকাজাই ;
তাতোকৈ আশাৰে পীৰিতি কৰিলোঁ
ঢোপতে মৰহি যায়।

বেহাৰ ফুল : বেহাৰ বা সৰিয়হৰ ফুলৰ দৃষ্টিনন্দন দৃশ্য দেখি কোননো আপোনপাহৰা নহয়! নদীৰ চাপৰিত বেহাৰ ফুলে আঁকি দিয়া অপৰূপ সৌন্দৰ্যত মুগ্ধ হৈ সেয়ে গাইছে―

লুইতৰ চাপৰিত সৰিয়হ ফুলিলে
মোৱাপোকে বেৰি যায়
চেনাইৰ পথাৰত চেনেহবোৰ ফুলিছে
মৰহি-মলঙি যায়।

গোলাপ ফুল : ফুলৰ ৰাণী গোলাপৰ কথা জানো নতুনকৈ বৰ্ণনাৰ প্ৰয়োজন আছে! পৃথিৱীত হয়তো এনে এজন ব্যক্তি নাই যি গোলাপৰ প্ৰেমত পৰা নাই। গতিকে প্ৰেমে ভৰপক দিয়া বসন্তত ডেকা-ডেকেৰিয়ে প্ৰেম নিবেদন কৰিবলৈ গোলাপৰ আশ্ৰয় ন’লবনে? সেয়ে গাইছে―

বাৰীৰ মাজে মাজে গোলাপ ফুল ফুলিলে
তিতাফুল ফুলিলে ঢাপত।

মালতী ফুল : আন এবিধ লতাজাতীয় ফুল মালতীৰ কথা উল্লেখ কৰি গাইছে এইদৰে―

সেউতী এপাহি মালতী এপাহি
কেতেকীৰ থোৰালি পাহি
তোমাৰ দেহাটি পদুমৰ পাহি যেন
মাণিকী মধুৰী হাঁহি।

ইন্দ্ৰমালতী : আনহাতে সৰগৰ ফুল ইন্দ্ৰমালতীয়েও স্থান পাইছে মৰতৰ বিহুত―

তোৰ বাৰীত ফুলিলে ইন্দ্রজিত মালতী
মোৰ বাৰীত পৰিলে ছাঁ
দিনৰ পৰে পৰে তোলৈ মনত পৰে
ৰাতি পুৰি মাৰে গা।

সেইদৰে বিহুনামৰ ওপৰিও হুচৰিৰ ঘোষাতো বিভিন্ন ফুলৰ বৰ্ণনা দিয়া দেখা যায়।
কেতেকী ফুল : অসমৰ এবিধ বিখ্যাত আৰু দুষ্প্ৰাপ্য ফুল হৈছে কেতেকী। কেতেকী ফুল ইয়াৰ সুগন্ধৰ বাবে বিখ্যাত। কেতেকী ফুলৰ বিশ্ব-বিমোহন ৰূপ আৰু সুৰভিৰ তীব্ৰতাই প্রাণচঞ্চল কৰি তোলে মানুহৰ মন–প্রাণ। হুঁচৰি ঘোষাত ইয়াৰ ৰূপ-লাৱণ্য বৰ্ণনা কৰি গায় এইদৰে―

দেউতাৰ পদূলিত
গোন্ধাইছে মালতী
কেতেকী মলেমালাই অ’
গোবিন্দাই ৰাম।

বকুল ফুল : অসমীয়া গীতী-সাহিত্যত বকুল ফুলৰ বৰ্ণনা আৰু বন্দনা অপৰিসীম। গীতেই হওক বা কবিতা, ৰচয়িতাক যেন বকুলে অহৰ্নিশে আকৰ্ষণ কৰিয়েই থাকে। হুঁচৰিতো ইয়াৰ ব্যতিক্তম নহয়। সেইবাবেই গাইছে―

কৃষ্ণাইৰ মূৰতে
বকুল ফুল এপাহী
নিয়ৰ পাই মুকলি হ’ল অ’
গোবিন্দাই ৰাম।

এইদৰে জাতীয় উৎসৱ বহাগ বিহুৰ বিহুনামত প্ৰকৃতিৰ অনুপম সৃষ্টি ফুলসমূহে নিজৰ নিজৰ উপস্থিতিৰে বিহুনামৰ সৌন্দৰ্য বৃদ্ধি কৰি বিহুনামক সমৃদ্ধ কৰিছে।