বিহুগীতৰ শব্দত শালীনতা আৰু আধুনিক প্ৰভাৱ
বিহুগীতৰ অসমীয়া সংস্কৃতিত আছে এক সুকীয়া স্থান। পৰম্পৰাগতভাৱে চলি অহা বিহুগীত শুনিলেই প্ৰতিগৰাকী অসমীয়াৰ দেহ-মন পুলকিত হৈ পৰে। কাৰণ বিহুগীতৰ মাজত বিচাৰি পোৱা যায় অসমীয়া সমাজখনৰ চিনাকি বায়ু, মাটি আৰু সুৱাস। ইয়াত কি নাই। মৰম-ভালপোৱাৰ পৰা আৰম্ভ কৰি সুখ-দুখ, পোৱা-নোপোৱাৰ কথা, মনৰ কোনো এটি কোণত থূপ খাই থকা শব্দপুঞ্জ, আশা-নিৰাশা, ভৱিষ্যতৰ সোণালী সপোন আৰু থানবান হৈ যোৱা ছবি। বিহুগীতসমূহ ইমান দিনে পৰম্পৰাগতভাৱে চলি আহিছিল যদিও যেতিয়াৰেপৰাই গীতসমূহ ব্যৱসায়িক ভিত্তিত কেছেটত আবদ্ধ হ’ল তেতিয়াৰে পৰা ইয়াৰ কোনো মা-বাপ নোহোৱা হ’বলৈ ধৰিছে। আজিকালি বিহুগীত লিখা লোকো ওলাইছে। একোজন ৰচকে বছৰটোত শতাধিক এনে গীত ৰচনা কৰা বুলিও গৰ্ব কৰে। পিছে বিহুগীত ৰচনা কৰিব পাৰি জানো· ৰাজ্যখনৰ বিভিন্ন অঞ্চলত পৰম্পৰাগতভাৱে চলি অহা বিহুগীতহে ইমান দিনে গ্ৰহণযোগ্য হৈ আহিছিল। অসমৰ বিভিন্ন অঞ্চলৰ লোকসকলে বেলেগ বেলেগ সুৰত পৰম্পৰাগত বিহুগীতসমূহ গাই আহিছে। বিহু হুচৰি গাঁৱৰ ৰাইজে গাঁওতে সুৰ লগাই অতি শুৱলা কৰিছিল। এই গীতবোৰ এটা অঞ্চলৰ পৰা আন এটা অঞ্চললৈ প্ৰসাৰিত হওঁতে সুৰবোৰৰ সামান্য পৰিৱৰ্তন হৈছে। তদুপৰি শব্দ চয়নৰ ক্ষেত্ৰতো সামান্য পাৰ্থক্য দেখা যায়। এনেধৰণৰ সুৰ তথা শব্দ চয়নৰ মাজত পাৰ্থক্য থকাটো স্বাভাৱিক কথা। পিছে এইবোৰ গীতক আওকাণ কৰি যেতিয়া একাংশ লোকে বা গীতিকাৰে বিহুগীত ৰচনা কৰিবলৈ ধৰিলে তেতিয়াৰে পৰাই এই ধাৰাটোৰ অৱক্ষয় হোৱা বুলি ক’লেও অত্যুক্তি কৰা নহ’ব।
আধুনিক বিহুগীতসমূহ শুনিলে মনত এনে এটি ভাব হয় কেইটামান শব্দ লগ লগাই একো একোটা কবিতাহে ৰচনা কৰিছে। এইবোৰৰ শব্দবোৰো কিবা অদ্ভুত। বেছিভাগ গীত শুনিলেই ইয়াৰ অৰ্থ বিচাৰি পোৱা নাযায়। এইবোৰ গীতত আধুনিকতাৰ ইমান প্ৰভাৱ পৰিছে যে বহিঃৰাজ্যৰ লোকসকলে যদি শুনে তেতিয়া মনত এনে ভাব হ’ব যে ইয়াত পৰম্পৰাৰ গোন্ধ মুঠেই নাই। বিহুগীতৰ ৰচকসকলে হয়তো পাহৰি গৈছে যে বিহুগীত ৰচনা কৰিব নোৱাৰে। কেছেটৰ বিহুগীতৰ পৰম্পৰাৰ গীত একেবাৰেই নাই। ইয়াত গৱেষণা কৰিবলৈও একো বিচাৰি পোৱা নাযায়। সকলোৱে মনত ৰখা উচিত যে পৰম্পৰাক বাদ দি এটা জাতিৰ সংস্কৃতি জীয়াই থাকিব নোৱাৰে।
আগতে বিহুগীত-নৃত্যত যৌনতা প্ৰকাশ হৈছিল আঁৰ কাপোৰ ৰাখি। অৰ্থাৎ অশ্লীল শব্দ প্ৰয়োগ নকৰাকৈ বা অংগী-ভংগীৰেহে যৌনতা প্ৰকাশ পাইছিল। বিহুত যিহেতু যৌনতাৰ গোন্ধ থাকে, গতিকে ইয়াত পৰোক্ষভাৱে হ’লেও যৌনতাৰ গোন্ধ থাকিবই। সেইবাবেই হয়তো ৰাতি বিহুৰ সৃষ্টি হৈছিল। অৱশ্যে বিহু যিহেতু সাৰ্বজনীন ৰূপত প্ৰকাশ পায়, সেয়েহে যৌনতা প্ৰকাশৰ ক্ষেত্ৰতো সকলোৱে সতৰ্ক আৰু সাৱধান থাকে। যেতিয়া পদূলিয়ে পদূলিয়ে বিহু হুচৰি গাবলৈ যায় তেতিয়া পৰিয়ালৰ লোকসকলে একেলগে হুচৰি উপভোগ কৰে। গতিকে সামাজিকভাৱে দায়বদ্ধ লোকসকলে পৰম্পৰাগতভাৱে চলি অহা বিহুগীতৰ প্ৰচাৰ আৰু প্ৰসাৰৰ সময়ত এইবোৰ দিশতো গুৰুত্ব প্ৰদান কৰিছিল। পৰম্পৰাগতভাৱে চলি অহা বিহুগীতসমূহ লিখিত ৰূপত পোৱা নাযায়। এতিয়া যেনিবা কিছুমানে বিহুগীতৰ ওপৰত গৱেষণা চলাই এইবোৰক লিখিত ৰূপত উপস্থাপন কৰি সংৰক্ষণৰ ব্যৱস্থা কৰিছে। এয়া সঁচাকৈয়ে প্ৰশংসনীয় পদক্ষেপ। কাৰণ আধুনিক বিহুগীতে এতিয়া যি ৰূপ লৈছে তাৰ প্ৰকোপত পৰম্পৰাগত গীতসমূহ লোপ পাবলৈ বৰ বেছি দিন নালাগিব। আজিকালি বিহুগীতত আই লাভ ইউ, বিছনাত বাগৰি গাৰু সাবটি, জাৰৰ দিনত জুতি ল’বি কেঁথা-কম্বল লৈ আদি শব্দ বা বাক্য ব্যৱহাৰ কৰি বিহুগীত ৰচনা কৰা হৈছে।
বিহুগীতৰ সুৰ পৰম্পৰাগত হ’বই লাগিব। এনে সুৰত অসমৰ কেঁচা মাটিৰ গোন্ধ বিচাৰি পোৱা যায়। এতিয়া পিছে বেছিভাগ বিহুগীতৰ সুৰ হিন্দী গীত অথবা আন ভাষাত পোৱা গীতৰ সুৰৰ আৰ্হিত ৰচনা কৰা হৈছে। যদি গীতটো দূৰৈৰ পৰা শুনা যায় তেতিয়া ঢোলৰ মাত যদি কমকৈ থাকে তেনেহ’লে হিন্দী গীত অসমীয়াত পৰিৱেশন কৰাৰ দৰে হয়। কিছুমান বিহুগীত ইমানেই বেসুৰীয়া হয় যে সেইবোৰৰ আধুনিক বিহুগীত বুলিও ক’ব নোৱাৰি। অতিসম্প্ৰতি নৱপ্ৰজন্মই গোৱা প্ৰায়ভাগ বিহুগীতেই আধুনিক বিহু গান বুলিহে আখ্যা দিব পাৰি। পৰম্পৰাগত সুৰ নাথাকিলে সেয়া বিহুগীত হ’বই নোৱাৰে। কেৱল ব্যৱসায়িক স্বাৰ্থৰ কাৰণেই চালে নহ’ব, সংস্কৃতিৰ ৰক্ষা হ’বই লাগিব। পৃথিৱীত যি জাতিয়ে পৰম্পৰাক আওকাণ কৰিছে সেই জাতিৰেই সংস্কৃতি অস্তিত্বৰ সংকটত পৰিছে। আনকি বহুতো সৰু-সুৰা জাতি-উপজাতিৰ সংস্কৃতি বিচাৰি পাবলৈ নাইকিয়া হৈছে। এইবোৰ বিষয়ত সকলোৱে গুৰুত্ব প্ৰদান কৰা উচিত। কিয়নো সকলোৱে যদি এতিয়াৰে পৰাই বিশেষ পদক্ষেপ গ্ৰহণ নকৰে তেনেহক্ষলে ভৱিষ্যতে যে বিহুগীত আৰু ইয়াৰ সুৰলৈ অস্তিত্বৰ সংকট নামি আহিব সেয়া নিশ্চিত। আমি সদায় নৱপ্ৰজন্মৰ ওপৰত দোষ জাপি দিলেই নহ’বল, সংস্কৃতি ৰক্ষা কৰাটো সকলোৰে কৰ্তব্য।
গোপাল জালান
১০৮, এম জি ৰোড, ফাঁচীবজাৰ,
গুৱাহাটী, দূৰভাষঃ ৯৪৩৫১-০৩৯৭৭