বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী প্রচাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ

বিহাৰ বিধানসভা নিৰ্বাচনৰ বাবে নির্বাচনী প্রচাৰ মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাৰ প্ৰচাৰ

ৰঙিলী বাৰ্ত্তাসেৱা-   বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ প্ৰচাৰৰ শেষৰ দিনটোত মুখ্যমন্ত্রী ড° হিমন্ত বিশ্ব শৰ্মাই দুখনকৈ নির্বাচনী প্রচাৰ সভাত অংশ লয় । বিহাৰৰ ৰঘুনাথপুৰ সমষ্টিত জেডিইউৰ প্ৰাৰ্থী বিকাশ কুমাৰ সিঙৰ হৈ প্ৰচাৰ চলাই মুখ্যমন্ত্রী ড° শৰ্মাৰ মন্তব্য- বিহাৰৰ পৰা ওছামা বিন লাডেনক এইবাৰ বিদায় দিব লাগিব। আমাৰ দেশ ভগৱান শ্রীকৃষ্ণৰ দেশ, আমাৰ দেশ ৰামৰ দেশ, আমাৰ দেশ মা সীতাৰ দেশ। আমাৰ দেশ কেতিয়াও ওছামা বিন লাডেনৰ দেশ হ’ব নোৱাৰে। আৰজেডি আৰু কংগ্ৰেছ দলক তীব্র সমালোচনা কৰি মুখ্যমন্ত্রী ড° শৰ্মাই ভাষণত কিদৰে অসমৰ পৰা অবৈধ বেদখলকাৰী তথা ভূমি দখলকাৰীক উচ্ছেদ কৰিবলৈ সক্ষম হ’ল, তাক উল্লেখ কৰি মুখ্যমন্ত্ৰীয়ে কয়- অসমত প্রায় এক লাখ হেক্টৰ ভূমি সন্দেহযুক্ত বাংলাদেশী লোকে দখল কৰি ৰাখিছিল। কংগ্রেছ চৰকাৰৰ কাৰ্যকালত এনেদৰে হোৱা ভূমি দখল চৰকাৰী বিষয়াসকলে উচ্ছেদ কৰিবলৈ একপ্ৰকাৰ অপাৰগ প্ৰকাশ কৰিছিল। কিন্তু মোৰ ঘোষণা আছিল-যদি প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীয়ে বাবৰি মছজিদৰ স্থানত ৰাম মন্দিৰ নিৰ্মাণ কৰিব পাৰে, তেন্তে আমি এই বেদখলকাৰীক উচ্ছেদ কৰিব কিয় নোৱাৰোঁ? এই সিদ্ধান্ত অনুসৰিয়েই প্রায় ৮৫ হাজাৰ হেক্টৰ ভূমি বেদখলমুক্ত কৰা হ’ল। এই অভিযানৰ পিছতে মই গম পালোঁ যে এইধৰণৰ ওছামা বিন লাডেনসকলক দেখাত শক্তিশালী যেন লাগে। কিন্তু যেতিয়া দেশত হিন্দু জাগৰণ হয়, তেতিয়া কোনো ওছামা, ঔৰংগজেৱ, বাবৰ টিকি থাকিব নোৱাৰে। ভাষণ প্ৰসংগত মুখ্যমন্ত্রীয়ে পুনৰ কয়- প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ আশীৰ্বাদত অসমত বিশাল বিহু আৰু ঝুমইৰ প্ৰদৰ্শনেৰে গীনিজ ৱৰ্ল্ড ৰেকৰ্ড কৰিবলৈ সক্ষম হৈছোঁ। এই নৃত্যক লৈ ইতিমধ্যে দেশজুৰি চৰ্চা চলিছে। কিন্তু বিহাৰত হত্যা-অপৰাধেৰে গীনিজ বল্ড ৰেকৰ্ড কৰিছে। বিহাৰৰ ওপৰত থকা এই কলংক আমি আঁতৰাব লাগিব। এতিয়া সময় সমাগত, ৰাইজে এই অপবাদ আঁতৰাবলৈ সাজু হৈছে। এটা ভুল কৰিলেই বিহাৰলৈ পুনৰ লালু-চাহাবুদ্দিনৰ জংগলৰাজ ঘূৰি আহিব। আপোনালোকে ভুল নকৰিব। নীতিশ কুমাৰৰ নেতৃত্বত বিকাশ যাত্রা অব্যাহত ৰাখক। আনহাতে মুখ্যমন্ত্রী ড° শর্মাই নির্বাচনী প্ৰচাৰৰ মাজতে সংবাদ মাধ্যমৰ আগত ৰাহুল গান্ধীক তীব্র ভাষাৰে সমালোচনা কৰি কয়- ৰাহুল গান্ধী হ’ল দুর্ভাগ্যৰ প্ৰতীক। ৰাহুল গান্ধী য’লৈ যায় তাতেই প্রার্থী হাৰে। ৰাহুল গান্ধীয়ে দুর্ভাগ্য কঢ়িয়াই আনে। বিহাৰত যদি তেজস্বী যাদৱে অকলে প্রতিদ্বন্দ্বিতা কৰিলে হয়, তেন্তে কিছু আসন লাভ কৰিলে হয়। ৰাহুল গান্ধীয়ে কোনো সমষ্টিত প্ররেশ কৰিলেই সেই সমষ্টিৰ প্ৰাৰ্থী হৰাটো নিশ্চিত। কোনোবাই যদি বিজেপিৰ প্ৰাৰ্থীক জয়যুক্ত কৰাব বিচাৰিছে, তেন্তে সমষ্টিটোত ৰাহুল গান্ধীৰ নিৰ্বাচনী সভা অনুষ্ঠিত কৰিলেই হ’ল। ৰাহুল গান্ধী থাকিলে বিজেপিৰ জয় নিশ্চিত।