বিহাৰ নিৰ্বাচনৰ আজি দ্বিতীয় পৰ্যায়ৰ ভোটগ্ৰহণ
ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজধানী দিল্লীৰ লালকিল্লাৰ সমীপত সোমবাৰে সংঘটিত হোৱা ভয়াবহ বিস্ফোৰণৰ পাছত ৰাজ্যসমূহত নিৰাপত্তাৰক্ষীৰ তীব্ৰ সতৰ্কতাৰ মাজতে আজি পুৱাৰে পৰা বিহাৰ বিধানসভা নিৰ্বাচনৰ অন্তিম পৰ্যায়ৰ ভোটগ্ৰহণ আৰম্ভ হয়। দুটা পৰ্যায়ত অনুষ্ঠিত হোৱা বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ যোৱা ৬ নৱেম্বৰত অনুষ্ঠিত হৈছিল। আজি দ্বিতীয় পৰ্যায়ত সীমাঞ্চল, মিথিলা, মগধ আৰু পশ্চিম বিহাৰকে ধৰি ২৪৩টা সমষ্টিৰ ১২২টা সমষ্টিত ভোটদান চলি আছে । ১২ জন ৰাজ্যিক মন্ত্ৰীকে ধৰি ১৩০২ জন প্ৰাৰ্থীৰ ভাগ্য নিৰ্ণয় কৰিব ৩.৭ কোটিৰো অধিক ভোটাৰে । পুৱা ৭ বজাৰ পৰা আৰম্ভ হয় আৰু বিয়লি ৫ বজালৈকে চলিব ভোটদান। অৱশ্যে কিছুমান আসনত ভোটদানৰ সময়সীমা ৬ বজালৈ বৃদ্ধি কৰা হৈছে ৷ মহিলা পৰিচালিত ৫৯৫টা ভোটকেন্দ্ৰ আৰু বিশেষভাৱে সক্ষম লোকৰ দ্বাৰা পৰিচালিত ২১টা কেন্দ্ৰকে ধৰি ৪৫ হাজাৰৰো অধিক বুথত মসৃণ আৰু হেঁচামুক্ত ভোটদান নিশ্চিত কৰাৰ বাবে ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে । নিৰ্বাচন আয়োগে দ্বিতীয় পৰ্যায়ৰ নিৰ্বাচনৰ ভোটদান শান্তিপূৰ্ণভাৱে হৈ তাৰ বাবে সকলো প্ৰস্তুতি চলাইছে ।সোমবাৰে সন্ধিয়া দিল্লীত সংঘটিত হোৱা বিস্ফোৰণৰ পিছত বিহাৰ আৰক্ষী হাই এলাৰ্টত আছে।দ্বিতীয় পৰ্যায়ত ৪৫,৩৯৯টা কেন্দ্ৰত ভোটগ্ৰহণ কৰা হ’ব, ইয়াৰে ৪০,০৭৩টা গ্ৰাম্য অঞ্চলৰ ভোটগ্ৰহণ কেন্দ্ৰ। চূড়ান্ত পৰ্যায়ৰ নিৰ্বাচনৰ বাবে ৰাজ্যজুৰি ব্যাপক নিৰাপত্তাৰ ব্যৱস্থা কৰা হৈছে। দ্বিতীয় পৰ্যায়ৰ ৩.৭ কোটি ভোটাৰৰ ভিতৰত মুঠ ১.৭৫ কোটি মহিলা ভোটাৰ। ইয়াৰে ২.২৮ কোটি ভোটাৰৰ বয়স ৩০ৰ পৰা ৬০ বছৰৰ ভিতৰত হোৱাৰ বিপৰীতে ১৮-১৯ বছৰ বয়সৰ যুৱ ভোটাৰৰ সংখ্যা ৭.৬৯ লাখ। নৱাদা জিলাৰ হিছুৱা সমষ্টিত সৰ্বাধিক ভোটাৰৰ সংখ্যা (৩.৬৭ লাখ), আনহাতে লৌৰিয়া, চানপতিয়া, ৰক্সাউল, ত্ৰিভেনিগঞ্জ, সুগাউলি, আৰু বনমাখীত সৰ্বাধিক প্ৰাৰ্থী (২২ জনকৈ) আছে।মহিলা ভোটাৰ আৰু সীমাঞ্চল অঞ্চলক এই পৰ্যায়ত নিৰ্ণায়ক কাৰক হিচাপে বিবেচিত হৈছে । আজিৰ ভোটদানৰ ফলাফলে অৱশেষত সিদ্ধান্ত ল’ব কোনে চৰকাৰ গঠন কৰি আগন্তুক পাঁচ বছৰ বিহাৰত শাসন কৰিব । ১৪ নৱেম্বৰত ভোট গণনা কৰা হ’ব ।উল্লেখ্য যে যোৱা ৬ নৱেম্বৰত বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সম্পন্ন হৈছিল। প্ৰথম পৰ্যায়ত মুঠ ১২১খন আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হয়। লক্ষণীয়ভাৱে প্ৰথম পৰ্যায়ত ৬৫.০৮ শতাংশ ভোটদানৰ হাৰ পোৱা গৈছে বুলি নির্বাচন আয়োগে আজি প্রকাশ কৰিছিল। বিহাৰৰ নিৰ্বাচনী ইতিহাসত এয়া হৈছে সৰ্বাধিক সংখ্যক ভোটদানৰ অভিলেখ।
