বিহাৰৰ পাছত এইবাৰ পশ্চিমবংগৰ পালঃপ্রধানমন্ত্রী মোদী

বিহাৰৰ পাছত এইবাৰ পশ্চিমবংগৰ পালঃপ্রধানমন্ত্রী মোদী

ৰঙিলী বাৰ্ত্তাসেৱা-   বিহাৰৰ বিধানসভা নির্বাচনত অভূতপূর্ব সফলতা লাভ কৰাৰ পাছতে বিজেপিৰ ৰাষ্ট্ৰীয় সভাপতি জেপি নাড্ডাসহ শীর্ষ নেতৃত্বই  দিল্লীৰ মুখ্য কার্যালয়ত প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীক উষ্ম আদৰণি জনায়। এই উপলক্ষে দলীয় কার্যকর্তাক উদ্দেশ্যি দিয়া ভাষণত প্রধানমন্ত্রী মোদীয়ে বিৰোধী মিত্রজোটক প্রত্যক্ষভাৱে আক্ৰমণৰ লক্ষ্য হিচাপে লয়।  ভাষণত প্ৰধানমন্ত্ৰী মোদীয়ে বিহাৰৰ পাছত এইবাৰ পশ্চিমবংগৰ পাল বুলি কয়। প্ৰধানমন্ত্ৰীয়ে কয়- বিহাৰৰ মাজেৰে গংগা বৈছে বংগলৈ। বিহাৰ হৈছে বংগ জয়ৰ পথ। পশ্চিমবংগৰ ভাই-ভনীসকলক আদৰণি জনাই প্ৰধানমন্ত্ৰীয়ে কয় যে সকলোৱে মিলি এইবাৰ বংগৰ পৰাও জংঘলৰাজ উভালি পেলোৱা হ’ব। অহা বছৰ পশ্চিমবংগত অনুষ্ঠিত হ’ব বিধানসভা নির্বাচন। ইয়াৰ পৰিপ্ৰেক্ষিতত আগন্তুক নির্বাচন বংগ বিজেপিৰ বাবে অগ্নিপৰীক্ষাস্বৰূপ। ইফালে, বিজয়ী ভাষণত প্রধানমন্ত্রীয়ে কংগ্ৰেছ আৰু লালুপ্রসাদ যাদৱৰ পৰিয়ালক কঠোৰ সমালোচনা কৰে।  এইবাৰ বিহাৰত আৰজেডিৰ ভোট বেংক হিচাপে পৰিচিত মুছলমান আৰু যাদৱৰ সমীকৰণ সলনি হৈছে বুলি প্ৰধানমন্ত্ৰী মোদীয়ে দাবী কৰে। আৰজেডিয়ে মুছলমান আৰু যাদৱসকলৰ ওপৰতে ভৰসা কৰি আছিল। কিন্তু কাৰ্যতঃ বিৰোধী শিবিৰ বিধ্বস্ত হৈ পৰিছে এইবাৰৰ নিৰ্বাচনত। কেৱল ইমানেই নহয়, জেডিইউক বাদ দিও একক সংখ্যাগৰিষ্ঠ দল হিচাপে পৰিগণিত হোৱাৰ পথত অগ্ৰসৰ হৈছে বিজেপি। এইক্ষেত্ৰত মোদীৰ নতুন এমৱাই সমীকৰণে বিশেষ গুৰুত্ব লাভ কৰিলে। একপ্ৰকাৰ নতুন এমৱাই সমীকৰণত উটি গ’ল আৰজেডিৰ জংঘলৰাজ। মোদীৰ মতে মুছলমান-যাদৱৰ সমীকৰণৰ ঠাইত এইবাৰ মহিলা-যুৱতীৰ সমীকৰণে ঠাই পালে। এইবাৰৰ নিৰ্বাচনত বিহাৰৰ মহিলা আৰু যুৱক-যুৱতীসকলে জেডিইউ-এনডিএক ভোটদান কৰে। নীতিশ কুমাৰে মহিলাৰ বাবে আৰম্ভ কৰা সকলো আঁচনিয়ে এইবাৰ এনডিএক লাভান্বিত কৰিছে। জংঘলৰাজ আঁতৰাই নীতিশ কুমাৰে বিহাৰক উন্নয়নৰ দিশত আগুৱাই লৈ গৈছে বুলি দাবী কৰে প্ৰধানমন্ত্ৰীয়ে। দিল্লীৰ মুখ্য কাৰ্যালয়ৰ পৰা প্ৰদান কৰা ভাষণত প্রধানমন্ত্রীয়ে কংগ্রেছক ‘মুছলিম লীগ মাওবাদী’ বুলি অভিহিত কৰে। তেওঁ কয় যে বিহাৰত কেতিয়াও কংগ্ৰেছে শাসন কৰিব নোৱাৰে। তেওঁলোকৰ সৈতে যি দলেই মিত্ৰতা কৰিব তেওঁলোক নিঃশেষ হৈ যাব। কংগ্রেছ এতিয়া সকলো দলৰ বাবে বোজা হৈ পৰিছে। প্রধানমন্ত্রী মোদীয়ে কয়- কংগ্রেছে ইভিএমক লৈ প্রশ্ন উত্থাপন কৰে। নির্বাচন আয়োগক অপমান কৰে। দেশৰ শত্ৰুক কংগ্ৰেছে সমর্থন কৰে। কংগ্ৰেছ দলটোৰ ভাৰতৰ উন্নয়নৰ বাবে কোনো ইতিবাচক দৃষ্টিভংগী নাই। বিহাৰত এনডিএই অভিলেখ ৰচনা কৰা বুলি সদৰী কৰি মোদীয়ে কয়- নির্বাচনত এনডিএই যিমান আসনত জয়ী হৈছে, সেয়া কংগ্রেছে বিগত ছটা নির্বাচনত লাভ কৰা আসনতকৈও অধিক।