বিহাৰৰ ট্ৰাক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

Pc The Economic Times

বিহাৰৰ ট্ৰাক দুৰ্ঘটনাত মৃত্যুৰ সংখ্যা ১২ জনলৈ বৃদ্ধি

ৰঙিলী বাৰ্ত্তাসেৱা- দ্ৰুতবেগী ট্ৰাকে মহতিয়াই নিলে ১৫ জনকৈ লোকক।যাৰ ফলত শিশুসহ ১২ জনকৈ লোকে কৰুণ মৃত্যুক আকোৱালি লয়। বিহাৰৰ বৈশালী জিলাত সংঘটিত হৈছে এই শোকাৱহ দুৰ্ঘটনাটো। আনহাতে এই দুৰ্ঘটনাটোৰ ফলত গুৰুতৰভাৱে আহত হৈছে ২০ৰ পৰা ২৫ জনকৈ লোক।জানিব পৰা মতে মাহনাৰ হাজিপুৰ মুখ্য পথৰ ডেছৰি আৰক্ষী থানা অঞ্চলৰ অন্তৰ্গত নয়াগাঁও টোলাৰ ওচৰত পথৰ কাষত লোক সকল থিয় হৈ আছিল।সেই সময়তে তীব্ৰবেগত অহা এখন ট্ৰাকে নিয়ন্ত্ৰণ হেৰুৱাই লোক কেইজনক মহটিয়াই নিয়ে। ইপিনে দুৰ্ঘটনাটোৰ পিছতে ট্ৰাকৰ চালকজন ঘটনাস্থলীৰ পৰা পলায়ন কৰে।দুৰ্ঘটনাটোৰ খবৰ পোৱাৰ লগে লগে ঘটনাস্থলীত আৰক্ষীৰ লোক উপস্থিত হৈ আহত লোক সকলক উদ্ধাৰ কৰি ততাতৈয়াকৈ চিকিৎসালয়লৈ প্ৰেৰণ কৰে।এই ভয়ংকৰ দুৰ্ঘটনাক লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীয়ে গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াললৈ সমবেদনা জ্ঞাপন কৰিছে। লগতে প্ৰতিজন মৃতকৰ পৰিয়াললৈ পি এম এন আৰ এফৰ পৰা ২ লাখ টকাৰ অনুদান প্ৰদানৰ ঘোষণা কৰাৰ লগতে আহতসকলক ৫০,০০০ টকা দিয়া হ’ব বুলি ঘোষণা কৰিছে।