বিহাৰৰ কোশী আৰু মিথিলাৰ মাজত ৰে’ল সেৱা ৮৮ বছৰৰ পিছত পুনৰ আৰম্ভ 

pc hindustan times

বিহাৰৰ কোশী আৰু মিথিলাৰ মাজত ৰে’ল সেৱা ৮৮ বছৰৰ পিছত পুনৰ আৰম্ভ 

ৰঙিলী বাৰ্ত্তাসেৱা-  ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে নতুন দিল্লীৰ ঝাঞ্জাৰপুৰ (মধুবনী জিলা) আৰু নিৰ্মলী (সুপল)ৰ মাজত এখন যাত্ৰীবাহী ৰে’লৰ শুভাৰম্ভ কৰে। ইয়াৰ সৈতে, ১৯৩৪ চনত হোৱা ৮.০ প্ৰাবল্যৰ এক বিধ্বংসী ভূমিকম্পৰ ফলত ধ্বংস হোৱা কোচী আৰু মিথিলাঞ্চলৰ মাজত ৰে’ল সেৱা এতিয়া ৮৮ বছৰৰ পিছত পুনৰ আৰম্ভ হৈছে। মন্ত্ৰীগৰাকীয়ে তেওঁৰ অনলাইন উদ্বোধনী ভাষণত পূব ৰাজ্যসমূহৰ উন্নয়নৰ প্ৰতি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোদীৰ প্ৰতিশ্ৰুতিৰ কথা দোহাৰে আৰু কয়, “২০০৯-১৪ বৰ্ষত বিহাৰৰ বাবে ১১৩২ কোটি টকা পুঁজিৰ আৱণ্টন ৬৬০০ কোটিলৈ বৃদ্ধি কৰা হৈছিল।” তেওঁ ৰে’লৰ উন্নয়নত বিহাৰক সকলো ধৰণৰ সাম্ভাব্য সহায়ৰ আশ্বাস দিয়ে।