বিহাৰত প্ৰথম পৰ্যায়ত অভিলেখসংখ্যক ৬৪.৪৬ শতাংশ ভোটগ্ৰহণ

বিহাৰত প্ৰথম পৰ্যায়ত অভিলেখসংখ্যক ৬৪.৪৬ শতাংশ ভোটগ্ৰহণ

ৰঙিলী বাৰ্ত্তাসেৱা- শান্তিপূৰ্ণভাৱে বিহাৰ বিধানসভা নিৰ্বাচনৰ প্ৰথম পৰ্যায়ৰ ভোটগ্ৰহণ সামৰণি পৰে  ৷  দুটা পর্যায়ত অনুষ্ঠিত হ’বলগীয়া নিৰ্বাচনৰ প্রথম পৰ্যায়ৰ ভোটদানৰ হাৰ ৬৪.৬ শতাংশ। এই পৰিসংখ্যা ১৯৯৮ চনৰ লোকসভা নিৰ্বাচনৰ পিছত সৰ্বাধিক হিচাপে অভিলেখ ৰচিছে। পুৱা ৭ বজাৰ পৰা সন্ধিয়া ৬ বজালৈ অনুষ্ঠিত ভোটগ্রহণ বেগুচৰাই সমষ্টিত সর্বাধিক ৬৭.৩২ শতাংশ ভোটগ্রহণ হোৱা বুলি নির্বাচন আয়োগৰ তথ্যত প্রকাশ। মুঠ ২৪৩খন আসনৰ ভিতৰত ১২১খন আসনৰ বাবে ভোটগ্রহণ অনুষ্ঠিত হৈছিল। ১৮খন জিলাক সামৰি অনুষ্ঠিত প্রথম পৰ্যায়ৰ ভোটপর্বত ১,৩১৪গৰাকী প্রার্থীয়ে প্রতিদ্বন্দ্বিতা আগবঢ়াইছে। প্রথম পর্যায়ত সর্বমুঠ ৩.৭৫ কোটি ভোটাৰে এইসকল প্রার্থীৰ ভাগ্য নিৰ্ণয় কৰিব। এইবাৰ বিহাৰৰ প্ৰথম পৰ্যায়ৰ ভোটৰ ভিতৰত আছে ১০.৭২ লাখ নতুন ভোটাৰ। ৩৬,৭৩৩ গ্রামাঞ্চলৰ ভোটকেন্দ্রসহ সর্বমুঠ ৪৫,৩৪১টা ভোটকেন্দ্রত প্রথম পৰ্যায়ৰ ভোটগ্রহণ অনুষ্ঠিত হয়। বিহাৰৰ মুখ্য নির্বাচনী আয়ুক্ত বিনোদ গুঞ্জালে কয় যে এইবাৰৰ নিৰ্বাচন দুই-এটা সৰু-সুৰা ঘটনাৰ বাদে সম্পূর্ণ শান্তিপূর্ণভাৱে অনুষ্ঠিত হয়।