বিহাৰত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ ফলত ৰে’লত জুই সংযোগ

বিহাৰত অগ্নিপথ আঁচনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদৰ ফলত ৰে’লত জুই সংযোগ

ৰঙিলী বাৰ্ত্তাসেৱা- বিহাৰৰ শৰণ জিলাত সশস্ত্ৰ বাহিনীত হ্ৰস্বম্যাদী জোৱান সোমোৱাৰ বাবে অগ্নিপথ আঁচনিৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ বৃদ্ধি পোৱাৰ সময়তে বিহাৰৰ শৰণ জিলাত এখন যাত্ৰীবাহী ৰে’লত জুই লগাই দিয়া হয়। খবৰ অনুসৰি ৰাজ্যত প্ৰতিবাদৰ সময়ত পথ আৰু ৰে’ল যাতায়ত ব্যাহত হোৱাৰ লগতে টায়াৰ জ্বলাই দিয়া হয়। বাক্সাৰ, নৱাদা, জেহানাবাদ, মুজাফৰপুৰকে ধৰি বহু ঠাইত প্ৰতিবাদ সাব্যস্ত হয়।