বিহালীত সাংগঠনিক সভাত অংশ গ্ৰহণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

বিহালীত সাংগঠনিক সভাত অংশ গ্ৰহণ মন্ত্ৰী পীযূষ হাজৰিকাৰ

অহা ৪ অক্টোবৰৰ পৰা বিহালীয়ে পাব সমজিলাৰ মৰ্যাদা

ৰঙিলী বাৰ্ত্তাসেৱা-   এদিনীয়া কাৰ্যসূচীৰে মন্ত্ৰী তথা বিহালী বিধানসভা সমষ্টিৰ উপ-নিৰ্বাচনৰ প্ৰভাৰী পীযূষ হাজৰিকা আৰু বিধায়ক দিগন্ত কলিতা বিহালীত উপস্থিত হৈ এক বিশেষ সাংগঠনিক সভাত অংশ গ্ৰহণ কৰে। সভাখনত বিজেপিৰ সাংগঠনিক দিশত বিশদভাৱে আলোচনা কৰাৰ লগতে বিজেপিৰ “সদস্যতা অভিযান-২০২৪”ৰ ওপৰত আলোকপাত কৰে। মন্ত্রী পীযূষ  হাজৰিকাই দলীয় সাংগঠনিক সভাত অংশগ্ৰহণ কৰাৰ পূর্বে এক সংবাদ মেলত অংশ গ্রহণ কৰে। সংবাদ মেলত মন্ত্রী পীযূষ হাজৰিকাই অসমৰ ছেমি কণ্ডাক্টৰ প্ৰজেক্ট সম্পৰ্কে কৰ্ণাটক চৰকাৰৰ মন্ত্ৰী তথা কংগ্ৰেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰই কৰা মন্তব্যৰ প্ৰতিক্রিয়া প্রকাশ কৰি কয় যে কংগ্রেছ সভাপতি মল্লিকার্জুন খাৰ্গেৰ পুত্ৰই অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপন কৰিবলৈ ওলোৱাৰ বাবে অসমক ইতিকিং কৰি টুইটাৰত মন্তব্য কৰিছে। অসমত ছেমি কণ্ডাক্টৰ প্ৰকল্প স্থাপনৰ বাবে সুবিধা নাই আৰু অসমৰ পৰিৱৰ্তে কৰ্ণাটকতহে ছেমি কণ্ডাক্টৰ প্রকল্পটো স্থাপন কৰিব লাগিছিল বুলি মন্তব্য কৰিছে। কৰ্ণাটক এখন বিকশিত ৰাজ্য আৰু তাত বর্তমানেও বহুত উদ্যোগ আছে। উন্নয়ন কেৱল কর্ণাটকতেই হব লাগে নেকি অসম, বিহাৰ, উত্তৰ পূর্বাঞ্চলত উন্নয়ন হ’ব নালাগে নেকি বুলি মন্ত্রী পীযূষ হাজৰিকাই কংগ্ৰেছক প্রশ্ন কৰাৰ লগতে কংগ্ৰেছ সভাপতি মল্লিকার্জুর্ণ খাৰ্গেৰ পুত্ৰক ক্ষমা খুজিবলৈ দাবী জনায়।  মন্ত্রী পীযূষ হাজৰিকাই ছেমি কণ্ডাক্টৰ প্ৰজেক্ট বিতৰ্ক সন্দৰ্ভত কংগ্রেছ সভাপতি ভূপেন বৰা, যোৰহাটৰ সাংসদ গৌৰৱ গগৈ, ধুবুৰীৰ সাংসদ ৰকিবুল হুচেইন আৰু নগাঁৱৰ সাংসদ প্রদ্যুৎ বৰদলৈক নিজৰ স্থিতি স্পষ্ট কৰিবলৈ আহ্বান জনায। অলপতে যোৰহাটৰ সাংসদ গৌৰৱ গগৈয়ে কংগ্ৰেছ দলৰ সদস্যভর্তি অভিযান চলোৱা হ’ব বুলি এক মন্তব‍্য কৰিছিল। সংবাদ মেলত মন্ত্রী পীযূষ হাজৰিকাই কংগ্ৰেছ দলৰ সদস্য ভর্তি সন্দর্ভত প্রতিক্রিয়া প্রকাশ কয় যে বিজেপিৰ সদস্যতা ভর্তি অভিযান দেখি কংগ্ৰেছৰ হিংসা লাগিছে। কংগ্রেছ জ্বলি পকি মৰিছে। যোৱাটো সদস্যতা ভর্তি অভিযানত বিজেপিৰ সদস্য আছিল ১৮ লাখ। এই চলিত সদস্যতা ভর্তি অভিযানত আমাৰ সদস্য আজিলৈ ৫০ লাখ। ভয়-ভাবুকিৰে বিজেপিৰ সদস্য ভৰ্তি কৰাব নোৱাৰি ইয়াৰ বাবে এটা প্ৰক্ৰিয়া আছে। আমাৰ সদস্য ৫০ লাখ হোৱাৰ বাবে কংগ্ৰেছ জ্বলি পকি মৰিছে। কংগ্ৰেছৰ সদস্যতা ভৰ্তি ক’ৰবাত ক’ৰবাত হয় অসমৰ সকলো ঠাইতে নহয়। নামনি অসমত , নগাঁৱৰ এটা বিশেষ অঞ্চলত , মৰিগাৱৰ এটা বিশেষ অঞ্চলত আৰু চৰ অঞ্চলত হ’ব। বাকী ঠাইত কংগ্ৰেছৰ সদস্য পদ কোনেও গ্রহণ নকৰে বুলি দাবী কৰিছে তেওঁ। মন্ত্রী পীযূষ হাজৰিকাই সংবাদ মেলত ঘোষণা কৰে যে অহা ৪ অক্টোবৰৰ পৰা আনুষ্ঠানিকভাৱে আৰম্ভ হ’ব বিহালী সমষ্টিৰ সম জিলা। তদুপৰি ৪ অক্টোবৰৰ দিনাই লখিমপুৰ জিলাত অনুষ্ঠিত কেবিনেট সভাত অনুমোদিত বেদেতী আদর্শ মহাবিদ্যালয়ৰো আধাৰশিলা স্থাপন কৰা হ’ব বুলি অৱগত কৰে। মন্ত্রী পীযূষ হাজৰিকাই সংবাদ মেলত প্রকাশ কৰে যে অহা ৪ অক্টোবৰত বিহালীৰ দুই আধাৰশিলা স্থাপন অনুষ্ঠানত শিক্ষামন্ত্রী ড° ৰনোজ পেগু আৰু মন্ত্রী পীযূষ হাজৰিকা উপস্থিত থাকিব। উল্লেখ্য যে উক্ত সভাখনত কমলপুৰ বিধানসভা সমষ্টিৰ বিধায়ক তথা উপ-নির্বাচন সমিতিৰ এগৰাকী অন্যতম তত্ত্বাবধায়ক দিগন্ত কলিতা, বিশ্বনাথ বিধানসভা সমষ্টিৰ বিধায়ক প্রমোদ বৰঠাকুৰ, বিজেপি বিশ্বনাথ জিলা সমিতিৰ সভাপতি দিগন্ত ঘাটোৱাৰ প্ৰমুখ্যে বিহালী বিধানসভা সমষ্টিৰ অন্তৰ্গত ৰাজ্যিক, জিলা, মণ্ডল আৰু বুথৰ সমিতিৰ বিষয়ববীয়াসকল উপস্থিত থাকে ।