বিহপুৰীয়াত বিজেপিত যোগদান ৬ শতাধিক কংগ্রেছী

বিহপুৰীয়াত বিজেপিত যোগদান ৬ শতাধিক কংগ্রেছী

ৰঙিলী বাৰ্ত্তাসেৱা- বিধানসভা নিৰ্বাচনৰ পূৰ্বে ভূপেন বৰাই দেখুৱালে শক্তি । বিহপুৰীয়াৰ শ শ কংগ্রেছ নেতা-কৰ্মীক বিজেপিত যোগদান কৰাই একপ্ৰকাৰ কংগ্ৰেছক প্ৰত্য়াহ্বান জনালে । এইবাৰ ন-বিজেপি ভূপেন বৰাৰ উদ্য়োগত বিহপুৰীয়া সমষ্টিৰ ছয় শতাধিক কংগ্রেছ নেতা-কৰ্মীয়ে গেৰুৱা বসন পিন্ধিলে । বিজেপিৰ লখিমপুৰ জিলা কাৰ্যালয়ত মন্ত্ৰী ৰণোজ পেণ্ড, বিধায়ক মানৱ ডেকাকে ধৰি কেইবাজনো বিজেপি নেতাৰ উপস্থিতিত অনুষ্ঠিত হয় এক যোগদান কার্যসূচী। এই অনুষ্ঠানতে বিহপুৰীয়াৰ ৬০০ৰো অধিক কংগ্রেছ কর্মীয়ে বিজেপিত যোগদান কৰে। উল্লেখ্য যে বিহপুৰীয়া সমষ্টিৰ পৰা বিধায়ক ৰূপে নির্বাচিত হোৱা ভূপেন বৰাই ২০১৬ আৰু ২০২১ৰ নিৰ্বাচনত পৰাজিত হৈছিল। অৱশ্যে নিৰ্বাচনত পৰাজয়বৰণ কৰিলেও প্রদেশ কংগ্ৰেছৰ সভাপতিৰ দায়িত্ব লাভ কৰাৰ পাছত ৰাজনৈতিকভাৱে শক্তিশালী হৈ থকা ভূপেন বৰাই হঠাতে বিজেপিত যোগদান কৰাৰ পিছত সমষ্টিটোৰ বিজেপি নেতা-কর্মীৰ মাজত সৃষ্টি হৈছিল প্ৰতিক্রিয়া। আনকি বৰ্তমান বিহপুৰীয়া সমষ্টিৰ বিজেপি বিধায়ক অমিয় ভূঞাৰ ৰাজনৈতিক ক্ষেত্রত অঘৈয়া হুলসদৃশ হৈ পৰে ভূপেন বৰা। ন-বিজেপি নেতাগৰাকীক দলে বিহপুৰীয়া সমষ্টিত প্ৰক্ষেপ কৰাৰ সম্ভাৱনাও প্রবল। এনে সম্ভাৱনাৰ মাজতে আজি ভূপেন বৰাই ৬০০ৰো অধিক কংগ্রেছ কর্মীক বিজেপিত যোগদান কৰোৱাই নিজৰ শক্তিৰ পৰিচয় দিয়াই নহয়, বিহপুৰীয়াত যে এতিয়াও তেওঁৰ স্থিতি শক্তিশালী তাকো প্ৰমাণ কৰিলে। মন্ত্ৰী ৰণোজ পেণ্ড, বিধায়ক মানৱ ডেকা, লখিমপুৰ জিলা বিজেপি সভাপতি শ্যামল শৰ্মাকে ধৰি কেইবাজনো শীর্ষ নেতাৰ উপস্থিতিত কংগ্রেছ কর্মীসকলক দলীয় অংগবস্ত্ৰৰে বিজেপিলৈ আদৰণি জনোৱা হয়। ইফালে বিহপুৰীয়াত একাংশই ভূপেন বৰাৰ বিৰোধিতা কৰা প্ৰসংগত সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত মন্ত্ৰী ৰণোজ পেগুৱে কয়- বৃহৎ ৰাজনৈতিক দলত টিকটক লৈ প্রতিদ্বন্দ্বিতা থাকিবই। এয়া কেৱল বিহপুৰীয়াতে নহয়, আন বহু সমষ্টিতো থাকিব পাৰে। কিন্তু টিকট ঘোষণাৰ পিছতেই সকলোৱে একেলগে কাম কৰিব। যোগদান কাৰ্যসূচীত ভাষণ দি ৰণোজ পেগুৱে কয় যে বিজেপি চৰকাৰৰ বলিষ্ঠ পদক্ষেপৰ বাবেই আজি ৰাজ্যখনে উন্নয়নৰ ক্ষেত্ৰত দোপতদোপে আগবাঢ়িছে। এটা দিনৰ ভিতৰত ৪০ লাখ মহিলাৰ একাউণ্টত ৯ হাজাৰকৈ টকা সোমাইছে, তাত ৯ পইচাও হৰলুকী হোৱা নাই। উন্নয়নৰ ক্ষেত্ৰত ভাৰতে বিশ্বৰ বৃহৎ বৃহৎ দেশৰ অৰ্থনীতিক চেৰ পেলাইছে। ইংলেণ্ডৰ নিচিনা দেশৰ অৰ্থনীতি, জাপানৰ নিচিনা অর্থনীতিক ভাৰতে চেৰ পেলাইছে প্রধানমন্ত্রী নৰেন্দ্ৰ মোদীৰ দিনত। কাৰ্যতঃ বিশ্বৰ এটা বৃহৎ অর্থনীতিলৈ ৰূপান্তৰ হৈছে ভাৰত। অসমত ২০২১ চনৰ পৰা আমি এটা ধুমুহাৰ মাজেৰে পাৰ কৰিলোঁ। এই ধুমুহা আছিল উন্নয়ন আৰু পৰিৱৰ্তনৰ। স্বাধীনতাৰ পাছত দেশত কোনো ৰাজ্যতেই ইমান দ্রুতগতিত পৰিৱৰ্তন আৰু উন্নয়ন আমি দেখা নাই। ইফালে ভূপেন বৰাই বিহপুৰীয়া সমষ্টিক লৈ সৃষ্টি হোৱা বিৰোধৰ পৰিৱেশৰ প্ৰসংগত কয়-মোৰ বিজেপিত যোগদানৰ ২০ দিনেই হোৱা নাই। তেনেক্ষেত্ৰত পুৰণি কৰ্মীৰ মনত ক্ষোভ সৃষ্টি হোৱাটো স্বাভাৱিক। সমষ্টিটোত বিজেপিৰ সৈতে মোৰ বিৰোধিতা ২০ বছৰৰ। সেয়েহে ৰাইজে আঁকোৱালি ল’বলৈ কিছু সময় লৈছে। সোনকালে মই বিজেপি দলৰ কাৰ্যকৰ্তাৰ সমৰ্থন লাভ কৰিম।