‘বিহগী’ সামাজিক মাধ্যম গোটৰ উদ্যোগত ৰঘুনাথ চৌধাৰীৰ পূণ্য তিথি ,জুবিন গাৰ্গৰ জন্ম জয়ন্তী পালন
অনামিকা (সংগীতা)কলিতা,শুৱালকুছি,ৰঙিলী বাৰ্ত্তাসেৱা- বিহগী কবি ৰঘুনাথ চৌধাৰীৰ পূণ্য তিথি আৰু সূৰ্যকণ্ঠ জুবিন গাৰ্গৰ জন্ম দিৱস উপলক্ষে সামাজিক মাধ্যমৰ বিশেষ জনপ্ৰিয় গোট ‘বিহগী’ পৰিয়ালৰ দ্বাৰা ১৮ নৱেম্বৰত গুৱাহাটীৰ নাৰেঙ্গী উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সভা অনুষ্ঠিত কৰা হয়। সভাৰ আগমুহূৰ্তত গোটৰ পতাকা উত্তোলন কৰে উদ্যাপন সমিতিৰ সভানেত্রী সুচিত্রা ব্রহ্মই ।শ্বহীদ তৰ্পণ কৰে সাধাৰণ সম্পাদিকা গুণৱতী দাসে। জুবিন গাৰ্গৰ স্মৃতিত নাহৰৰ পুলি ৰোপণ কৰে স্মৃতিগ্রন্থ সম্পাদিকা মঞ্জু কাকতিয়ে। সভাৰ প্রেক্ষাগৃহ মুকলি কৰে উপদেষ্টা দীনবন্ধু কলিতাই। বিশিষ্ট অতিথি হিচাপে উপস্থিত থাকি ঔপন্যাসিক তথা প্রৱন্ধকাৰ প্রবোধ চন্দ্র মিশ্রই কবি ৰঘুনাথ চৌধাৰীৰ প্রতিকৃতিত বন্তি প্রজ্বলন কৰাৰ লগতে মাল্যাৰ্পণ কৰে | কবিগৰাকীৰ জনপ্রিয় কবিতা ‘গোলাপ’ পাঠ কৰে স্মৃতিগ্ৰন্থ সম্পাদিকা মঞ্জু কাকতিয়ে।সভাত বিশিষ্ট অতিথি হিচাপে উপস্থিত থকা চিকিৎসক তথা কণ্ঠ শিল্পী ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে সকলোৰে প্রাণৰ স্পন্দন জুবিন গাৰ্গৰ প্রতিকৃতিত বন্তি প্রজ্বলন তথা মাল্যাৰ্পণ কৰে। ইয়াৰ পিছতে মায়াবিনী গীতৰে সকলোৱে অশ্ৰুসিক্ত নয়নেৰে হিয়াৰ আমঠু জুবিনলৈ শ্ৰদ্ধা নিৱেদন কৰে। গোটৰ সদস্য সকলৰ দ্বাৰা সুধাকণ্ঠৰ কালজয়ী গীত ‘পূজো আহা আই মাতৃ’ পৰিৱেশনেৰে মঞ্চ মুকলি কৰা হয়।সভাত উপস্থিত থকা বিশিষ্ট অতিথি সকলক অসমীয়াৰ চিহ্নযুক্ত সামগ্রীৰে সম্বৰ্ধনা জনোৱা হয়। সভাত মঞ্জু কাকতিৰ সম্পাদনাত স্মৃতিগ্রন্থ ‘বিহগী’ উন্মোচন কৰে ডাঃ অঞ্জনজ্যোতি চৌধুৰীয়ে প্রবোধ চন্দ্র মিশ্রৰ সহযোগত । ৰঘুনাথ চৌধাৰী আৰু জুবিন গাৰ্গ সম্পৰ্কে বক্তব্য প্ৰদান কৰে দুয়োগৰাকী বিশিষ্ট অতিথিয়ে।”বিহগী কবি গৰাকীৰ স্মৃতি সজীৱ কৰি ৰখাৰ বাবে ‘বিহগী’ নামেৰে স্মৃতিগ্রন্থ প্ৰকাশ কৰি উলিওৱা বাবে গোটৰ সদস্য সকলক প্ৰশংসা কৰি স্মৃতিগ্ৰন্থ সম্পৰ্কত বক্তব্য ৰাখে ডাঃ চৌধুৰীয়ে। গোটৰ প্রতিষ্ঠাপক প্রশান্ত শৰ্মাৰ লগতে প্রশাসক/প্রশাসিকা সকলৰ পৰিচালনাত চিনাকী পৰ্ব, সম্বৰ্ধনাৰ লগতে গীত মাত, কবিতা পাঠেৰে জীপাল হোৱা সভাখনত শলাগৰ শৰাই আগবঢ়াই প্রতিষ্ঠাপক প্রশান্ত শৰ্মাই।
