বিহংগম দৃষ্টিত বিহু – অলকা বুজৰবৰুৱা

pc Northeast Now

বিহংগম দৃষ্টিত বিহু

অলকা বুজৰবৰুৱা,টিহু টাউন,
ৱাৰ্ড নং ৩,
নলবাৰী

“ বিহু অসমীয়াৰ সাংস্কৃতিক উৎসৱ। সংস্কৃতি যদি জাতীয় জীৱনৰ ধাৰা হয়, বিহুৰ লগতো অসমীয়া জাতীয় জীৱনৰ ওতঃপ্ৰোত সম্পৰ্ক জড়িত হৈ আছে। সংস্কৃতি মানুহৰ সৌন্দৰ্যবোধ ,সৃষ্টি প্ৰতিভা, আৰু মানসিক উৎকৰ্ষ বা মানৱতাবোধৰ গইনা লৈ সৃষ্টি হয়। অসমীয়া সংস্কৃতিৰ আটাইকেইপদ বহুমূলীয়া সম্পদ বিহুৰ লগত জড়িত হৈ আছে, আৰু সংস্কৃতি যদি বোঁৱতী নৈ, সংস্কৃতি,সমন্বয়ৰ সৃষ্টি, তেনেহলে এই বিহু উৎসৱেই সাক্ষী।”
( ড০ লীলা গগৈ )

অসমীয়াৰ প্ৰাণাধিক ৰঙালী বিহুৰ কথাই সুকীয়া।ই অসমীয়াৰ এক অতুল্য উৎসৱ, অসমীয়াৰ জাতীয় জীৱনৰ প্ৰাঞ্জল অভিব্যক্তি। ৰঙালী বিহু অসমৰ এটা প্ৰধান উৎসৱ যাৰ মূল উদ্দেশ্য বসন্ত ঋতুক স্বাগতম জনোৱা। সাতদিন ধৰি পালন কৰা এই লোক উৎসৱটি গৰু বিহুৰে আৰম্ভ হৈ সমাপ্তি ঘটে চেৰা বিহুত। অসমৰ জাতীয় জীৱনত গভীৰভাবে আলোকপাত কৰা আনন্দময় লোক উৎসৱ বোৰৰ ভিতৰত ৰঙালী বিহু অন্যতম।

বসন্তৰ বোকোচাত উঠি আহে আদৰৰ ব’হাগ।পলাশ, শিমলু,মদাৰৰ ফুলে উষ্ম আদৰণি জনায় ৰঙা দলিচাৰে। ফাগুনৰ পছোৱাই লঠঙা কৰা গছ বিৰিখত ন কুঁহিপাত ওলাই প্ৰকৃতিক কৰি তোলে শ্যামলী। প্ৰকৃতিৰ নতুনত্বক আদৰণি জনোৱা টোৱে এই বিহুৰ মূল বৈশিষ্ট্য।

হুঁচৰি, বিহুগীত , বিহু নৃত্য ,বিহুঢোল,ম’হৰ শিঙাৰ পেঁপাৰ ধ্বনিৰে মুখৰিত হয় ব’হাগ । জনপ্ৰবাদ মতে ডেকা গাভৰু সকলে মেঘ আৰু পৃথিৱীৰ মিলনৰ বাবে প্ৰেমানুভূতিৰ নৃত্য গীতেৰে এই উৎসৱ পালন কৰে।অসমী আয়েও যেন এই সময়ক আদৰিবলৈ বিনন্দীয়া সাজেৰে নিজকে অপৰূপা সাজে সজাই তোলে।
সেয়েহে গোৱা হয়—

“অতিকৈ চেনেহৰ মুগাৰে মহুৰা
তাতোকৈ চেনেহৰ ঐ সাঁকো
তাতোকৈ চেনেহৰ বহাগৰ বিহুটি ঐ
নেপাতি কেনেকৈ থাকো”

প্ৰকৃততে ই এটা কৃষিভিত্তিক উৎসৱ।কৃষি সংস্কৃতিৰ আৰম্ভণিৰে পৰা এই উৎসৱ পালন কৰা হৈ আহিছে,হয়তো ই বিহু নামেৰে নামাংকৃত হোৱা নাছিল।এই সময়ত প্ৰকৃতিয়ে উৰ্বৰতা লাভ কৰে, যৌৱন প্ৰাপ্ত হয় আৰু শস্য উৎপাদনৰ বাবে নিজকে সাজু কৰি তোলে।তাৰ বাবে কৰ্ষণ হয় মেঘমল্লাৰ সতে,বৰষুণে জীপাল কৰি তোলে প্ৰকৃতি। চ’তৰ চিৰাল ফটা পথাৰখন বৰষুণৰ সংস্পৰ্শত হৈ পৰে শস্যসম্ভৱা।ৰঙালী বিহুৰ সৈতে জড়িত হৈ আছে অসমীয়াৰ বহু লোকাচাৰ। তদুপৰি এইবোৰৰ বেছিভাগেই যথেষ্ট বিজ্ঞান সন্মত। প্ৰথম বিহুৰ দিনা মাহ,হালধী আৰু আমৰ কুঁহিৰে গা ধোৱাৰ আঁৰতো আছে বৈজ্ঞানিক ভিত্তি। ফাগুন -চ’ত মাহত শৰীৰৰ ছাল কিছু শুষ্ক হোৱাৰ পিছত এইবোৰ বস্তুৰে গা ধূলে ছাল নিমজ হোৱাৰ লগতে ৰোগমুক্ত হয়। জনবিশ্বাসমতে বিহুৰ দিনা গধূলি তুঁহ,দীঘলতি,মাখিয়তি আদিৰ পাতেৰে ধোঁৱা দিলে মহ-ডাঁহ আঁতৰি যায় আৰু অপশক্তি নাশ হয় বুলি ভৱা হয়।দীঘলতি, মাখিয়তীৰ পাত পুৰিলে ওলোৱা ধোঁৱাত মহ ডাঁহ আদি খেদিব পৰা ঔষধি গুণ আছে।এই সময়ত মানুহৰ শৰীৰত কৃমিৰ প্ৰকোপ বৃদ্ধি পাই বাবে তাক নাশ কৰিবলৈ অসমীয়া বছৰৰ প্ৰথম দিনটোতেই তিতা খোৱাৰ নিয়ম প্ৰচলিত আছে। তদুপৰি সাত বিহুৰ দিনা সাত শাক অৰ্থাৎ বহুবিধ শাক মিহলি কৰি খোৱাৰ যি প্ৰথা তাৰ আঁৰতো বৈজ্ঞানিক ব্যাখ্যা লুকাই আছে। এনেদৰে বহুবিধৰ শাক লগ লগাই তৈয়াৰ কৰা ব্যঞ্জন বিধ ৰোগৰ মহৌষধ। অসমীয়াত এষাৰ কথা আছে যে “সাত বিহুৰ শাক শুকতি দেহাত দিয়ে বল”।
সুধাকণ্ঠ ড০ ভূপেন হাজৰিকা দেৱে গীতৰ ভাষাৰে কৈছিল

“ব’হাগ মাথোঁ এটি ঋতু নহয়,
নহয় ব’হাগ এটি মাহ।
অসমীয়া জাতিৰ ই আয়ুসৰেখা,
গণ জীৱনৰ ই সাহ।”

অৱশ্যে আজিৰ তাৰিখত বিহু অকল জাতিৰ আয়ুস ৰেখাই নহয়,বিশ্ব দৰবাৰত ই অসমীয়াৰ অস্তিত্বৰ, অসমীয়াৰ স্বাভিমানৰো প্ৰতীক হৈ পৰিছে।অসমৰ বিভিন্ন জনগোষ্ঠীয় লোকে বিহুক বিভিন্ন নামেৰে পালন কৰে যেনে বড়োসকলৰ বৈশাগু, ৰাভাসকলৰ বায়খু, ডিমাছা সকলৰ বুসু, দেউৰী সম্প্ৰদায়ৰ বিচু, মিছিং সমাজৰ আলি -আই -লৃগাং,কোচ ৰাজবংশী সকলৰ বিষুৱা আদি।

বিহু উৎসৱত গীত, মাত, নৃত্য, লোকাচাৰ, লোককলা, লোক সংস্কৃতি, কৃষিকাৰ্যৰ প্ৰস্তুতি সকলোবোৰ বিদ্যমান।সেয়েহে হেমাংগ বিশ্বাস দেৱে কৈছিল “যি নাই বিহুগীতত সি নাই অসমত, যি নাই অসমত সি নাই বিহুগীতত।”অসম আৰু অসমীয়াৰ জাতীয় জীৱনৰ দাপোণ স্বৰূপ এই ৰঙালী বিহু। ৰঙালী বিহুৰ লগত বান্ধ খাই আছে অসমীয়া জাতিৰ ভাষা, কলা, ভাতৃত্ববোধ, সমন্বয় আৰু সংস্কৃতি। জড়িত হৈ আছে অসমৰ থলুৱা সাজ পোচাক, বাদ্যযন্ত্ৰ আৰু অসমৰ কুটিৰ শিল্পৰ মূল আধাৰ তাঁতশাল। কিন্তু বৰ্তমান অসমীয়াৰ তাঁতশালৰ খিটিক খিটিক শব্দবোৰ বেছিভাগ ঠাইতেই শুনিবলৈ পোৱা নাযায়। বিহুত ডাঙৰ জনে সৰু জনক বিহুৱান দিয়া, সৰু জনে ডাঙৰৰ ভৰি চুই আশীৰ্বাদ লোৱা আদি প্ৰথাবোৰৰ ভিতৰত লুকাই আছে সমাজৰ ইজনৰ প্ৰতি সিজনৰ মৰম, ভালপোৱা, সন্মান আৰু শান্তি শৃংখলাৰ লোকাচাৰ।এই বিহুৱানখনো এতিয়া বিদেশী গামোচাৰ ।
আন বহুতো লোকাচাৰ যেনে ম’হ যুঁজ,কড়ি যুঁজ ,গৰুক লাও বেঙেনাৰ মালা পিন্ধাই,গাত তেল মাহ সানি গা ধুৱাবলৈ নিয়া আদিবোৰ এই বিহুৰ সৈতে সংপৃক্ত হৈ আছে। স্বনামধন্য পুৰুষোত্তম দাস দেৱৰ ৰচিত, বিহুৰ পতাকা উত্তোলনৰ সময়ত গোৱা “শ্ৰীময়ী অসমীৰ শীতল কোলাত উঠে উছৱৰ মধু আলোড়ন” গীতটিত লুকাই আছে এই ঋতুত প্ৰাণ পাই উঠা অসমৰ বিনন্দীয়া ৰূপ, অতুলনীয় পৰিৱেশ আৰু জলবায়ুৰ কথা।

এটা জাতিৰ সংস্কৃতি সেই জাতিটোৰ দাপোন স্বৰূপ। ই বোৱতী নদীৰ দৰে চিৰপ্ৰবাহমান। কিন্তু সংস্কৃতি সদায় একে নাথাকে। তেনেদৰে বিহুৱেও পৰিৱৰ্তন, ,বিৱৰ্তনৰ মাজেৰে আহি আজিৰ ৰূপটো পাইছে।এসময়ৰ মুকলি পথাৰৰ বিহু লাহে লাহে মঞ্চলৈ উজাই আহিল।

সময়ৰ লগে লগে সমাজৰ পৰিৱৰ্তন এক অৱধাৰিত ঘটনা প্ৰৱাহ। ৰূপকোঁৱৰ জ্যোতিপ্ৰসাদ আগৰৱালা দেৱেও কৈছিল “ৰূপান্তৰেহে জগত ধুনীয়া কৰে”। কিন্তু এই পৰিৱৰ্তন হ’ব লাগিব অসমীয়াৰ নিজস্ব পৰিচয়, স্বাভিমান নেহেৰুৱাকৈ। সম্প্ৰতি দেখা যাবলৈ ধৰিছে যে বিহুৰ লগত জড়িত লোক পৰম্পৰাবোৰ প্ৰায় লুপ্ত হোৱাৰ উপক্ৰম হৈছে।ধূতি,চুৰিয়া মানুহে পিন্ধিবলৈ টান পোৱা হৈ আহিছে। বিহুৰ দিনা গধূলি গোহালিত জাগ দিয়া আদি লোকাচাৰ বোৰ পালন কৰিবলৈ মানুহে টান পোৱা হৈছে। বসন্ত কালত প্ৰকৃতিৰ বিনন্দীয়া ৰূপ, আমাৰ ভাষা,কলা, সংস্কৃতি, লোকাচাৰ, লোকবিশ্বাস এই সকলোবোৰ আমাৰ ভৱিষ্যতৰ প্ৰজন্মক আমিয়েই হৃদয়ংগম কৰাব লাগিব। গণশিল্পী ভূপেন হাজৰিকা দেৱে কোৱা “অসমীয়া জাতিৰ আয়ুস ৰেখা”ডাল মৰ্যাদা সহকাৰে বজাই ৰখাতো আমাৰ কৰ্তব্য, দায়িত্ব।

বিহুগীত সমূহ অসমীয়া লোকসাহিত্যৰ এক অমূল্য সম্পদ। অসমৰ চহা জীৱনৰ আবেগ অনুভূতিৰ স্বত:স্ফূৰ্ত প্ৰকাশ, কাব্যিক সুষমা,অসমৰ জনজীৱনৰ প্ৰতিচ্ছবি, ভাষাৰ লালিত্য আদিয়ে বিহু গীত সমূহত এক অনন্য মাত্ৰা প্ৰদান কৰিছে।প্ৰেমৰ বিচিত্ৰ ভাৱ অনুভূতি বিহুগীতৰ মূল সম্পদ। এই গীতবোৰৰ লয়,তাল,সুৰ আৰু ভাষা অতি সহজ সৰল,মনোমোহা, আৰু মানুহৰ মনত শিহৰণ যোগাব পৰা । ইয়াৰ প্ৰকাশভঙ্গীও অতি সাৱলীল। বিহুচ্চগীতত অসমৰ সামাজিক,আৰ্থিক, সাংস্কৃতিক,ভৌগলিক আদি দিশ সমূহকো প্ৰতিফলিত কৰে। বিহুগীত সমূহে সমাজৰ সৰ্বস্তৰৰ মানুহৰ হৃদয় চুই যাব পাৰে। বিভিন্ন ৰসৰ সমাহাৰেৰে বিহুগীত সমূহ হৈ উঠিছে অনন্য। শৃংগাৰ ৰস,কৰুণ ৰস, হাস্যৰস,এই সকলোবোৰে বিহুগীত সমূহক সোণত সুৱগা কৰি তুলিছে।কাব্যিক সৌন্দৰ্যৰ ফালৰ পৰাও বিহুগীত সমূহ উন্নত মানৰ। বিহুগীত সমূহেই অসমীয়া লোক সাহিত্যক প্ৰাণৱন্ত কৰি ৰাখিছে।বিহুগীতৰ জৰিয়তেই ডেকাবোৰে কল্পনা কৰে গাভৰুৰ সান্নিধ্য —

“হাঁহে হৈ পৰিমগৈ তোমাৰে পুখুৰীত
পাৰ হৈ পৰিমগৈ ছালত,
ঘামে হৈ সুমামগৈ তোমাৰে শৰীৰত
মাখি হৈ চুমা দিম গালত”

আনহাতে প্ৰকৃতিৰ লগতে গাভৰু মনবোৰো হৈ পৰে প্ৰেম বিৰহিনী। তাৰে প্ৰতিফলন ঘটে এইফাঁকি গীতত—

“ঘৰতো ন’বহে মনে সমনীয়া
পথাৰতো নবহে মন
কমোৱা তুলাবোৰ যেনেকৈ উৰিছে
তেনেকৈ উৰিবৰ মন।”

বসন্তৰ সান্নিধ্যত কমোৱা তুলাৰ দৰে উৰিবলৈ মন যোৱা বতৰত ডেকা গাভৰুৰ মন চেনাইক কাষত পাবলৈ উদগ্ৰীৱ হৈ পৰে

“ঢোলৰ মাতে বলীয়া কৰে মোক চেনাইটি
বাঁহীৰ মাতে বলীয়া কৰে
পেঁপাৰ মাত শুনিলে ৰ’ব মই নোৱাৰোঁ
ঘনাই তোলৈ মনতে পৰে।”

বিহুগীত সমূহত উল্লেখ থকা বিভিন্ন বনৌষধি যেনে দীঘলতি, মাখিয়তী,বিহলঙনী,হালধী,মাটিমাহ জেতুকা আদিৰ ব্যৱহাৰে অসমীয়া সমাজত বনৌষধিৰ প্ৰতি থকা সচেতনতাৰ কথাই প্ৰকাশ পাইছে। এই বিহু গীত আৰু বিহুনৃত্য সমূহ পৰিশীলিত ৰূপত পৰিৱেশন কৰিলেহে কুলি কেতেকীৰ শুৱলা মাতে নতুন প্ৰজন্মক চহকী কৰিব , ব’হাগৰ বৰষুণে তেওঁলোকক জীপাল কৰি তুলিব।

বিহুগীতৰ লগত ব্যৱহৃত পৰম্পৰাগত বাদ্যযন্ত্ৰ সমূহ হ’ল ঢোল,তাল, পেঁপা,তাল,গগণা,টকা,বাঁহী,সুতুলী আদি।ব’হাগ বিহুৰ লগত ওতঃপ্ৰোত ভাৱে জড়িত হৈ থাকে কপৌ ফুল আৰু জেতুকাৰ নাম। নাচনীৰ খোপাত কপৌফুল আৰু হাতত জেতুকাৰ বোলে ব’হাগক কৰি তোলে অধিক মনোমোহা। বিশিষ্ট কণ্ঠশিল্পী অপূৰ্ব বেজবৰুৱা দেৱৰ গীতৰ কথাত

“কপৌ পাহি তোৰে খোপাত
ইমান ধুনীয়া দেখি
জেতুকাৰ বোল তোৰে হাতত
ইমান ধুনীয়া দেখি”

বিহুগীততো আছে—

‘‘পাহাৰ বগাই বগাই জানৈ
কপৌফুল মই আনিছো ,
খোপাতে ঐ গুজি দিম বুলি”।

বৰ্তমান বিশ্বায়নৰ ব্যাপক প্ৰভাৱত বিহু এক পণ্য সামগ্ৰীৰ দৰে হৈ পৰিছে।লোক উৎসৱৰ সলনি ই হৈ পৰিছে সাংস্কৃতিক অনুষ্ঠান,এচামৰ টকা ঘটাৰ মাধ্যম। ৰূপান্তৰৰ বুকুতেই জী উঠে নব্য সংস্কৃতিৰ ভেঁটি। সংস্কৃতি অবিহনে কোনো জাতিয়ে বিকাশ লাভ কৰিব নোৱাৰে।ব’হাগ আমাৰ প্ৰাণ, আমাৰ জাতীয় জীৱনৰ মান। সেয়েহে বিহুক আমাৰ ভোগবাদৰ পৃথিৱীত হেৰাই যাবলৈ নিদি এসময়ৰ বিহুৰ যি স্বত:স্ফূৰ্ত প্ৰকাশ, পৰিশীলিত ব্যঞ্জনা,যি উদ্যম তাক স্তিমিত হ’বলৈ নিদি পুণৰ জাগ্ৰত কৰি অসমীয়া জাতিক এক সমন্বয়ৰ মহাজাতি ৰূপে গঢ়ি তোলাৰ প্ৰয়াস কৰিব লাগিব।তেতিয়াহে অসমীয়া জাতি আৰু বিহু ভাৰত মহাসভাত জিলিকি থাকিব।অকল বাতৰি-কাকত, আলোচনী আদিত বিহুৰ ঐতিহ্যৰ কথা লিখাৰ সলনি বাস্তৱ ক্ষেত্ৰতো ইয়াৰ ঐতিহ্য প্ৰৱাহিত কৰি ৰাখিব লাগিব। নহ’লে এদিন কালৰ বুকুত হেৰাই যাব আমাৰ হিয়াৰ আমঠু বিহু।এই ক্ষেত্ৰত গণমাধ্যম সমূহৰ ভূমিকাও উল্লেখযোগ্য। ৰঙালী ভোগালী একাকাৰ কৰাৰ আমাৰ বৰ্তমানৰ যি মানসিকতা এইবোৰো বাদ দিয়াৰ সময় হ’ল।এচাম গণমাধ্যমে ৰঙালী আৰু ভোগালীক একাকাৰ কৰি প্ৰচাৰ চলোৱা পৰিলক্ষিত হয়।ৰঙালীক ৰঙালী কৰিয়েই ৰাখোচোন,ভোগালীকো সুকীয়া কৈ….।
শেষত এফাঁকি বিহুগীতৰ কথাৰে—

“চ’তে গৈয়ে গৈয়ে ব’হাগী পালেহি
ফুলিলে ভেবেলী লতা
কৈ নো থাকো মানে ওৰকে নপৰে
আমাৰ প্ৰাণ ব’হাগৰ কথা।”