বিস্ফোৰণত ব্যৱহৃত আই-২০ গাড়ীখন চলাই নিছিল চিকিৎসক ওমৰে

বিস্ফোৰণত ব্যৱহৃত আই-২০ গাড়ীখন চলাই নিছিল চিকিৎসক ওমৰে

ৰঙিলী বাৰ্ত্তাসেৱা- ৰাজধানী দিল্লীৰ লালকিল্লাত সোমবাৰে সন্ধিয়া সংঘটিত হোৱা ভয়ংকৰ বোমা বিস্ফোৰণটোৰ খলনায়ক ফৰিদাবাদৰ চিকিৎসক মহম্মদ ওমৰ। দিল্লী আৰক্ষীৰ প্ৰাথমিক তদন্তত এই কথা প্রায় নিশ্চিত হৈছে। বিস্ফোৰণটোত ব্যৱহৃত হাৰিয়ানা ৰেজিষ্ট্ৰেচনৰ আই-২০ গাড়ীখন বিস্ফোৰণস্থলীলৈ ওমৰেই চলাই আহিছিল বুলি প্রায় নিশ্চিত হৈছে আৰক্ষী। চিচি টিভিৰ ফুটেজত বিস্ফোৰণত ব্যৱহৃত আই-২০ গাড়ীখনৰ বিভিন্ন ফুটেজ পোৱা গৈছে আৰু এই ফুটেজত দেখা গৈছে যে নীলা আৰু ক’লা ৰঙৰ টি-ছাৰ্ট পৰিহিত এজন ব্যক্তিয়ে গাড়ীখন লালকিল্লাৰ ওচৰলৈ চলাই আহিছিল। আৰক্ষীৰ মতে, এই ব্যক্তিজনেই আছিল মহম্মদ ওমৰ। বিস্ফোৰণটোৰ পিছত মহম্মদ ওমৰৰ কোনো সন্ধান নোপোৱাৰ প্রতি লক্ষ্য ৰাখি আৰক্ষীয়ে সন্দেহ কৰা মতে, ওমৰে আত্মঘাতী বোমাৰু হিচাপে গাড়ীখনৰ বিস্ফোৰণ ঘটাই ভয়ংকৰ কূটাঘাতটো সংঘটিত কৰিছিল। প্ৰকাশ পোৱা মতে, ওমৰৰ দুই সহযোগী আদিল আৰু মোজাম্মিলক গ্ৰেপ্তাৰ কৰাৰ পিছতে অকলশৰীয়া হৈ পৰে ওমৰে। অকলশৰীয়া হৈ পৰা ওমৰে গ্ৰেপ্তাৰ হোৱাৰ আশংকাত আতংকিত হৈয়ে নিজাববীয়াকৈ আত্মঘাতী বিস্ফোৰণটো সংঘটিত কৰে। স্মৰ্তব্য যে সোমবাৰে দিনৰ ভাগত ফৰিদাবাদত ৩৫০ কেজি বিস্ফোৰকসহ ধৰা পৰিছিল আদিল। আদিলক গ্ৰেপ্তাৰৰ পিছতে আৰক্ষী তথা নিৰাপত্তা এজেঞ্চীসমূহ নিশ্চিত হৈছিল যে এক ভয়ংকৰ কূটাঘাতৰ পৰিকল্পনা ৰচিত হৈছে। উল্লেখ্য যে ৩৬ বছৰীয়া ওমৰে ২০১৭ চনত শ্রীনগৰৰ এখন মেডিকেল কলেজৰ পৰা এমবিবিএছ পাছ কৰিছিল। সম্প্ৰতি ওমৰে ফৰিদাবাদৰ আলফালহাজ মেডিকেল কলেজত চিকিৎসক হিচাপে কৰ্মৰত হৈ আছিল। এই মেডিকেল কলেজতে ওমৰৰ সতীর্থ চিকিৎসক হিচাপে কৰ্মৰত আছিল মোজাম্মিল। কাশ্মীৰৰ পুলৱামাৰ বাসিন্দা ওমৰ দিল্লী বিস্ফোৰণত জড়িত থকাৰ প্রায় নিশ্চিতি লাভ কৰাৰ পিছতে নিৰাপত্তা বাহিনীয়ে ওমৰৰ কাশ্মীৰৰ ঘৰটোত অভিযান চলাই কেইবাজনো আত্মীয়ক আটক কৰিছে। এগৰাকী আত্মীয়ই প্রকাশ কৰা মতে, যোৱা শুকুৰবাৰে শেষবাৰৰ বাবে ওমৰে পৰিয়ালৰ সৈতে কথা পাতিছিল। সেই আত্মীয়গৰাকীয়ে প্ৰকাশ কৰা মতে, ইতিমধ্যে বাগদান হৈ গৈছে যদিও ওমৰে এতিয়ালৈকে বিবাহপাশত আবদ্ধ হোৱা নাই। কেৱল পঢ়া-শুনাতে ব্যস্ত থকা ওমৰ দিল্লী বিস্ফোৰণত কোনোপধ্যে জড়িত নহয় বুলি দাবী কৰে আত্মীয়গৰাকীয়ে। তেওঁ প্ৰকাশ কৰা মতে, যোৱা দুমাহ ধৰি ওমৰে কাশ্মীৰৰ ঘৰলৈ অহা নাছিল। আৰক্ষীয়ে ইতিমধ্যে ওমৰৰ পৰিয়ালৰ লোকৰ ডিএনএৰ নমুনা সংগ্ৰহ কৰিছে।