বিসর্জন- নিপন নাথ

Pc Wallpaper Flare

বিসর্জন
(লক্ষ্মী দেৱীৰ অপস্তুতি)

নিপন নাথ

আপুনিয়ো বৰষুণৰ লেখীয়া
চেৰাপুঞ্জীৰ আকাশত
গুজি দিব খোজে
ৰাজস্থানৰ মেঘৰ চকুপানী,
ধেমাজিৰ বাঢ়নী পানীতো
চলাব খোজে
কুবেৰেৰে মধুচন্দ্ৰিকাৰ নাওঁ

যদি দিবই নাজানে
মণিপুৰৰ যুৱতীক মানৱতাৰ এধানি বস্ত্ৰ,
যদি বিলাবই নোৱাৰে
ৰোহিঙ্গীয়া শিশু আৰু চুডানৰ মেথাক
ন্যায়ৰ এমুঠি ভাত

ধৰ্মৰ সীৰলুয়ে চিৰাচিৰ কৰা
পুঁজিপতি শুঁৰপোকৰ এই পথাৰেৰে
আপুনি আৰু আহিব নালাগে,
ই.এম.আই.ৰ ভাবুকি আৰু বজাৰৰ জুইৰে
আমি নিজেই ভগাই ল’ম
আমাৰ অভাৱৰ খবৰ ।