বিষ – মন্দিতা চেতিয়া গগৈ

PC - Freepik

বিষ 

মন্দিতা চেতিয়া গগৈ
ৰাজগড় , ডিব্ৰুগড়

কেইবাদিনো হ’ল, অনুৰাধাৰ গা-টো বৰ ভাল নহয় । ভাল নহয় মানে কঁকালৰ বিষ এটাই অলপদিনৰপৰা লগ নেৰা হৈছে । আগতে কেতিয়াবা অলপ বিষালেও দুদিনমানৰ পাছত ভাল হৈ যায় । এইবাৰহে বিষটো অলপ দীঘলীয়া হৈছে । বিষৰ কাৰণে ঘৰৰ কাম-কাজবোৰো কৰিব পৰা নাই । তাৰ কাৰণে স্বামী বিবেকে মাজে মাজে কথা শুনাই আছে । অনুৰাধাৰ দুখ লাগে, তাই যেন জানি-বুজিহে বেমাৰটো গোটাই লৈছে ; বিবেকে অন্তত: তেনেকৈয়ে ভাৱে । নহ’লে ভাৱে যে কাম কৰিব লাগে কাৰণেই তাই বেমাৰৰ ভাও ধৰিছে । বিবেকৰ কিছুমান কথা আজিকালি অনুৰাধাই হজম কৰিব নোৱাৰা হৈ আহিছে । তেনেকুৱা সময়ত তাইৰ ভাৱ হয় , এই বেমাৰটোৰ লগতে যদি তাই কাণখনেৰেও নুশুনা হৈ গ’ল হেঁতেন ; তেতিয়া অন্ততঃ ইমান মনোকষ্ট নেপালেহেঁতেন।

: চাইটিকা পেইনত বিছনাত পৰি আছো । কঁকালৰ বিষত বিছনাৰ পৰা উঠিব নোৱাৰা অৱস্থা । ভৰি, গোৰোহা সকলোতে বিষ । সেয়েহে আজি অকলেই ডাক্তৰ চলিহাৰ চেম্বাৰলৈ গৈছিলো ।

অনুৰাধাই কলেজীয়া বন্ধু-বান্ধৱীৰ হোৱাটছ আপ গ্ৰুপত এইবুলি আপডেট দিলে ।

তাইৰ আপডেট পোৱাৰ পাছতে নিৰলাই নিজৰ অভিজ্ঞতা বৰ্ণনা কৰি ক’লে- কঁকালৰ বিষত তায়ো বৰ ভুগিলে ।তাইৰ কঁকাল বিষ ইমানেই হৈছিল যে তললৈ হাওঁলিব পৰাই নাছিল । আনকি নিজৰ ভৰিকেইটাও নিজে ধুব পৰা নাছিল । স্বামী পৱনে সেয়েহে সকলো কামৰ লগতে তাইৰ ভৰিকেইটাও ধুৱাই দিবলগা হৈছিল ।

শ্ৰুতিয়ে লিখিছে – আজিকালি তাই ভৰিৰ কুটকুটনিত টোপনিয়েই নধৰে । নিবীড়ে তাইৰ ভৰিকেইটাত তেল লগাই মালিছ কৰি দিলেহে শুব পাৰে ।

জীমণি, শ্ৰেয়া, নাজনিনেও সিহঁতৰ নিজৰ নিজৰ অসুখৰ কথা আৰু সেইসময়ত প্ৰিয়জনৰ পৰা পোৱা সহযোগিতাৰ বিষয়ে বৰ্ণনা কৰিছে । সকলোৱে তাইক বেমাৰত ভাঙি নপৰিবলৈ পৰামৰ্শ দিছে । এনেকুৱা বিষত যথেষ্ট বিশ্ৰামৰ প্ৰয়োজন । সেয়েহে ঘৰুৱা কামকাজৰ পৰা অলপ আঁতৰি থাকিবলৈ উপদেশ দিছে । কাৰণ মাইকী মানুহবোৰে বেমাৰত পৰিলে মৰি-পৰি হ’লেও কামবোৰ কৰি থাকে । নিয়ম-নীতিৰ নামত নকৰিলে হোৱা কামবোৰো কৰি থাকে । সেয়েহে তাই যাতে কাম কৰি কৰি নিজকে অধিক কষ্ট নিদিয়ে ,সেই কথা বাৰম্বাৰ সকলোৱে সোঁৱৰাই দিছে ।স্বামী বিবেকৰ পৰিচৰ্যাত তায়ো অতি সোনকালেই সুস্থ হৈ উঠিব বুলি সিহঁতৰ বিশ্বাস ।

সিহঁতৰ কমেণ্ট বোৰ পঢ়ি পঢ়ি অনুৰাধাৰ শৰীৰৰ বিষতকৈ মনৰ বিষটোহে বেছি হ’ল ।