বিষ ভৰা ২০২৫
অৰ্ণৱ কটকী
জাঁজী, যোৰহাট
হাতত মাথোঁ কিছু দিন, কিছু সময় এটা নতুন বৰ্ষৰ দুৱাৰ ডলিত থিয় দি আছে ২০২৬ য়ে। ব্যক্তিগত ভাৱে কি পালোঁ হয়তো সেইয়া গৌণ আজি। অসমে, অসমীয়াই আজিলৈকে এই বছৰত বহুত হেৰুৱালে। ২০২৫ৰ হাততে অসমৰ হীৰা, অসমৰ সোণ হেৰালে। এনেকুৱা দিন যাতে জীৱনত কেতিয়াও নাহে ।
আহি থকা প্ৰতিটো দিন প্ৰতিটো পল অসম আৰু প্ৰতি জন ব্যক্তিৰ বাবে হৈ পৰক সপোন প্ৰাপ্তিৰ বৰ্ষ। আকাশ চুব খোজা প্ৰতিটো মন সফল হৈ উজ্বলি উঠক। নিবিচৰা কিছু দুঃখ বেদনা জীৱনৰ পৰা আঁতৰি যাওঁক, মুক্ত উশাহ লৈ আলফুল মৰমৰ উমত জীপাল হৈ সজাল ধৰি উঠক আপোনাৰ প্ৰতিটো দিন। সুখৰ সাগৰ হৈ মোহনীয়া হওঁক আপোনাৰ জীৱন।
কৰ্ম জীৱনৰ এক অংগ। কৰ্মৰ মাজেৰে মানৱতা সামৰি আগুৱাই যাওঁক আপুনি। আপোনাৰ সফলতা যে মোৰো কাম্য। মোৰ দৰে সৰু ব্যক্তি এজনৰ সৰু সৰু কিছু অনুভৱ প্ৰকাশ কৰা বাবে এই চেগতে আপোনালৈ জনালোঁ মোৰ আন্তৰিক ধন্যবাদ আৰু ভৰা শ্ৰদ্ধা। প্ৰতিজন পঢ়ুৱৈ মোৰ বাবে চিৰপূজ্য, আদৰণীয়। আপোনালোকৰ আশীৰ্বাদ ভৰা প্ৰতিটো উৎসাহৰ বাবে মই আজীৱন ঋণী, চিৰ কৃত্জ্ঞ।
পুনৰ এবাৰ আপোনালোকক সকলোলৈকে ইংৰাজী নৱ বৰ্ষৰ লগতে আগন্তুক ভোগালী বিহুৰ শুভ কামনা জনালোঁ।
