বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি – নাছিৰ আহমেদ

বিষ্ণু ৰাভা এতিয়াও বহু ৰাতি
নাছিৰ আহমেদ, গোৱালপাৰা
বিষ্ণু ৰাভা
এতিয়াও বহু ৰাতি
এতিয়াও শোষিতৰ দুবাহুত জিঞ্জিৰি।
কণ্ঠৰুদ্ধ পৰাধীনতাৰ
কাৰাগাৰৰ অন্ধকাৰত বন্দী
আজি দেশৰ সংস্কৃতি !
বিষ্ণু ৰাভা
এতিয়াও বহু ৰাতি।
এতিয়া সাৰে আছে মাথোঁ
বৰ্বৰ শোষক শ্ৰেণী
সাৰে আছে শোষণ যন্ত্ৰ
আৰু সাৰে আছে দুষ্কৃতি ।
বিষ্ণু ৰাভা
এতিয়াও বহু ৰাতি।
এতিয়াও টোপনিত লালকাল
শোষিত জনতাৰ দল।
সিহঁতৰ পঁজা গৈছে উঁৱলি
বুকুৰ কাপোৰ গৈছে ফালি
তথাপিও ভঙা নাই সিহঁতৰ টোপনি!
এতিয়াও সংস্কৃতিৰ নামত
দুষ্কৃতি মেলিছে পোহাৰ
দিশে দিশে চলিছে মাথোঁ
অন্যায় আৰু উৎপীড়ন,
নিৰাশ্ৰয়ৰ বুকুৰ তেজেৰে
বাৰে বাৰে ৰাঙলী হৈছে দেশৰ পবিত্ৰ মাটি !
বিষ্ণু ৰাভা
এতিয়াও বহু ৰাতি!
এতিয়াও বহু ৰাতি!!
ডাচ কেপিটেলৰ বহু পৃষ্ঠা বাকী!!!