বিষ্ণু ৰাভা – অনামিকা (সংগীতা)কলিতা

বিষ্ণু ৰাভা

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

অসমৰ ইতিহাসত খোদিত
অংকিত এটা নাম “কলা গুৰু ”
শিল্পী তুমি “বিষ্ণুপ্ৰসাদ ৰাভা “।
জনতাৰ অন্তৰে অন্তৰে
কৃষ্টি-সংস্কৃতি সিচি দিলা ।
অগ্নিময় ইতিহাসত
অক্লান্ত শ্ৰমৰ বিপ্লৱী
সৈনিক তুমি ।
ঢাকাত জন্ম হলেও
তেজপুৰ তোমাৰ কৰ্মভূমিত
নৱ সৃষ্টি ৰ আধাৰ ৰচিলা ।
অসমৰ প্ৰথম কথাছবি
” জ্যোতিৰ” “জয়মতী’ৰ”
তুমি আছিলা সহযাত্ৰী।
চহা জীৱনৰ মূল্যবোধ
তোমাৰ প্ৰাণৰ প্ৰতিমা।
তুমিয়ে ই অসমৰ “পৰশৰ মণি”
এক বিমূৰ্ত ত্যাগৰ প্ৰতীক তুমি।
শতবাৰ প্ৰণাম জনাওঁ