বিষ্ণু প্ৰসাদ ৰাভাৰ গীত আৰু কাব্যত বামপন্থী চিন্তাৰ প্ৰকাশ
– সমুজ্জ্বল ডেকা, ৰঙিয়া
স্নাতক তৃতীয় ষাণ্মাসিক (অসমীয়া বিভাগ)
পুঠিমাৰী মহাবিদ্যালয়
কলাগুৰু ৰূপে জনাজাত অনেক প্ৰতিভাসম্পন্ন বিষ্ণু প্ৰসাদ ৰাভাই সমাজ জীৱনৰ সুখ-দুখ তথা ভিন্ন সংগ্ৰামৰ বৃষ্টি নিজৰ সৃষ্টিৰ মাজেৰে প্ৰকাশ কৰে।
১. ঐতিহ্য–চেতনা: ৰাভাৰ গীত-কবিতাত অতীতপ্ৰীতিৰ কিছু আভাস পোৱা যায়৷ অৱশ্যে, ৰাভাৰ বস্তুনিষ্ঠ ইতিহাস চেতনা তেওঁৰ ‘মানৱ জাতি’, ‘অতীত অসম’ আদি প্ৰবন্ধতহে সুন্দৰকৈ ফুটি উঠিছে। শংকৰ-মাধৱৰ দ্বাৰা গভীৰভাবে প্ৰভাৱান্বিত ৰাভাই শান্তি আৰু সাম্য-মৈত্ৰীৰ সুন্দৰ সমাজ এখন গঢ়া দিয়াৰ নিমিত্তে গীত আৰু কবিতাৰে ৰাইজক দুজনা গুৰুৰ আদৰ্শ ল’বলৈ আহ্বান জনাইছে ৷ “অ’ গুৰু মোৰ শংকৰ তৰিবৰ এ কিনো উপায়” বুলি এটি হৃদয়স্পৰ্শী গীতি কবিতা ৰচনা কৰি লোকগীতৰ সুৰত তেওঁ নিজে পৰিৱেশন কৰি ৰাইজৰ হৃদয় জয় কৰিছিল৷ আহোম বুৰঞ্জীৰ মহীয়সী নাৰী জয়মতী আইৰ আত্মত্যাগ আৰু দেশপ্ৰেমৰ কাহিনীৰে গীতিকবিতা লিখি হৃদয়স্পৰ্শী কৰুণ সুৰেৰে পৰিবেশন কৰি অসমীয়া জীয়ৰী-বোৱাৰীক উদ্বুদ্ধ কৰিছিল—
“জয়া নাই… জয়া নাই…
জয়সাগৰৰ বুকুৰ মাজত উঠে চকুলোৰে ঢল,
মলয়াই তোলে হিয়াভগা সুৰ, কৰুণ বিননী ৰোল
জয়া নাই জয়া নাই
অসমী আইৰ চেনেহৰ জী সতী জয়মতী নাই”
২. প্ৰেম-বিৰহৰচেতনা : ৰাভাৰ বহুকেইটা গীত-কবিতাত প্ৰেম-বিৰহৰ সুগভীৰ অনুভূতি ফুটি উঠিছে৷ তেওঁৰ ব্যক্তিগত জীৱনটো প্ৰেম-বিৰহ, পোৱা-নোপোৱা, হ’ব-নহ’ব দ্বন্দ্বৰেই পূৰ্ণ৷ ৰাভাৰ প্ৰেম-বিৰহৰ গীত-কবিতাবোৰত নিজৰ জীৱনৰ বহু গোপন কথা প্ৰকাশ হৈ পৰিছে৷ ‘নাহৰ ফুলে নুশুৱায় তগৰ ফুলে শুৱাব’ গীতটোত বক্তাই প্ৰেমিকাৰ বাবে সাতসাগৰ সিঁচি মাণিক আনিম বুলিছে, নাহৰ তগৰ কপৌ ফুলে নুশুৱালে মেঘৰ বুকু ফালি বিজুলী ফুল আনিম, প্ৰয়োজন হ’লে হিয়া ফালি তেজাল পোৱালমণি উলিয়াই প্ৰেমিকাৰ ডিঙিত পিন্ধাম বুলিছে৷ আন এটা কবিতাত বক্তাই সুধিছে—
“হিয়াৰ ফুলনিত যি ফুল ফুলালোঁ
সেই ফুল তুমি ছিঙিবানে?
যি ফুলৰ পাহি যতনে মেলিলোঁ
সেই পাহি তুমি চুমিবানে?”
ৰাভাৰ আন কেইবাটাও হৃদয়স্পৰ্শী তথা বহুসমাদৃত কবিতা আছে য’ত বিফল প্ৰেমৰ তীব্ৰ দহন ফুটি উঠিছে, যেনে—
“লগন উকলি গ’ল তেওঁযে নহ’ল কোৱা
মনৰ কথাটি মোৰ হিয়াত গুপুতে থোৱা৷”
“পৰজনমৰ শুভ লগনত যদিহে আমাৰ হয় দেখা
পূৰাবানে প্ৰিয়ে এই জনমৰ মোৰ হিয়াৰ অপূৰ্ণ আশা?”
“মেলানি বেলাৰ বিদায় লগন যেতিয়া আহিব চাপি,
উঠিবনে প্ৰিয়ে! তেতিয়া এবাৰ হৃদয় তোমাৰ কঁপি?”
ইত্যাদি
এই গীতি কবিতাবোৰত কবিৰ যি অকৃত্ৰিম প্ৰেম আৰু হৃদয়ানুভূতি প্ৰকাশ পাইছে সেয়া সাৰ্বজনীন মানৱীয় অনুভূতি৷ আন কেইবাটাও কবিতাত ৰাভাই অপূৰ্ব শ্লীলতাৰ মাজেৰে নাৰীৰ ৰূপ-সৌন্দৰ্যৰ বন্দনা কৰিছে৷ গীতি কবিতাত জ্যোতিপ্ৰসাদ, বিষ্ণু ৰাভা আৰু ভূপেন হাজৰিকাই নাৰী বন্দনাত যি সম্ভ্ৰম আৰু শ্লীলতা বজায় ৰাখে সেয়া আজিৰ নতুনচাম কবি-শিল্পীয়ে মনোযোগেৰে অনুকৰণ কৰা উচিত৷
৩. মুক্তিৰচেতনা : অসমৰ ইমূৰৰ পৰা সিমূৰলৈ ভ্ৰমি ফুৰোঁতে সাধাৰণ কৃষিজীৱী ৰাইজ আৰু দীনহীন শ্ৰমিক, বনুৱাৰ দুৰৱস্থা দেখি ৰাভাৰ হৃদয়ে কান্দি উঠিছিল—
“…অসহ জীৱন উটি ভাহি যোৱা
ভগা ছিগা মানৱী আমঠু হিয়া
শ্ৰম কৰিও খাবলৈ নোহোৱা
আলৈ বিলৈ হোৱা হজুৱা,—
কান্দে দুখীয়া বনুৱা৷”
শ্ৰমজীৱী ৰাইজৰ দুৰৱস্থাৰ বিপৰীতে অগাধ প্ৰাচুৰ্য্ৰ মাজত এমুঠিমান সামন্ত ভূ-স্বামী আৰু কাৰখানাৰ মালিকৰ উগ্ৰ বিলাসিতা দেখি বিপ্লৱী শিল্পী ৰাভাৰ কলমে গৰ্জি উঠিছিল—
“ধ্বংস কৰ ধ্বংস কৰ ধনীৰ অহংকাৰ
দয়া মায়া নকৰিবি ক্ষমাৰ দিন যে গ’ল
হাল কোৰ দা হাতুৰী লৈ ৰণলৈ যাওঁ ব’ল৷”
ৰাভাই উপলব্ধি কৰিছিল ৰাজনৈতিক স্বাধীনতাই কোটি কোটি দৰিদ্ৰ জনতালৈ প্ৰকৃত মুক্তি আনিব নোৱাৰে যদিহে জনতাই দেশীয় ধনীক শ্ৰেণী আৰু বৰ্ণবাদী সমাজখনৰ পৰা সামাজিক ন্যায়, মানৱীয় অধিকাৰ আৰু অৰ্থনৈতিক স্বাধীনতা লাভ কৰিব নোৱাৰে৷ সেয়ে ৰাভাই তথাকথিত নিম্নজাতৰ মানুহবোৰ আৰু দৰিদ্ৰ কৃষক-বনুৱাৰ মঙ্গলৰ বাবে আত্মসন্মান আৰু ন্যায্য অধিকাৰৰ মন্দিৰৰ দুৱাৰখন খুলি দিবলৈ সুন্দৰৰ পূজাৰীক আহ্বান জনাইছিল—
“আজি মন্দিৰৰ দুৱাৰ খোলা
বহে মিলনৰ উৎসৱ মেলা৷
শুনোঁ মঙ্গল আৰতি গান
নাচি উঠে ভকতৰ প্ৰাণ৷”
একেসময়তে, শিক্ষা আৰু জ্ঞান সাধনাইহে বিশ্বৰ কোটি কোটি দৰিদ্ৰ জনতালৈ প্ৰকৃত মুক্তি আনিব পাৰিব বুলি ৰাভাই বিশ্বাস কৰিছিল৷ সেয়ে লিখিছিল—
“…বিশ্বৰে দেউলত জ্ঞানৰে বন্তিৰ
আলোকৰে শিখা উঠক নাচি
অজ্ঞান এন্ধাৰ বিনাশী পুলকানন্দে…”
গতিকে বিষ্ণু ৰাভাৰ গীত আৰু কবিতাৰ ভাব-বৈচিত্ৰ্য আৰু আংগিকৰ বিশেষত্ব মন কৰিবলগীয়া দিশ৷ ৰাভা কলাৰ প্ৰতি গভীৰভাবে অনুৰক্ত এগৰাকী প্ৰকৃত শিল্পী আৰু কবি আছিল৷ সেয়ে প্ৰতিটো কথা আৰু বিষয়ক কলাত্মক ভাবনাৰে উপস্থাপন কৰিছিল৷ তেওঁৰ গীত আৰু কবিতাবোৰত বিভিন্ন ভাবৰ সমাহাৰ ঘটিছে, যেনে— ৰোমাণ্টিক প্ৰেম, বিৰহ, দ্বন্দ্ব, বিদ্ৰোহ, প্ৰকৃতি-প্ৰেম, ধৰ্মনিৰপেক্ষতা, গণতান্ত্ৰিক ভাবনা, সংস্কাৰ, মানৱতা, অপত্য স্নেহ, জ্ঞান আৰু সুন্দৰৰ সাধনা আদি৷ ইয়াৰ উপৰি বহু কবিতাত ব্যঙ্গ, ঘৃণা, স্মৃতি, বন্দনা আদিও আছে৷ ৰাভাই তেওঁৰ শিল্পকৰ্মবোৰ মনৰ খোৰাক পূৰণৰ বাবে নিৰ্মাণ কৰা নাছিল—প্ৰতিটোৰে মহৎ উদ্দেশ্য আছিল৷ মুখ্য উদেশ্যটো আছিল—মানৱীয় সত্তাৰ উত্তৰণ আৰু সমাজখনক সুন্দৰ ৰূপত গঢ়ি তোলা৷ তেওঁ প্ৰকৃতাৰ্থতে এগৰাকী নিৰ্ভেজাল কবি আছিল৷ তেওঁ ভাষা আৰু ছন্দৰ প্ৰয়োগত বিশেষ সাবধান আছিল৷ মুক্তক ছন্দ আৰু স্পন্দিত গদ্যৰ অৱলম্বন তেওঁৰ বহু গীত-কবিতাত দেখা যায়৷ সৰহখিনি গীত আৰু কবিতাতে সমাজচেতনা তীব্ৰ৷ বহু গীত আৰু কবিতাত ৰাভাই অসমীয়া লোকসাহিত্যৰ ভাষা, সুৰ আৰু কাহিনীক আদৰি আনিছে৷ ‘বিলতে হালিছে ধুনীয়া পদুমী’, ‘অ’ অসমীয়া ডেকা দ’ল’, ‘কাষতে ক’লচি লৈ’, ‘আজলী ছোৱালী’, ‘মেলানি বেলাৰ বিদায় লগন’, ‘লগন উকলি গ’ল’, ‘পৰজনমৰ শুভ লগনত’, ‘মোৰ জীৱনৰ আকাশতে’, ‘বিশ্বৰ ছন্দে ছন্দে’, ‘সুৰৰ দেউলৰে’, ‘আজি মন্দিৰৰ দুৱাৰ খোলা’, ‘ব’ল ব’ল ব’ল ব’ল’, ‘নিছলা আইৰে’, ‘জয়া নাই’ আদি তেওঁৰ অসমীয়া সাহিত্য আৰু সংগীতজগতলৈ নজহা নপমা অৱদান৷ ‘নাৰী’, ‘উভয় পুনৰ’, ‘ভঙা-প্ৰিয়া’, ‘ন-সমাজ’, ‘কল্পনা মূৰুতি’, ‘কাৰবালা’, ‘অঘৰীৰ ঘৰ’ ইত্যাদি ৰাভাৰ দীঘল কবিতা৷ জনপ্ৰিয় বৈষ্ণৱ সাহিত্যৰ দ্বাৰাও ৰাভাৰ গীত আৰু কবিতাবোৰ প্ৰভাৱান্বিত৷ তেওঁৰ গীত আৰু কবিতাৰ ভাষা সহজ-সৰল—সৰ্বসাধাৰণে সহজে বুজিব পৰা৷ ভাবপ্ৰকাশক শব্দবোৰ অতি আকৰ্ষণীয় আৰু যথাযথ ৷ আৱেগপ্ৰৱণ ভাৱ, কাব্যিক ব্যঞ্জনাই গীত আৰু কবিতাবোৰক ৰসোত্তীৰ্ণ কৰি তুলিছে৷ ৰাভাৰ সৰহভাগ গীত আৰু কবিতাৰ সামগ্ৰিক মাধূৰ্য আৰু ব্যঞ্জনাই ৰাভাৰ সাহিত্যকৰ্মক বহু উচ্চ স্তৰৰ গণ-সাহিত্যলৈ উন্নিত কৰিছে৷