বিষ্ণুৰ জেউতি – ৰশ্মি ৰেখা দুৱৰা

বিষ্ণুৰ জেউতি

ৰশ্মি ৰেখা দুৱৰা

জগতত অনেকেই খোজ দিছে
মায়া এৰি সিপুৰীলৈ দিনৌ বাট লৈছে
জনচেৰেক উমৈহতীয়াভাৱে আছে একোণত
জনচেৰেক নিচিনাকৈয়ে ৰ’ল…

কেতিয়াও নুনুমুৱা এগছি বন্তি
অতীত,বৰ্তমান,ভৱিষ্যতক আৱৰি ৰখা
শিল্পী,সাহিত্যিক তুমি প্ৰথিতযশা
প্লাৱন তোমাৰ সোণোৱালী আভা…

হে মহান শিল্পী তুমি জগতৰ জয়ী
চৌদিশে সিঁচিলা বীজ হিয়া উপচাই
তোমাৰ জেউতিত মেদিনী আলোড়িত
সাহিত্য-সংস্কৃতিক বান্ধিলা একতাৰ এনাজৰীৰে…

শব্দতে নিগৰিল প্ৰেম,প্ৰকৃতি,বিপ্লৱৰ ধাৰা
বহুমুখী প্ৰতিভাৰে ধৰণী জিলিকাই
ৰাখিলা কিৰিতি জগতত
বিচাৰি হাবাথুৰি খাইছে তোমাৰ জেউতি…

এটি নতুন পুৱাত সুৰুযে হাঁহিছে
হেঁপাহৰ বন্তিগছিয়ে একমনাহৈ চাইছে
মনৰ জোখাৰে মেৰিয়াইছোঁ কণমান
সৌ দূৰ আকাশখনলৈ থৰ লাগি,ৰৈ ৰৈ………