বিষ্ণুপ্ৰিয়া অনামিকা (সংগীতা)কলিতা

বিষ্ণুপ্ৰিয়া

অনামিকা (সংগীতা)কলিতা,শুৱালকুছি

নমস্তুতে ত্ৰৈলোক্য পূজিত দেৱী লক্ষ্মী বিষ্ণু প্ৰিয়া
পৃথিৱীত শান্তিৰে ধনে ধানে
তোমাৰ আগমনত পূৰ্ণ হয় ।
কস্তুৰী সুগন্ধি দশোদিশে বিয়পি পৰে
মনত আশাৰ সপোনবোৰ ঠন ধৰি উঠে ।
নাঙলৰ সিৰলুত তোমাৰ আশীৰ্বাদ
আৰাধনা সাধনা হিয়াত স্থাপন কৰি
পোহৰৰ জয়যাত্ৰা জীৱনৰ
বছৰটোৰ কাৰণে পথাৰত খোজ পেলাওঁ।
সোণাৱালী ধাননি দৰা
লহপহকৈ বাঢ়ি আহে
আমিও মূৰ দোঁৱাই তোমাক স্বাগতম্ জনাওঁ মা —