বিষ্ণুপ্ৰসাদ ৰাভা – ছেলিমা বেগম 

বিষ্ণুপ্ৰসাদ ৰাভা
ছেলিমা বেগম 
নগাঁও
“হে কলাগুৰু তোমাক প্ৰণাম“
হে প্ৰাণৰ বিষ্ণুপ্ৰসাদ ৰাভা,
তুমি আকৌ আঁহা আমাৰ মাজত।
তোমাৰ কেঁচা তেজৰ গোন্ধ আজিও
লাগি আছে অসমীয়াৰ নাকত।
তোমাৰ কবিতাৰ ছন্দ আজিও
বিচাৰি ফুৰোঁ শব্দৰ মাজত ৷
অসমীয়াৰ তেজৰ ৰন্ধ্ৰে ৰন্ধ্ৰে,
শিৰাই শিৰাই তোমাৰ গোন্ধ পাওঁ।
তোমাৰ অতুলনীয় অৱদান
আমি অসমীয়াই শ্ৰদ্ধাৰে স্মৰণ কৰোঁ।
তোমাৰ অসমভূমিত আজিও সিঁচি যোৱা
সম্প্ৰীতিৰ অমিয়া বাণী ৷
অসম ৰাজ্যৰ এজন সুখ্যাত
কবি আছিলা তুমি বিষ্ণু ৰাভা
কবি, সাহিত্যিক, নাট্যকাৰ, সংগীতকাৰ
অভিনেতা, চিত্ৰকাৰ আৰু মুক্তি যোদ্ধা
আছিলা বিষ্ণুপ্ৰসাদ ৰাভা
বিশ্বৰ ছন্দে ছন্দে মহানন্দে বিষ্ণু ৰাভা তুমি ৷