বিষ্ণুপ্ৰসাদ ৰাভা আৰু নাৰী মুক্তি সংগ্ৰাম-     বিন্দু ৰাজবংশী কলিতা

Pc-Youtube
বিষ্ণুপ্ৰসাদ ৰাভা আৰু নাৰী মুক্তি সংগ্ৰাম
       এহাতে কলম আৰু এহাতে অস্ত্ৰ লৈ শোষিত,নিস্পেষিত হোজা কৃষক ৰনুৱা,বনুৱাৰ মুক্তিৰ বাবে আজীৱন বিপ্লৱ কৰি যোৱা বিষ্ণুপ্ৰসাদ ৰাভাই নাৰী মুক্তিৰ বাবেও সংগ্ৰাম কৰিছিল।তেওঁৰ মতে বিপ্লৱ অবিহনে শোষক শ্ৰেণীৰ পৰা নাৰীক মুক্ত কৰা সম্ভৱ নহয়।
জ্ঞানপীঠ বটাঁ বিজয়ী প্ৰয়াত সাহিত্যিক ড°বীৰেন্দ্ৰ কুমাৰ ভট্টাচাৰ্যই কৈছিল যে”নাৰীৰ সংস্পৰ্শলৈ আহিলে নাৰীক বুজিব পাৰিব লাগিব”।
       ৰাভাদেৱৰ জীৱনলৈও বহুকেইগৰাকী নাৰীৰ প্ৰৱেশ ঘটিছিল।প্ৰগতিশীল আৰু উদাৰদৃষ্টি ভংগীৰ মহান শিল্পী গৰাকীয়ে নাৰীৰ শোষিত আৰু বেদনাময় জীৱনটোৰ কথা অতি ভালদৰে উপলব্ধি কৰিব পাৰিছিল।শিশু
অৱস্থাৰ পৰাই নাৰীক সন্মান দিব জানিছিল কাৰণ সৰুৰে পৰাই তেওঁ মাতৃৰ ধৈৰ্য্য আৰু সহনশীলতাৰ ৰূপটো প্ৰত্যক্ষ কৰিছিল।পিছলৈ বৈপ্লৱিক জীৱনত  তেওঁৰ তিনিগৰাকীকৈ পত্নীৰ পৰা পোৱা অনুপ্ৰেৰণা ,সাহস আৰু
সহযোগিতাৰে নিজৰ কলাসাধন কৰাৰ লগতে কাইটিয়া পথ অতিক্ৰম কৰিবলৈ সক্ষম হৈছিল।
       বিষ্ণুপ্ৰসাদ ৰাভাই গ্ৰাম্য সমাজৰ সহজ সৰল শিপিনী, ৰোৱনী ,দাৱনীসকলৰ মুক্তিৰ বাবে সংগ্ৰাম কৰিছিল।হোজা কৃষক, ৰনুৱা বনুৱা ভাই সকলৰ লগতে নাৰীৰ দুখ দুৰ্দশা আৰু নিস্পেষিত জীৱনৰ যাতনাক মৰ্মে মৰ্মে উপলব্ধি কৰিছিল।নাৰীৰ গুণ গৰিমাৰে যে এখন সুস্থ সবল সমাজ গঢ়ি প্ৰগতিৰ পথৰে আগুৱাই যাব পাৰি সেইকথাও বুজিব পাৰিছিল। স্বাধীনতাৰ পিছতো ভাৰতীয় নাৰীৰ যাতনা তেওঁ স্পষ্টকৈ দেখিছিল।পুজিবাদী সমাজ ব্যৱস্থাত নাৰী পুৰুষ উভয়ে নিৰ্যাতিত,শোষিত আৰু পদদলিত।সেইকাৰণে তেওঁ এই ব্যৱস্থাৰ অৱসান ঘটায় সাধাৰণ  জনতাৰ মুক্তিৰ বাবে সংগ্ৰামত লিপ্ত হৈছিল।তেওঁ মতে ধনতান্ত্ৰিক আৰু পুজিবাদী সকলে কৃষক ,শ্ৰমিক আৰু নাৰী সকলক শোষণ কৰাৰ পথ প্ৰশস্ত কৰিছিল গতিকে শ্ৰেণীহীণ সমাজ এখনৰ সপোন দেখি নাৰী পুৰুষক সমঅধিকাৰ দিবৰ বাবে বিপ্লৱ আৰম্ভ কৰিছিল।এইগৰাকী বিপ্লৱী শিল্পীয়ে কলমৰ লগতে অস্ত্ৰও  হাতত তুলি লৈছিল।বিপ্লৱী পথেৰে অগ্ৰসৰ হোৱা সময়ছোৱাত তেওঁ অনেকবাৰ ৰাজদ্ৰোহৰ অপৰাধত কাৰাবাস খাটিবলগীয়া হৈছিল।ৰজাঘৰীয়াৰ দৃষ্টিৰ পৰা নিজকে আতৰাই অজ্ঞাতবাস খাটি থকা কালছোৱাত তেওঁকেইবাটাও ফৌজ গঠন কৰিছিল।তাৰ ভিতৰত “কৃষক বনুৱা ফৌজ” আৰু “নাৰী মুক্তি ফৌজ”নামে গঠন কৰা ফৌজ দুটাৰ জৰিয়তে অসমৰ সাধাৰণ জনতাৰ মাজত ধনতান্ত্ৰিক আৰু পুজিবাদী সমাজৰ শোষনৰ বিৰুদ্ধে তীব্ৰ আন্দোলন গঢ়ি তুলিছিল।আটাইতকৈ উল্লেখনীয় কথা যে নাৰী মুক্তি আন্দোলনত ৰাভাদেৱৰ দুই পত্নী কনকলতা মেধি মোহিনী ৰাভাই স্বামীক সৰ্বতোপ্ৰকাৰে সহযোগিতা আগবাঢ়িছিল।নাৰীক সাৱলীল কৰি গঢ়ি তুলিবলৈ বিভিন্ন ঠাইত নাৰী মুক্তি সংঘ স্থাপন কৰিছিল।গ্ৰাম্যাঞ্চলৰ  মহিলা সকলৰ মাজত সজাগতা বৃদ্ধি কৰিছিল।তেওঁ লোকে এই কথা বুজাইছিল যে শোষক শ্ৰেণীৰ পৰা মুক্ত হব পাৰিলেহে নাৰীয়ে এদিন সম মৰ্যাদা লাভ কৰিব। ৰনুৱা বনুৱা সকলক উৎসাহিত কৰিবলৈ ৰাভাদেৱে কলমৰ জৰিয়তে অনেক গীত মাত কবিতাৰ সৃষ্টি কৰিছিল।সংগ্ৰামী শিল্পীগৰাকীৰ কালজয়ী প্ৰতিটো গীত আৰু কবিতাই জনতাৰ হৃদয়ত আজিও বাজি আছে।সমগ্ৰ অসমৰ  প্ৰতিটো জাতি জনগোষ্ঠীৰ  নাৰীসকলৰ সকলৰ মন প্ৰাণ জাগ্ৰত কৰিবৰ বাবে তেওঁৰ কলমেৰে নিগৰিত হৈছিল এইদৰে-
   সবলা অবলা হোজা ট্ৰাইবেল নাৰী
    নেথাকিবি তয়ো পিছপৰি
     বুকুত মেঠনি মাৰি তয়ো আগবাঢ়
     নতুন যুগৰ পাতনি মেল
      জাগ ট্ৰাইবেল,জাগ ট্ৰাইবেল।
      জাগিব লাগি তই কছাৰি গাড়ো
      মিকিৰ বড়ো কোঁঁচ,
     পাতিব লাগিব নবমেল
     জাগ ট্ৰাইবেল।”
  এই মহান বৈপ্লৱীক শিল্পী গৰাকীয়ে নাৰী মুক্তিৰ বাবে এইদৰে বিপ্লৱ কৰিছিল।নাৰীৰ প্ৰতি থকা তেওঁৰ সন্মান ,আদৰ আৰু অৱদানক শ্ৰদ্ধাৰে সোঁঁৱৰিছো
বিন্দু ৰাজবংশী কলিতা
            6002876480