সদ্যপ্ৰয়াত মামাৰ স্মৃতিত
বিষাদ
শতাব্দী শৰ্মা,বি বি ৰোড, আমোলাপট্ৰি, নগাঁও
হঠাৎ গুচি যোৱা মানুহ ,
বিচাৰি আনিবলৈ সঞ্জীৱনী সুধা ক’ত পায় ?
মই বিচাৰিছো বাৰীখনৰ আমজোপাৰ তলত দুটি গহীন খোজ ,
মই বিচাৰিছো ৰাস্তাৰ ভিৰত স্কুটিখন ,
মই বিচাৰিছো পূজাই – বিহুৱে জিলিকি থকা চৰিত্ৰটো ,
মই বিচাৰিছো শুনিবলৈ পাওঁ নেকি কৰবাত ” অ’ কৰবী” বুলি মাত দিয়া ,
মই খেপিয়াই আছো আমাৰ সাহসৰ হাতখন,
বিশ্বাসৰ খেৰকুটা,
মুঠিতে মৰম সনা লাৱনি মুখ ,
মই ছেকেণ্ডৰ ভৰত সলনি নোহোৱা মুখখন বিচাৰি আছোঁ ,
অথচ ইমানৰ পিছতো দিগন্তত শুনিছোঁ ,
” ধুইত বেঙী, কিনো বিচাৰি আছ’
তোৰ মামা এতিয়া আকাশৰ তৰা ” ….