বিষাদৰ বতৰা
“”””””””””””””””””””
জীৱনটো যদি সুখৰ কবিতা হ’লে হয়
গুজি ৰাখিলোঁ হয় হৃদয় গহ্বৰত
দুখবোৰক চোবাই চোবাই
মিহলি কৰিলোঁ হয় লেলাৱটিৰ স’তে
ঠিক সুস্বাদু আহাৰৰ দৰে
বিষাদৰ বতাহক গিলি গিলি
বিদায় দিলোঁ হয় তৃষ্ণাক।
বুকুৰ ফুলনিখনত বিবিধ ফুলে
নাচিবাগি থাকোতেই ভূইকপেঁ আমনি কৰে
উজায়, ভটিয়াই অনেক কবিতা
নহ’ল এডোখৰ ঠাই তৎস্বত্বেও
সেই লিহিৰিপতীয়া হৃদয়খনিত,
সন্মূখত নাচি ফুৰা হাঁহিবোৰ
ক’ৰবাত হেৰাই থাকিল।
তিৰবিৰ তৰাৰ খোজৰ শব্দত
মোৰ কত টোপনি খতি হৈছিল
মই য’তবাৰ জুমিজুমি চাইছিলোঁ
ত’তবাৰ লগ পাইছিলোঁ তোমাৰ ভাবনাবোৰ
কি যে নান্দনিক আছিল
তুমি তুমি লগা সেই সুগন্ধিবোৰ !
আত্মহাৰা হও, বলিয়া হও
প্ৰেমত পৰোঁ কবিতাৰ আজিকোপতি।
মাজে সময়ে মোক পহৰা দিয়ে
এমুঠি জোনাকৰ কিৰণে
কিন্তু সিহঁতেও ক্লান্ত হৈ জিৰণি লয়
বিষাক্ত হুমুনিয়াহ বোৰ মেল পাতিছে অনেকবাৰ
সেইবোৰ খঙৰ ভমকত গোটমাৰি পৰিৱৰ্তন হৈছে
বৰফলৈ
গৰম পালে সেইবোৰ গ’লে
বিষাদৰ স্বাদ বৃদ্ধি কৰে।
উভৈনদী মাছ,খেতিভৰা শস্য
পকেট ভৰা টকা
তিনি মহলীয়া ঘৰ
আজি এমুঠি হাঁহিৰ কত হাহাকাৰ
এতিয়া নিশাবোৰক শুৱাই থও আলফুলে
বিচনাত নিদ্রাবোৰ উচুপি থাকে
আৰু মই!
মই একেথৰে চাই ৰওঁ নিশাৰ গভীৰতাক।