বিষাদৰ ধুমুহা- ৰশ্মি ৰেখা দুৱৰা

Pc Psychology Today

(চুটিগল্প)

” বিষাদৰ ধুমুহা”

ৰশ্মি ৰেখা দুৱৰা

ৰাস্তাৰ কাষতে ৰৈ কেইগৰাকীমান ব্যক্তিয়ে লগলাগি আলোচনা কৰি আছে।ইচঃ ইচঃ, ৰামঃ ৰামঃ কিযে হৈ গ’ল ল’ৰাটো ডাঙৰ হ’বই নাপালে প্ৰথম শ্ৰেণী পাইছেহে একো বুজা শক্তি হোৱা নাই।সকলো সপোন যেন পৰিয়ালটোৰ বাবে নিমিষতে ছাৰখাৰ হৈ গ’ল।ৰৈ গ’ল মাথোঁ স্মৃতি। তেনেতে বগা কাপোৰেৰে ঢকা এজন ব্যক্তিক ডাঙি ঘৰ অভিমুখে আগবঢ়াই নিছে দুজন ল’ৰাই।সেই দুজন নিশ্চয় অতি আপোন ব্যক্তিয়ে  হ’ব।পৰিয়ালৰ সকলোৱেই সেই দৃশ্য প্ৰত্যক্ষ কৰি স্তব্ধ হৈ পৰিছে।হঠাতে কি হৈ গ’ল তলকিবই নোৱাৰিলে।পত্নীৰ মুখৰ মাত হেৰাই গৈছে কান্দিব খুজিও যেন কান্দিব পৰা নাই।মাথোঁ থৰ লাগি চাই ৰৈছে,হেঁপাহ পলোৱাই!জীৱনৰ প্ৰতিটো কাঁইটীয়া বাঁট মসৃণ কৰা ব্যক্তিজনে পলকতে কাকো একো নোকোৱাকৈয়ে অচিন দেশলৈ গুচি গ’ল।পিছফালৰ পৰা কোনোবা এগৰাকীয়ে হিয়া ঢাকুৰি বিনাইছে।সেই বিননিতহে পত্নীৰ কান্দোন ফুটি উঠিছে।সেই বিননি নুশুনা হ’লে হয়তো স্বামীৰ মুখখনিকে স্তব্ধ হৈ অলপপৰ চাই ৰ’ল হয়।

       স্বামী,পত্নী,পুত্ৰৰ সৈতে সুখ-শান্তিৰে চলি থকা পৰিয়ালটোলৈ যেন হঠাতে এজাক প্ৰকাণ্ড ধুমুহাৰ আগমন ঘটিল।সেই জোকাৰণিতে সকলো চূৰ্ণ- বিচূৰ্ণ হৈ গ’ল।আশাবোৰ ফুলিব ধৰোঁতে কলিতেই মৰহিল।পুত্ৰৰ কোনো বুজা শক্তি হোৱা নাছিল বাবেই ঘৰত বহু মানুহৰ সমাগম দেখা পাই স্ফূৰ্তি পাইছে,খেলিছে,দৌৰিছে ইত্যাদি।কিন্তু,পত্নীৰ বুকুত একুৰা অগ্নি দপদপকৈ জ্বলিছে।এফালে অকলশৰে জীয়াই থকাৰ যন্ত্ৰণা আনফালে পুত্ৰক পিতৃৰ অবিহনে মানুহ কৰাৰ যন্ত্ৰণা।কেনেকৈ পঢ়াব,উপাৰ্জন ক’ৰ পৰা কৰিব নানা চিন্তাৰ আৱৰ্তত।
যিদিনা ৰৈ থকা ট্ৰাকখনত মটৰচাইকেল আৰোহী জনৰ সংঘৰ্ষ হৈছিল।সেই মৰ্মান্তিক দুৰ্ঘটনাটোৱে পৰিয়ালটোলৈ অমানিশা নপাইছিল। পৰৱৰ্তী সময়ত অমানিশাৰ আচ্ছাদন ফালিয়ো পূৰ্ণিমাৰ জোন বিচাৰিবলৈ পত্নী ব্যৰ্থ হৈ পৰিছিল। মানুহৰ সমাগম শেষ হোৱাত পুত্ৰই দেউতাকক দেখা নোপাৱাত মাতৃক প্ৰশ্ন কৰিছে।
–মা’, দেউতা ক’ত গ’ল?সেইদিনা দেউতাক কান্ধত তুলি মানুহবোৰে ক’লৈ লৈ গ’ল?
মাতৃৰ মূৰৰ ওপৰত যেন আকাশখন খহি পৰিল মুখৰ পৰা মাত নোহোৱা হৈ গ’ল।কি উত্তৰ দিব পুত্ৰক।মাতৃয়ে পুত্ৰক বুকুত সোমোৱাই হুকহুকাই কান্দি ক’লে যে, দেউতাই আমাৰ দুয়োকে তৰাহৈ চাই থাকিব দূৰ আকাশৰ পৰা তুমি আৰু মোক চকলেট লাগে বুলি আমনি নকৰিবা সোণ,তুমি ভালদৰে পঢ়িব লাগিব।তেনেকৈ কৈ স্বামীৰ হাঁহিৰে ভৰা মুখখনলৈ মনত পৰি থৰ লাগি ৰ’ল।