বিষাদৰ তমসা
ৰশ্মি ৰেখা দুৱৰা
কলিয়া ডাৱৰে আকাশখন ছানি ধৰিছে
ডাৱৰবোৰ আঁতৰিবনে ?
দবাপিটা বৰষুণজাক দেখোন
উজাই আহিছে।
ৰৈ যোৱানা মোৰ চোতালত
ধুই নিকা কৰি নিয়া
চৌপাশৰ মলিনতাবোৰ,
অপ্ৰকাশিত কিছু কথা
তোমাৰ লগতেই লৈ যোৱা।
কথাবোৰ বতাহতেই উৰি যায়
হাজাৰজনৰ সন্মুখলৈ
মানৱৰ আগত
মুখাখন খুলাৰ সাহস নাই।
সৌৱা চোৱা প্ৰচণ্ড ধুমুহাজাক
জোৰকৈ বলিছে
চূৰ্ণ-বিচূৰ্ণ কৰি নিয়া
বিষাদৰ তমসাবোৰ।
