বিষাদৰ অনুভূতি – মৃদুলা বৰুৱা

PC- Pexels
বিষাদৰ অনুভূতি
মৃদুলা বৰুৱা, তেজপুৰ
কেতিয়াবা
মনৰ অনুভূতিবোৰ শিল হৈ পৰে
বুজাব নোৱাৰি
বুজিবও নোৱাৰি
হৃদয়ে মাথোঁ কঢ়িয়াই ফুৰে
দুখৰ চকুপানী,
স্মৃতিবোৰ বৈ আহে
বিষাদৰ ঢল হৈ
কলিজাৰ কোণত থিতাপি লয়,
যʼত সপোনবোৰে বাস কৰিছিল
তাহানিতে…