বিষাক্ত ৰজনী
ৰিচা গগৈ
২ নং দিখাৰী মৰাণ গাঁও, ডিব্ৰুগড়
জানা প্ৰিয়,
ভালপোৱাৰ ৰং হেনো ৰঙা
কিন্তু অশ্লীল নহয়।
শৰীৰৰ বাসনাত মাতাল প্ৰেমিকে নাজানে
জোনাক সৰা ৰজনীৰ বুকুত
ভালপোৱাৰ হেঁপাহ কি।
তুমি ধুৰন্ধৰ নহয় প্ৰিয়,
তুমি হেনো প্ৰেম কৰা
উজ্জ্বল দুচকুৰ প্ৰেমত পৰা।
কিন্তু প্ৰিয়…
সেই বিষাক্ত ৰজনীটোৰ কথা
তুমি পাহৰিলা নেকি ?
প্ৰশ্ন নকৰোঁ তোমাক
উত্তৰত তুমি মোক
অপবাদেৰে উপচাই পেলাবা।
তুমি প্ৰচাৰ কৰিবা মাথোঁ
তিক্ত প্ৰেমৰ উন্মাদ ভৰা
বিষাক্ত প্ৰেয়সীৰ কথা ।