বিশ্ব হিন্দু পৰিষদ বজৰংগ দল- নলবাৰী ৰাইজৰ সহযোগত দুই মহান ব্যক্তিক শ্ৰদ্ধাঞ্জলি জ্ঞাপন
ৰঙিলী বাৰ্ত্তাসেৱা- নলবাৰী জিলাৰ জনপ্ৰিয় কন্ঠশিল্পী,গীতিকাৰ,সুৰকাৰ,বিশিষ্ট সমাজকৰ্মী, প্ৰজ্ঞা ফাউণ্ডেচন নলবাৰীৰ কাৰ্য্যকৰ্তা,দক্ষিণ নলবাৰী কলেজৰ প্ৰবক্তা তথা বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ এগৰাকী অতি শুভাকাংক্ষী অমৰ কিৰন (দিপন) দাই কালি ইহলিলা সম্বাৰন কৰে৷ আন এগৰাকী শুভাকাংক্ষী অমৰ নাথ ভোলে সেৱা দলৰ সভাপতি সদ্য প্ৰয়াত বিষ্ণু সুত্ৰধৰ৷ এওলোক দুয়োজনৰে মৃত্যুত গভীৰ শ্ৰদ্ধাঞ্জালী জ্ঞাপন কৰি বিশ্ব হিন্দু পৰিষদ বজৰংগ দল নলবাৰী জিলাৰ ফালৰ পৰা আজি নলবাৰী গোলপাৰ্ক (সদৰ থানাৰ সন্মুখ)ত বন্তি প্ৰজ্বলন আৰু শ্ৰদ্ধাঞ্জলি অনুষ্ঠিত কৰা হয়৷ উক্ত শ্ৰদ্ধাঞ্জলি কাৰ্য্যসূচীত উপস্থিত থাকে- বিশ্ব হিন্দু পৰিষদ বজৰংগ দলৰ উত্তৰ প্ৰান্তৰ সহ ধৰ্ম প্ৰচাৰ প্ৰমুখ অনুপ দাস, বিশ্ব হিন্দু পৰিষদ নলবাৰী জিলাৰ সম্পাদক ভাস্কৰ ডেকা, সহ সম্পাদক বিজু দত্ত,উপ সভাপতি মানস পাটগিৰি, বজৰংগ দলৰ সংযোজক নয়ন তালুকদাৰ, মিলন কেন্দ্র প্ৰমুখ মিলন তালুকদাৰ,অমৰনাথ ভোলে সেৱা দলৰ সভাপতি গোকুল মহন্ত, উপসভাপতি অতুল বৰ্মন, মহাৰুদ্ৰ কাৱাৰীয়া সংঘৰ সম্পাদক ৰাজীৱ চৌধুৰী, যুৱ নেতা দিগন্ত মিশ্ৰ, অনুপম ডেকা,জিনেন্দ্ৰ জৈন,সাংবাদিক ,সতীৰ্থ সকল আদি কৰি প্ৰায় শতাধিক ৰাইজ উপস্থিত থাকি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰে ।