বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ জিলা সমূহলৈ অযোধ্যাৰ শ্ৰীৰামজন্ম ভূমি মন্দিৰৰ পৰা অহা অক্ষত কলহ বিতৰণ

বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূব প্ৰান্তৰ জিলা সমূহলৈ অযোধ্যাৰ শ্ৰীৰামজন্ম ভূমি মন্দিৰৰ পৰা অহা অক্ষত কলহ বিতৰণ

ৰঙিলী বাৰ্ত্তাসেৱা-  বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ কাৰ্য্যালয় উলুবাৰীৰ বৰঠাকুৰ মিল পথত অৱস্থিত পাঞ্চজন্য ভৱনত আজি ৰাম মন্দিৰৰ প্ৰাণ প্রতিষ্ঠা উপলক্ষে অযোধ্যাৰ শ্ৰীৰাম জন্মভূমি মন্দিৰৰ পৰা অহা অক্ষত কলহ সমূহ উত্তৰ-পূৱ প্ৰান্তৰ ৩৬ খন জিলালৈ বিতৰণ কৰা হয়। অক্ষত কলহ বিতৰণ অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদৰ গুৱাহাটী ক্ষেত্ৰতৰ ক্ষেত্ৰ সংগঠন মন্ত্রী ড° দিনেশ তিৱাৰীৰ লগতে বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ সভাপতি তথা অৱসৰপ্ৰাপ্ত ভাৰতীয় প্রশাসনিক বিষয়া পৰমেশ দত্ত, সম্পাদক ব্রজজ্যোতি শর্মা, প্রান্ত সংগঠন মন্ত্রী হাৰসিং টেৰণ, সহঃ সম্পাদক বিধান চন্দ্ৰ দেৱৰয়, সেৱা প্রমুখ মুন্নীন্দ্ৰ ডেকা (মুন) সহঃ গোৰক্ষা প্রমুখ অংকুৰ বেজবৰুৱা উপস্থিত থাকে। বিতৰণ কাৰ্য্যসূচীৰ আতধৰি ক্ষেত্ৰ সংগঠন মন্ত্রী ড° দিনেশ তিৱাৰীয়ে কয় যে অক্ষত কলহত থকা অক্ষত চাউল ভগবান ৰামচন্দ্ৰৰ ফটো, ৰাম জন্মভূমি মন্দিৰৰ পৰা অহা গোঁহাৰী পত্ৰ উত্তৰ-পূৱ প্ৰান্ত সমূহ গাঁও, নগৰ, চহৰ, বস্তিত থকা প্ৰত্যেক ঘৰে ঘৰে অহা ইংৰাজী ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰিলৈ বিতৰণ কৰা হব। ৰাম মন্দিৰত ২২ জানুৱাৰীৰ প্ৰাণ প্ৰতিষ্ঠাৰ প্ৰতি লক্ষ্য ৰাখি ১ জানুৱাৰীৰ পৰা ১৫ জানুৱাৰীলৈ সৰ্বস্পৰ্শি, সর্বব্যাপি সম্পর্ক অভিয়ান চলোৱা হব। আজিৰ অক্ষত কলহ বিতৰণ অনুষ্ঠানত বিশ্ব হিন্দু পৰিষদৰ উত্তৰ-পূৱ প্ৰান্তৰ ৩৬ খন জিলাৰ সভাপতি, সম্পাদকৰ লগতে ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জিলা স্তৰৰ কাৰ্যকৰ্ত্তা সকল উপস্থিত থাকে।